ETV Bharat / state

চৰকাৰী সামগ্ৰী চুৰি কৰি আৰক্ষীৰ জালত এজন অভিযুক্ত

author img

By

Published : Mar 17, 2020, 5:22 PM IST

অতি কৌশলৰে মহানগৰীৰ বিভিন্ন স্থানৰ চৰকাৰী ৱাটাৰ মিটাৰ, পাইপ, তাৰ আদি চুৰি কৰি নতুনকৈ পেকেটিং কৰি বিক্ৰী কৰাৰ অভিযোগত সোমবাৰে নিশা আৰক্ষীয়ে আটক কৰে এগৰাকী অভিযুক্তক ৷

আৰক্ষীৰ জালত পাণ্ডুৰ পংকজ ৰায়
আৰক্ষীৰ জালত পাণ্ডুৰ পংকজ ৰায়

জালুকবাৰী, 17 মাৰ্চঃ সোমবাৰে নিশা জালুকবাৰী আৰক্ষীৰ জালত পৰে এজন অভিযুক্ত চোৰ । ধৃত চোৰটো পাণ্ডুৰ পংকজ ৰায় বুলি জানিব পৰা গৈছে । ধৃত পংকজে অতি কৌশলৰে মহানগৰীৰ বিভিন্ন স্থানৰ চৰকাৰী ৱাটাৰ মিটাৰ, পাইপ, তাৰ আদি চুৰি কৰি নতুনকৈ পেকেটিং কৰি বিক্ৰী কৰে বুলি জানিব পৰা গৈছে । দীৰ্ঘদিনৰ পৰা এনেধৰণৰ উপায়ৰে ধন ঘটি আছিল পংকজ ৰায়ে। কিছুদিন পূৰ্বে মালিগাঁৱৰ গেমনৰ ৱাটাৰ মিটাৰ চুৰি কৰি বিক্ৰী কৰিছিল লোকজনে । আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে পংকজক । ইফালে পংকজৰ চুৰি সামগ্ৰী ক্ৰয় কৰাৰ অভিযোগত জালুকবাৰী আৰক্ষীয়ে নুৰ আলম আৰু হাইনুৰ আলী নামৰ দুজন লোককো গ্ৰেপ্তাৰ কৰে । এই কাৰ্যত আন বহু লোক জড়িত থকাৰ সন্দেহ আৰক্ষীৰ । যাৰ পৰিপ্ৰেক্ষিতত জেৰা অব্যাহত ৰাখিছে জালুকবাৰী আৰক্ষীয়ে ।

চৰকাৰী সামগ্ৰী চুৰি কৰি আৰক্ষীৰ জালত এজন অভিযুক্ত

লগতে পঢ়কঃ নগাঁৱত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.