ETV Bharat / state

কোৱাৰেন্টাইন কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব কটন বিশ্ববিদ্যালয়ৰ হোষ্টেল

শীঘ্ৰে কটন বিশ্ববিদ্যালয়ৰ হোষ্টেল পৰ্যবসিত হ'ব কোৱাৰেন্টাইন কেন্দ্ৰলৈ । সোমবাৰে এক জাননীযোগে কামৰূপ মেট্ৰ'ৰ জিলা প্ৰশাসনে ২৪ ঘন্টাৰ ভিতৰত হোষ্টেল খালী কৰাৰ নিৰ্দেশ জাৰি কৰে । যাক লৈ ক্ষুব্ধ হৈ পৰিছে লকডাউনৰ ফলত ঘৰ এৰি হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে হোষ্টেল এৰি ঘৰত থকা শিক্ষাৰ্থীসকল ।

কটন বিশ্ববিদ্যালয়
কোৱাৰেন্টাইন চেন্টাৰলৈ পৰ্যবসিত কটন বিশ্ববিদ্যালয়ৰ হোষ্টেল
author img

By

Published : May 25, 2020, 9:29 PM IST

গুৱাহাটী, ২৫ মে': কোৱাৰেন্টাইন কেন্দ্ৰলৈ পৰ্যবসিত হ'ব কটন বিশ্ববিদ্যালয়ৰ হোষ্টেল । যাৰ ফলত এতিয়া সমস‍্যাত পৰিছে কটন বিশ্ববিদ্যালয়ৰ হোষ্টেলত থকা ছাত্র-ছাত্ৰীসকল । সোমবাৰে এক জাননী যোগে কামৰূপ মেট্ৰ'ৰ জিলা প্ৰশাসনে ২৪ ঘন্টাৰ ভিতৰত হোষ্টেল খালী কৰাৰ নিৰ্দেশ জাৰি কৰে ।

কটন বিশ্ববিদ্যালয়
কোৱাৰেন্টাইন চেন্টাৰলৈ পৰ্যবসিত কটন বিশ্ববিদ্যালয়ৰ হোষ্টেল

কটন বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলক লকডাউনৰ বাবে বিগত মাৰ্চ মাহতে হোষ্টেল খালী কৰি ঘৰলৈ যায় । পাঠদান নোহোৱাৰ বাবে তেওঁলোক এতিয়াও ঘৰতে আৱদ্ধ হৈ আছে । কিন্তু সমস্যাৰ কথাটো হ'ল প্ৰশাসনে তেওঁলোকক ২৪ ঘন্টাৰ ভিতৰত তেওঁলোকৰ ৰুমৰ সা-সৰঞ্জাম খালী কৰাৰ নিৰ্দেশ দিছে যিটো গুৱাহাটী বাহিৰৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা অসম্ভৱ কথা । প্ৰশাসনৰ এনে অপৰিপক্ক সিদ্ধান্তৰ বাবে এতিয়া ক্ষুব্ধ হৈ পৰিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.