তেজপুৰ, 14 ডিচেম্বৰ : উত্তৰ-পূব পৰিষদৰ (Northeastern Council) সহযোগত তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগে 14-16 ডিচেম্বৰলৈ “Crisis In/ And South Asian Literature in English” শীৰ্ষক এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিছে ৷
![Tezpur Varsity conference](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14-12-2023/20269610_ttt.jpg)
তেজপুৰ বিশ্ববিদ্যালয়ৰ কাউন্সিল হলত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত অধ্যাপক ড৹ শম্ভু নাথ সিং, মুখ্য অতিথি হিচাপে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক ফাৰহিনা দন্তা, ডীন, স্কুল অৱ হিউমেনিটিজ এণ্ড ছ’চিয়েল চাইন্সেছ আৰু অধ্যাপক মৃন্ময় কুমাৰ শৰ্মা, ডীন, একাডেমিক এফেয়াৰ্ছ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ৷
উপাচাৰ্যগৰাকীয়ে উদ্বোধনী ভাষণত দক্ষিণ এছিয়া অঞ্চলটোৰ চহকী আৰু বৈচিত্ৰময় ইতিহাসৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে অঞ্চলটোৰ একাধিক সংকটৰ জন্ম দিয়া একাধিক কাৰক – সামাজিক, ঐতিহাসিক, ৰাজনৈতিক আৰু পৰিৱেশগৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ৷ তেওঁ এই অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে ইংৰাজী বিভাগক অভিনন্দন জনায় ৷
![Tezpur Varsity conference](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14-12-2023/20269610_nnn.jpg)
লিবাৰেল আৰ্টছ বিশ্ববিদ্যালয় বাংলাদেশৰ অধ্যাপক কাইজাৰ হকে "স্বাভাৱিকতা হিচাপে সংকট: দক্ষিণ এছিয়াৰ বিশেষ সন্দৰ্ভত কিছু পৰ্যৱেক্ষণ" শীৰ্ষক প্ৰথম মূল ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি অধ্যাপক হকে দক্ষিণ এছিয়াৰ সাহিত্যই কেনেদৰে পৰিৱৰ্তনশীল পৃথিৱীৰ বিশ্বব্যাপী বুজাবুজিত অৰিহণা যোগাই আহিছে সেই বিষয়ে আলোচনা কৰে ৷
তেওঁ বৰ্ণনা কৰে যে সাম্প্ৰতিক সময়ত দক্ষিণ এছিয়াৰ দেশসমূহৰ সাহিত্য, যেনে আফগানিস্তান, বাংলাদেশ, ভূটান, ভাৰত আদিৰ পৰা ইংৰাজীত শক্তিশালী সাহিত্য প্ৰস্তুত কৰিছে যিয়ে এই অঞ্চলটোৱে সন্মুখীন হোৱা বিভিন্ন ধৰণৰ সংকটৰ সূক্ষ্ম তাৎপৰ্য কঢ়িয়াই আনিছে ৷
ভাৰত, বাংলাদেশ আৰু আমেৰিকাৰ কেইবাজনো শিক্ষাবিদ আৰু গৱেষক পণ্ডিতে পৰৱৰ্তী 3 দিনৰ কাৰ্যসূচীত সময়ত সংকট আৰু দক্ষিণ এছিয়াৰ সাহিত্যৰ মাজৰ জটিল সম্পৰ্ক বিষয়ে বক্তব্য ৰাকিব ৷ তেওঁলোকৰ ভিতৰত মুখ্য হৈছে উত্তৰ বংগ বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰঞ্জন ঘোষ, ওকলাহোমা বিশ্ববিদ্যালয়ৰ অধ্যাপক অমিত আৰ বৈশ্য আৰু যাদৱপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক অভিজিত গুপ্তা ৷
লগতে পঢ়ক : ৫০ সংখ্যক কাৰ্বি যুৱ মহোৎসৱলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ