ETV Bharat / state

ট'কিঅ' অলিম্পিকৰ চীফ দ্য মিছন বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক সম্বৰ্ধনা

author img

By

Published : Aug 25, 2021, 8:48 PM IST

বুধবাৰে চীফ দ্য মিছনৰ দায়িত্বৰে টকিঅ' অলিম্পিকত বিশ্বৰ বুকুত ভাৰতবৰ্ষক উজ্জ্বলাই তোলা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক অভিনন্দন জনায় অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই ।

ট'কিঅ' অলিম্পিকৰ চীফ দ্য মিছন বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক সম্বৰ্ধনা
ট'কিঅ' অলিম্পিকৰ চীফ দ্য মিছন বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক সম্বৰ্ধনা

গুৱাহাটী, ২৫ আগষ্ট : সদ্যসমাপ্ত টকিঅ' অলিম্পিকত ভাৰতীয় দলৰ চীফ দ্য মিছনৰূপে ভাৰতীয় দলটোৰ নেতৃত্ব বহন কৰা ভাৰতীয় অলিম্পিক সন্থাৰ জ্যেষ্ঠ উপ সভাপতি, দেশৰ বিশিষ্ট ক্ৰীড়া সংগঠক, অসম গণ পৰিষদ দলৰ ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক দলৰ আমবাৰীস্থ মুখ্য কাৰ্যালয়ত অসম গণ পৰিষদৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয়।

tokyo-olympics-chief-the-mission-birendra-prasad-vaishya-felicitation

চীফ দ্য মিছনৰ দায়িত্বৰে টকিঅ' অলিম্পিকত বিশ্বৰ বুকুত ভাৰতবৰ্ষক উজ্জ্বলাই তোলা বৈশ্যক অভিনন্দন জনায় অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই ।

উক্ত অনুষ্ঠানত দলৰ কেইবাগৰাকী বিধায়কৰ লগে উপ-সভাপতি, সাধাৰণ সম্পাদক , মুখপাত্ৰ, অসম গণ পৰিষদৰ ভাতৃ সংগঠনৰ বিষয়ববীয়া তথা অন্যান্য জ্যেষ্ঠ নেতাসকলো উপস্থিত থকা দেখা যায় ৷

উল্লেখ্য যে, টকিঅ’ অলিম্পিকত পদক অৰ্জনৰে দেশৰ লগতে অসমৰো নাম উজলাবলৈ সক্ষম হৈছে লাভলীনা বৰগোঁহায়ে ৷ বক্সিঙত ব্ৰঞ্জৰ পদক লাভেৰে ক্ৰীড়া ইতিহাসত নিজৰ নাম খোদিত কৰিছে লাভলীনাই ৷ লাভলীনা হৈছে অসমৰ প্ৰথম গৰাকী মহিলা অলিম্পিক খেলুৱৈ আৰু অলিম্পিকত পদক লাভ কৰা প্ৰথম অসমীয়া ৷

লগতে পঢ়কঃ অসমীয়াৰ স্বাভিমান গমোচাক অপমান; ভিডিঅ’ ভাইৰেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.