যোৰহাট উপায়ুক্ত কাৰ্যালয়ৰ দুজনকৈ কৰ্মচাৰী কোভিড 19 পজিটিভ
যোৰহাট উপায়ুক্ত কাৰ্যালয়ৰ দুজনকৈ কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কোভিড 19ৰ বীজাণু ৷ ইয়াৰ পিছতেই প্ৰশাসনে বাকীজাই,এন আৰ চি আৰু ভূমি অভিগ্ৰহণ আৰু অধিগ্ৰহণ বিভাগ তিনিটা কন্টেইনমেন্ট জ’ন ঘোষণা কৰি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে ৷
কৃষ্ণেন্দু পালৰ আৰোগ্য লাভৰ বাবে যজ্ঞৰ আয়োজন
কৃষ্ণেন্দু পালৰ আৰোগ্য লাভৰ বাবে যজ্ঞৰ আয়োজন দলীয় কৰ্মী তথা সমৰ্থকৰ ৷ স্থানীয় মেদলি(সেপেনজুৰি)চাহ বাগিচাৰ শিব মন্দিৰত আয়োজন কৰা হয় মহা মৃত্যুঞ্জয় যজ্ঞৰ ৷
বি পি এফৰ পতাকা আজিকালি শৌচালয়ত পোৱা যায়-পৃথিৰাজ মেচ
বাক্সাৰ ২৭নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত ইউ পি পি এল দলৰ কেইবাখনো সভাত পৃথিৰাজ মেচ । বিপিএফক দলক কঠোৰ সমালোচনা মুখপাত্ৰগৰাকীৰ ৷
বিদ্যুৎ সংযোগ নাই,কিন্তু গ্ৰাহকলৈ আহিল বিদ্যুতৰ বিল
বিদ্যুৎ সংযোগ লাভ নকৰাকৈ গ্ৰাহকৰ নামত আহিল বিদ্যুতৰ মাছুলৰ বিল ৷ কেইবাটাও পৰিয়ালৰ নামত দুই তিনি মাহৰ পৰা আহি আছে বিদ্যুতৰ মাহেকীয়া মাছুল ।
কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ প্ৰতিবাদত উত্তাল পানবাৰী
নামচুবুৰী পানবাৰীৰ পৰা ঢেকীয়াজুলি বিদ্যুৎ উপ-সংমণ্ডলৰ ২নং কাৰ্যালয় হৈ ঢেকীয়াজুলি নগৰলৈ যোৱা পথছোৱা নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমে ৷ ইয়াৰ উপৰিও কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰে প্ৰতিবাদকাৰী সকলে ৷
পশ্চিমবংগত ভ্ৰাম্যমাণ দলৰ দুৰ্দশা
পশ্চিমবংগত কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে ভ্ৰাম্যমাণ নাটকৰ জৰিয়তে পৰিয়াল পোহপাল দিয়া কলা-কুশলীসকল । মহামাৰী কৰ'ণাৰ বাবেই সমগ্ৰ দেশজুৰি কোনো ধৰণৰ উৎসৱ-পাৰ্বন উদযাপন নোহোৱাত বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰ বাবেই আৰ্থিক সমস্যাত ভুগিছে কলা-কুশলীসকল ।
চাইনীজ বিজুলী মিটাৰত নিষেধাজ্ঞা মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ
দেশত অব্যাহত আছে চীনা সামাগ্ৰী বহিষ্কাৰৰ অভিযান । এই ক্ষেত্ৰত এইবাৰ তৎপৰ হৈছে উত্তৰ প্ৰদেশৰ ৰাজ্য চৰকাৰ । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্যনাথৰ চীনা পাৱাৰ মিটাৰ বা বিজুলী মিটাৰ ব্য়ৱহাৰত নিষেধাজ্ঞা প্ৰদান । আনকি শক্তি বিভাগক বিগত বৰ্ষত দিয়া চীনা বিজুলী মিটাৰ ইত্য়াদি সামগ্ৰীৰ চুক্তি সমূহো বাতিল কৰাৰ নিৰ্দেশ ।
কোভিড-১৯ক মমতা বেনাৰ্জীৰ অধ্যক্ষতাত সৰ্বদলীয় বৈঠক
দেশৰ আন আন ৰাজ্যসমূহৰ লগতে পশ্চিম বংগত প্ৰতিদিনে বৃদ্ধি পাইছে কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা। এইপৰ্যন্ত ৰাজ্যখনত মুঠ ১৪,৩৫৮ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে। আনহাতে,এই মহামাৰীৰ ফলত মৃত্যুমুখত পৰিছে ৫৬৯ গৰাকী ৰোগী।
লা লিগা : এথলেটিকক 1-0 ব্যৱধানত পৰাস্ত বাৰ্চিলোনাৰ
এথলেটিক বিলবাওৰ বিৰুদ্ধে মেচত বাৰ্চিলোনাৰ হৈ একমাত্ৰ গ'লটো দিয়ে ইভান ৰেকিটিকে ৷ ৰেকিটিকৰ 71 মিনিটৰ গ'লটোৰ ফলত বাৰ্চিলোনাই জয় লাভেৰে 3 পইন্ট সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷
জনিয়াৰ ৰামপুৰত বনৰজাৰ আতংক
জনিয়া সমষ্টিৰ অন্তৰ্গত ৰামপুৰৰ মুক্তাৰ হুছেইন নামৰ লোকজনৰ ঘৰত মঙলবাৰে দুটাকৈ বাঘে মুক্ত বিচৰণ কৰে । এই সন্দৰ্ভত ইতিমধ্যে বন বিভাগত অৱগত কৰিছে লোকজনে ।