ETV Bharat / state

Task Force: গুৱাহাটীত টাস্ক ফ'ৰ্চ গঠনৰ নামত চৰম ভেকোভাওনা - ranjit kumar das

কিমান সক্ৰিয় টাস্ক ফ'ৰ্চ (Task Force) ? এদিনতে নিষ্ক্ৰিয় হ’ল নেকি টাস্ক ফ'ৰ্চ (Task Force) ?

task force
গুৱাহাটীত টাস্ক ফ'ৰ্চ গঠনৰ নামত চৰম ভেকোভাওনা
author img

By

Published : Nov 19, 2021, 8:18 PM IST

গুৱাহাটী, 19 নৱেম্বৰ : গুৱাহাটীত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে কামৰূপ মহানগৰ জিলা উপায়ুক্তই জিলা প্ৰশাসনৰ অধীনত গঠন কৰা হৈছে টাস্ক ফ'ৰ্চ (Task Force) ৷ কিন্তু প্ৰকৃততে টাস্ক ফ'ৰ্চৰ দ্বাৰা কিমান লাভাম্বিত হৈছে সাধাৰণ ৰাইজ ? মাত্ৰ এটা দিনৰ পূৰ্বে গঠন হোৱা টাস্ক ফ'ৰ্চ নিষ্ক্ৰিয় হোৱাৰহে অভিযোগ উত্থাপন হৈছে ।

অভিযোগ অনুসৰি, মানুহক দেখুওৱাৰ বাবেহে যেন কামৰূপ মহানগৰ জিলা উপায়ুক্তই জিলা প্ৰশাসনৰ অধীনত টাস্ক ফ'ৰ্চ (Task Force) গঠন কৰিছিল । উল্লেখ্য যে, বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তই জিলা প্ৰশাসনৰ অধীনত টাস্ক ফ'ৰ্চ (Task Force) গঠন কৰি বজাৰত অভিযান চলাবলৈ নিৰ্দেশ দিছিল ৷ মহানগৰ জিলা প্ৰশাসনৰ অতিৰিক্ত জিলা উপায়ুক্ত লক্ষ্যজ্যোতি দুৱাৰা, অতিৰিক্ত জিলা উপায়ুক্ত জিন্তু বৰা আৰু অতিৰিক্ত জিলা উপায়ুক্ত ভাস্কৰজ্যোতি কলিতাকলৈ তিনিটা টাস্ক ফ'ৰ্চ গঠন কৰা হৈছিল ।

task force
কিমান সক্ৰিয় টাস্ক ফ'ৰ্চ

গুৱাহাটীৰ মাছখোৱা, ফাঁচীবজাৰ, ভঙাগড় আৰু উলুবাৰী বজাৰ এলেকা সামৰি অতিৰিক্ত জিলা উপায়ুক্ত লক্ষ্যজ্যোতি দুৱাৰাৰ নেতৃত্বত এটা টাস্ক ফ'ৰ্চ গঠন কৰা হৈছিল । আকৌ গুৱাহাটীৰ গোশালা, পাণ্ডু, মালিগাঁৱ, জালুকবাৰী, আজাৰা বজাৰ এলেকাটো সামৰি অতিৰিক্ত জিলা উপায়ুক্ত ভাস্কৰজ্যোতি কলিতাৰ নেতৃত্বত দ্বিতীয়টো টাস্ক ফ'ৰ্চ গঠন কৰা হৈছিল । আনহাতে, গুৱাহাটীৰ ছয়মাইল, বেলতলা, বশিষ্ঠ, দিছপুৰ, নাৰেংগী, পাঞ্জাবাৰী আৰু বৰবাৰী এলেকা সামৰি অতিৰিক্ত জিলা উপায়ুক্ত জিন্তু বৰাৰ নেতৃত্বত তৃতীয়টো টাস্ক ফ'ৰ্চ গঠন কৰা হৈছিল ।

লগতে পঢ়ক : ড্ৰাগছকে ধৰি অপৰাধমূলক কাৰ্যত লিপ্ত ছয় গৰাকীক আটক মহানগৰ আৰক্ষীৰ

জিলা অসামৰিক খাদ্য আৰু যোগান বিভাগ বিষয়া , গুৱাহাটী পৌৰ নিগমৰ বিষয়া, জোখমাখ বিভাগৰ বিষয়া আৰু আৰক্ষী বিভাগৰ আৰক্ষী বিষয়াক লৈ এই টাস্ক ফ'ৰ্চ গঠন কৰা হৈছিল । কিন্তু গুৱাহাটীৰ বজাৰত এই টাস্ক ফ'ৰ্চৰ শুক্ৰবাৰৰ দিনটোত কোনো উপস্থিতি তথা কোনো উমঘাম দেখা নগ'ল । টাস্ক ফ'ৰ্চৰ দায়িত্বত থকা জিলা অসামৰিক খাদ্য আৰু যোগান বিভাগৰ বিষয়া আলতাফ আহমেদ কয় যে, গুৱাহাটী পৌৰ নিগমৰ বিষয়া, জোখমাখ বিভাগৰ বিষয়া আৰু আৰক্ষী বিভাগৰ আৰক্ষী বিষয়াৰ উপস্থিতি নোহোৱাৰ বাবে টাস্ক ফ'ৰ্চ হিচাপে বজাৰত শুক্ৰবাৰৰ দিনটোত অভিযান চলোৱা হোৱা নাই ।

task force
গুৱাহাটীত টাস্ক ফ'ৰ্চ গঠনৰ নামত চৰম ভেকোভাওনা

ইপিনে টাস্ক ফ'ৰ্চৰ দায়িত্বত থকা জিলা অসামৰিক খাদ্য আৰু যোগান বিভাগৰ বিষয়া সুভাষ কুমাৰ শৰ্মা আৰু পৰেশ চহৰীয়াই কয় যে, টাস্ক ফ'ৰ্চৰ দায়িত্বত থকা বেছিভাগ বিষয়া গুৱাহাটীলৈ অহা এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ লগত ব্যস্ত থাকিব লগাৰ বাবে বজাৰত বিশেষ অভিযান চলোৱা হোৱা নাই । যাৰ বাবে জিলা প্ৰশাসনৰ দুৰ্বল ভূমিকাৰ সুযোগ গ্ৰহণ কৰি অসাধু ব্যৱসায়ীয়ে ৷ মহানগৰীত নিজৰ ইচ্ছা মতে সামগ্ৰীৰ দাম বৃদ্ধি কৰি একাংশ ব্যৱসায়ীয়ে লুটি আছে গ্ৰাহকক ।

লগতে পঢ়ক : বিজেপিয়ে এতিয়া ধৰ্মৰ ৰাজনীতি কৰিছে : Wazed Ali Choudhury

জিলা অসামৰিক খাদ্য আৰু যোগান বিভাগৰ বিষয়া পৰেশ চহৰীয়াই প্ৰকাশ কৰা মতে, প্ৰশাসনৰ পৰা গুৱাহাটীৰ বজাৰত প্ৰতি কিলোগ্ৰাম বেংগল আলুৰ খুচুৰা দাম 20 টকা নিৰ্দ্ধাৰণ কৰা আছে । আকৌ প্ৰতি কিলোগ্ৰাম পিয়াজৰ খুচুৰা দাম 45 টকা নিৰ্দ্ধাৰণ কৰা আছে । কিন্তু গুৱাহাটীৰ বজাৰত প্ৰতি কিলোগ্ৰাম বেংগল আলু খুচুৰাকৈ 25 টকা আৰু প্ৰতি কিলোগ্ৰাম পিয়াজ খুচুৰাকৈ 50 টকাৰ পৰা 60 টকা দামত বিক্ৰী হৈ আছে ।

বিগত কিছু দিনত প্ৰতিটো ব্ৰয়লাৰ কণীৰ দাম এটকাকৈ ব্যৱসায়ী সকলে বৃদ্ধি কৰিছে । মনকৰিবলগীয়া যে, কিছুদিন পূৰ্বে খাদ্য আৰু যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে জিলা উপায়ুক্তৰ কাৰ্যালয়ত মূল্যবৃদ্ধিৰ সম্পৰ্কত অনুষ্ঠিত সভাত অংশ লৈছিল । মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে গুৱাহাটীৰ বজাৰবোৰত জিলা প্ৰশাসনে নিৰ্দ্ধাৰণ কৰি সামগ্ৰীৰ দামৰ তালিকা গ্ৰাহকক দেখা পোৱাকৈ বোৰ্ড আৰি থোৱাৰ বাবে নিৰ্দেশ দিছিল । কিন্তু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এই নিৰ্দেশ এতিয়াও কাৰ্যকৰী হোৱা নাই ।

লগতে পঢ়ক : গণতন্ত্ৰৰ ভাষা বুজি নোপোৱা চৰকাৰৰ পৰাজয় হৈছে : শংকৰজ্যোতি বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.