ETV Bharat / state

এক বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP 10 AT 1 PM

এক বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 AT 1 PM
এক বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Jun 28, 2020, 1:00 PM IST

জলমগ্ন কাজিৰঙা : বাগৰি বনাঞ্চলত উদ্ধাৰ গঁড়ৰ মৃতদেহ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমে বৃদ্ধি পাইছে বানৰ প্ৰকোপ । ইয়াৰ লগতে বৃদ্ধি পাইছে বানাক্ৰান্ত বন শিবিৰৰ সংখ্যা ৷ ৰাজ্যত তীব্ৰ ৰূপ ধাৰণ কৰা বানত শেহতীয়াকৈ 24 ঘন্টাৰ ভিতৰত আৰু 8 টা বনশিবিৰ জলমগ্ন হোৱাত বানত আক্ৰান্ত বনশিবিৰৰ সংখ্যা বৃদ্ধি পালে 70 টাৰ পৰা 78 টালৈ ৷

টীয়কত পানী যোগান আঁচনিৰ কামত অনিয়মৰ অভিযোগ

টীয়কত জনস্বাস্থ্য কাৰিকৰী বিভাগত চৰকাৰী ধন লুণ্ঠনৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যোৰহাট উপ-সংমণ্ডল কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীয়ে, পানী যোগান আঁচনিৰ অন্তৰ্ভুক্ত মেৰামতিৰ কামৰ বাবে আৱণ্টিত ধন আত্মসাৎ কৰিছে ৷

ডিমাপুৰত নাগালেণ্ডৰ স্বাস্থ্যমন্ত্ৰীয়ে মুকলি কৰিলে 'BSL-2' গৱেষণাগাৰ

কোভিড-১৯ ৰ পৰীক্ষা ক্ষীপ্ৰতৰ কৰাৰ বাবে নাগালেণ্ডত মুকলি হ'ল দ্বিতীয়টো 'BSL-2' গৱেষণাগাৰ । ইয়াৰ পূৰ্বে বিগত মাহত কোহিমাৰ অ'কিং হাস্পতালত এটা 'BSL-3' গৱেষণাগাৰ মুকলি কৰা হৈছিল ।

চাৰিদিনলৈ বন্ধ মৰঙি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু মৰঙী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়

গোলাঘাটত ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে ক'ভিড 19 ৰ গণ সংক্ৰমণৰ আশংকা । ক'ভিড 19ৰ সংক্ৰমণৰ আশংকাত চাৰিদিনৰ বাবে বন্ধ কৰা হৈছে মৰঙি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু মৰঙী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ।

বাঢ়নী পানীয়ে ভাবুকি কঢ়িয়াইছে বৰমাৰ মৰা পাগলদিয়া নৈ বান্ধলৈ

বাক্সা জিলাৰ বৰমাত মৰা পাগলদিয়া নদীৰ বাঢ়নী পানীয়ে অঞ্চলটোত তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে ৷ শুকুৰবাৰে নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে নদীখনৰ জলস্তৰ ৷ নদীৰ জলস্তৰে ভাবুকি কঢ়িয়াই আনিছে মৰা পাগলদিয়া নৈৰ বান্ধলৈ ৷

পাকিস্তানত আৱদ্ধ ২০৮ ব্যক্তি উপস্থিত আট্টাৰি-ৱাঘা সীমান্তত

লক ডাউনৰ পূৰ্বে পাকিস্তানলৈ গৈ আৱদ্ধ হৈ থকা ২০৮ গৰাকী ব্যক্তি শনিবাৰে অমৃতসৰৰ আট্টাৰি-ৱাঘা সীমান্ত হৈ ভাৰতত উপস্থিত হয় বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । পাকিস্তানত আৱদ্ধ হৈ পৰা ৭৪৮ গৰাকী ভাৰতীয়ই পাকিস্তানৰ পৰা নিজ দেশলৈ ঘূৰি আহিবলৈ পঞ্জীয়ন কৰে বুলিও সদৰি কৰে ।

চীনৰ কোম্পানীৰ বিৰুদ্ধে সৰব জোমেটোৰ কৰ্মচাৰী, জ্বলাই দিলে টি-চাৰ্ট

ভাৰত-চীনৰ সংঘৰ্ষৰ ফলত শ্বহীদ হোৱা ২০ গৰাকী জোৱানৰ প্ৰতিবাদত শনিবাৰে কলকাতাৰ জোমেটো খাদ্য বিতৰণ কৰা একাংশ কৰ্মচাৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদত কৰ্মচাৰী সকলে কৰ্মৰত প্ৰতিষ্ঠানটোৰ টি-চাৰ্ট জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও চীনৰ অংশদাৰিত্ব থকা জোমেটোৰ পৰা শীঘ্ৰে অব্যাহতি ল'ব বুলিও মত প্ৰকাশ কৰে ।

তেলেংগানাত ২৪ ঘণ্টাত ১,০৮৭ গৰাকী ব্যক্তিৰ দেহত কৰ'ণাৰ অৱস্থিতি

দেশজুৰি বৃদ্ধি পাইছে কৰ'ণাৰ সংহাৰ । শনিবাৰে তেলেংগানাত ১,০৮৭ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে মহামাৰী কৰ'ণাৰ উপস্থিতি । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত কৰ'ণা আক্ৰান্তৰ সংখ্যা মুঠ ১৩,৪৩৬ গৰাকীলৈ বৃদ্ধি পাই বুলি সদৰি কৰে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে । লগতে ৰাজ্যখনত কৰ'ণাত আক্ৰান্ত হৈ বৰ্তমানলৈকে ২৪৩ গৰাকী লোকৰ মৃত্যু হৈছে বুলিও উল্লেখ কৰে ।

নলবাৰীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ব্যাপক কেলেংকাৰী

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী । বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ ছত্ৰছায়াত সংঘটিত হৈছে এই কেলেংকাৰী । এই অভিযোগ নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনৰ ।

পাকিস্তানে সদিচ্ছাৰ নামত মৰীচিকাৰ সৃষ্টি কৰি আছে

শনিবাৰে পাকিস্তানী বৈদেশিক মন্ত্ৰী শ্বাহ কুৰেশ্বীয়ে টুইট কৰি কয়- “যিহেতু সমগ্ৰ পৃথিৱীতে উপাসনাস্থলীসমূহ খোলা হৈছে, গতিকে পাকিস্তানেও সকলো শিখ তীৰ্থযাত্ৰীৰ বাবে ২৯ জুনত মহাৰাজা ৰঞ্জিত সিঙৰ মৃত্যু বাৰ্ষিকী উপলক্ষে কৰ্তাৰপুৰ চাহিব কৰিডৰ পুনৰ মুকলি কৰাৰ বাবে সাজু হৈছে ।” কিন্তু ভাৰতৰ মতে পাকিস্তানে সদিচ্ছাৰ এক ভুৱা ভাবমূৰ্তি সৃষ্টি কৰাৰ বাবেহে চেষ্টা চলাইছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.