ETV Bharat / state

স্থানান্তৰিত হ'ব উপায়ুক্ত-আৰক্ষী আয়ুক্তৰ কাৰ্যালয়

author img

By

Published : Sep 8, 2021, 7:39 PM IST

পাণবজাৰৰ কাছাৰী ঘাটস্থিত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়(DC Office)টো ভঙাগড়ৰ সমীপৰ ৰূপনগৰত নিৰ্মাণ কৰা হ'ব আৰু আৰক্ষী আয়ুক্ত(police commissioner)ৰ কাৰ্যালয়ৰ ঠিকনা হ'ব খানাপাৰা । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ই বুধবাৰে দুয়োটা কাৰ্যালয়ৰ লগতে ৰূপনগৰ আৰু খানাপাৰাৰ প্ৰস্তাৱিত ভূমি পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয় । ৰাজ্যত নিৰ্মাণ হ'ব ১০টা নতুন উপায়ুক্ত কাৰ্যালয় ।

CM HIMANTA BISWA SARMA VISTED NEW SITE OF DC, PC OFFICE
উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ বাবে প্ৰস্তাৱিত ভূমি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ৮ ছেপ্টেম্বৰ : গুৱাহাটীত মহাবাহু ব্ৰহ্মপুত্ৰ(Brahmaputra)ৰ প্ৰাকৃতিক সৌন্দৰ্য ৰাইজে উপভোগ কৰাৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে স্থানান্তৰিত কৰা হ'ব উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তৰ কাৰ্যালয় । সলনি হ'ব কামৰূপ মহানগৰ জিলা উপায়ুক্ত(DC Office) আৰু আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ ঠিকনা । গুৱাহাটীৰ পাণবজাৰৰ কাছাৰী ঘাটস্থিত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়টো ভঙাগড়ৰ সমীপৰ ৰূপনগৰত নিৰ্মাণ কৰা হ'ব আৰু আৰক্ষী আয়ুক্ত(police commissioner)ৰ কাৰ্যালয়ৰ নতুন ঠিকনা হ'ব খানাপাৰা । ৰূপনগৰৰ "অসম চৰকাৰৰ নিৰ্মাণ নিগম(পৰিসীমিত)"ৰ পূৰ্বৰ কাৰ্যালয় আঁতৰাই ১০ বিঘা ভূমিত নিৰ্মাণ কৰা হ'ব উপায়ুক্তৰ নতুন কাৰ্যালয় ।

মঙলবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ই জিলা উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তৰ বৰ্তমানৰ কাৰ্যালয়ৰ স্থানৰ উপৰিও ৰূপনগৰ আৰু খানাপাৰাৰ প্ৰস্তাৱিত ভূমি পৰিদৰ্শন কৰে । ৰূপনগৰৰ প্ৰস্তাৱিত ভূমি পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত তেওঁ এই কথা অৱগত কৰে । তেওঁ কয় যে, বৰ্তমান অতি ঠেক পৰিসৰত থকা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে গুৱাহাটী ৰাজহ চক্ৰ বিষয়া আৰু জ্যেষ্ঠ উপ-পঞ্জীয়কৰ কাৰ্যালয়টো ৰূপনগৰলৈ স্থানান্তৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

এই পৰ্যন্ত নিৰ্মাণ কাৰ্যৰ বাবে বাজেট নিৰ্ধাৰণ কৰা হোৱা নাই যদিও অহা তিনি বছৰৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । নতুন কাৰ্যালয় চৌহদত ২০০ খন গাড়ী পাৰ্কিং কৰিব পৰা ব্যৱস্থাও থাকিব । ‌

আনহাতে, পুৰণি উপায়ুক্ত কাৰ্যালয়ৰ চৌপাশ মুকলি কৰি ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য বৰ্ধন কৰা হ'ব আৰু ৰাইজে ব্ৰক্ষ্মপুত্রৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব । তদুপৰি ৰাজ্যত নিৰ্মাণ হ'ব ১০টা নতুন উপায়ুক্ত কাৰ্যালয় । ইফালে, খানাপাৰাস্থিত জৈৱিক উৎপাদন প্ৰতিষ্ঠান পশুপালন আৰু পশু চিকিৎসা বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয় চৌহদত নিৰ্মাণ হ'ব আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয়টো ।

মঙলবাৰে পুৱাই খানাপাৰাৰ সেই স্থান পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী শৰ্মাই আৰক্ষী আয়ুক্তৰ কাৰ্যালয়টো তিনি বিঘা মাটিত নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে । আনহাতে, নতুনকৈ নিৰ্মাণ হ'বলগীয়া আৰক্ষী আয়ুক্তৰ কার্যালয়টো ৯ মহলীয়া অট্টালিকা হ'ব বুলি উল্লেখ কৰি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কয়, নতুন ভৱনত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ লগতে পাৰ্কিঙৰ সু-ব্যৱস্থা থাকিব । সকলো ডিচিপি বহাৰ সুবিধা থাকিব ।

অসমৰ কাৰেংঘৰৰ আৰ্হিত নিৰ্মাণ হ'ব নতুন কাৰ্যালয়টো ।' উল্লেখ্য যে, দুমাহৰ ভিতৰত নিৰ্মাণ কাৰ্য আৰম্ভ হ'বলগীয়া আৰক্ষী আয়ুক্তৰ কাৰ্যালয়টো প্ৰায় ১০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হ'ব । মুখ্যমন্ত্ৰীৰ ভূমি পৰিদৰ্শনৰ সময়ত মন্ত্ৰী অশোক সিংঘালৰ লগতে আন বিভাগীয় বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক:৮৫.৯ শতাংশ সাক্ষৰতাৰ হাৰেৰে দেশৰ পঞ্চম স্থানত অসম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.