ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Jul 7, 2021, 1:03 PM IST

1 বজাৰ শীৰ্ষ দহটা বাতৰি
1 বজাৰ শীৰ্ষ দহটা বাতৰি

নতুন মন্ত্ৰালয় গঠনৰ ঘোষণা কেন্দ্ৰৰ

সমবায় ক্ষেত্ৰৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি নতুন মন্ত্ৰালয় গঠনৰ ঘোষণা কেন্দ্ৰৰ ৷ সহযোগিতা মন্ত্ৰালয়(Ministry of Co-operation) গঠনৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই ৷ এই মন্ত্ৰালয়ে দেশৰ সমবায় আন্দোলনক শক্তিশালী কৰি তুলিব বুলি আশা প্ৰকাশ কেবিনেট সচিবালয়ৰ ৷

দিলীপ কুমাৰৰ দেহাৱসান: প্ৰকৃত ইউছুফ ছৰৱাৰ খানৰ বিষয়ে চমু আভাস

ধৰ্মনিৰপেক্ষ ভাৰতৰ এক জীৱন্ত প্ৰতীক স্বৰূপ তথা হিন্দী ছবি জগতৰ কিংবদন্তী অভিনেতা দিলীপ কুমাৰে বুধবাৰে মুম্বাইৰ পিডি হিন্দুজা চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে । ১৯৪০ৰ দশকৰ আৰম্ভণিতে হিন্দী ছবি জগতত এজন ব্যতিক্ৰমী নৱাগত অভিনেতা হিচাপে অভিনয় জীৱনৰ পাতনি মেলিছিল ।

মমতা বেনাৰ্জীক 5 লাখ টকাৰ জৰিমনা

নন্দীগ্ৰাম গোচৰত 5 লাখ টকাৰ জৰিমনা মমতা বেনাৰ্জীক ৷ কলকাতা উচ্চ ন্যায়ালয়ে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীক 5 লাখ টকাৰ জৰিমনা বিহিছে ৷

5.2 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে ৰাজ্য

বুধবাৰে পুৱা 8.45 ত 5.2 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে ৰাজ্য ৷ ভূমিকম্পৰ অভিকেন্দ্ৰ গোৱালপাৰা জিলা ৷

শোণিতপুৰত বুধবাৰৰে পৰা বলৱৎ লক ডাউন...

ৰাজ্যৰ ৭ খন জিলাত নতুনকৈ জাৰি কৰা হৈছে লক ডাউন ৷ শোণিতপুৰ জিলাত বুধবাৰৰ পৰা কাৰ্যকৰী হ’ব এই লক ডাউন (Lockdown) ৷ অৰ্থাৎ জিলাখনত সম্পূৰ্ণ কনটেইনমেণ্ট জ’ন (Complete containment zone) ঘোষণা কৰা হৈছে । অৱশ্যে নিষেধাজ্ঞাৰ মাজতে ৰেহাই দিয়া হৈছে কিছু ব্যৱসায়িক প্ৰতিষ্ঠানক ৷

GMCH ত ২০০ খন ICU যুক্ত বিচনা মুকলি মুখ্যমন্ত্ৰীৰ

ক’ভিডোত্তৰ জটিলতাত ভোগা ৰাজ্যখনৰ ৰোগীসকলক প্রয়োজন সাপেক্ষে অক্সিজেন যোগান ধৰিব পৰাকৈ প্ৰতিখন জিলাতে অক্সিজেন কনচেণ্ট্ৰেটৰ বেংক স্থাপনৰ বাবে বেচৰকাৰী সংস্থাৰ সৈতে সহযােগিতাৰে কাম কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্রীয় স্বাস্থ্য মিছন (National Health Mission) অসমৰ অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মণনক নির্দেশ দিয়ে ।

ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

দেশত অব্যাহত আছে কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ সংহাৰ ৷ কৰ’ণাৰ ভয়াৱহতাৰ ফলত দেশৰ কেবাখনো ৰাজ্যত লকডাউন ঘোষণা কৰাৰ লগতে বহু ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷

JEE Main পৰীক্ষাৰ তাৰিখ ঘোষণা

ঘোষণা কৰা হ'ল JEE Main পৰীক্ষাৰ তাৰিখ ৷ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালে ঘোষণা কৰিলে পৰীক্ষাৰ তাৰিখ ৷ JEE Mainৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা 20 জুলাইৰ পৰা পৰা 25 জুলাইলৈ অনুষ্ঠিত হোৱাৰ বিপৰীতে 27 জুলাইৰ পৰা 2 আগষ্টৰ ভিতৰত অনুষ্ঠিত হ'ব চতুৰ্থ পৰ্যায়ৰ পৰীক্ষা ৷

নতুন SOP অনুসৰি কি কি নীতি-নিয়ম প্ৰযোজ্য হ’ব আপোনাৰ জিলাত

স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই মঙলবাৰে সংবাদমেল যোগে ঘোষণা কৰিলে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা । তিনিটা ভাগত ভাগ কৰা জিলা সমূহৰ বাবে সুকীয়া হ’ব ক’ভিড নীতি ৷

ICC-ৰ মহিলা এদিনীয়া খেলুৱৈ ৰেংকিঙৰ শীৰ্ষ স্থানত মিথালী ৰাজ

২২ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত অষ্টমবাৰৰ বাবে আইচিচি (ICC) মহিলা এদিনীয়া খেলুৱৈ ৰেংকিঙৰ শীৰ্ষ স্থানত অৱতীৰ্ণ মিথালী ৰাজ । ২০০৫ চনৰ এপ্ৰিল মাহত পটচেফষ্ট্ৰুমত অনুষ্ঠিত আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে অপৰাজিত ৯১ ৰাণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে তেওঁ শীৰ্ষ স্থানত উপনীত হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.