ETV Bharat / state

Suicide inside MP's residency: বিজেপি সাংসদ ৰাজদ্বীপ ৰয়ৰ বাসগৃহত উদ্ধাৰ কিশোৰৰ মৃতদেহ

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 9:16 AM IST

Updated : Aug 27, 2023, 10:13 AM IST

অতি ৰহস্যজনকভাৱে বিজেপিৰ সাংসদ ৰাজদ্বীপ ৰয়ৰ বাসগৃহত উদ্ধাৰ হৈছে এটি 10 বছৰীয়া কিশোৰৰ মৃতদেহ ৷ মৃত কিশোৰটিৰ পৰিয়ালটোৱে বহু বহু বছৰ ধৰি সাংসদ ৰয়ৰ ঘৰত বাস কৰি আছিল বুলি জানিব পৰা গৈছে ৷ এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে সাংসদগৰাকীয়ে ৷

Suicide inside MP Rajdeep Roy’s residency
ৰাজদ্বীপ ৰয়ৰ বাসগৃহত উদ্ধাৰ কিশোৰৰ মৃতদেহ

নিউজ ডেস্ক, 27 আগষ্ট : বিজেপিৰ সাংসদৰ নিজ বাসগৃহত উদ্ধাৰ হৈছে এটি 10 বছৰীয়া কিশোৰৰ মৃতদেহ ৷ 10 বছৰীয়া কিশোৰটিয়ে আত্মহত্যা কৰা বুলি দাবী কৰিছে বিজেপিৰ সাংসদ ৰাজদ্বীপ ৰয়ে ৷ কিয়নো 26 আগষ্টৰ দিনা বিজেপি সাংসদ ৰাজদ্বীপ ৰয়ৰ বাসগৃত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল 10 বছৰীয়া কিশোৰটিৰ মৃতদেহ ৷

শনিবাৰে এক সংবাদমেল সম্বোধন কৰি সাংসদ ৰয়ে কয়, ‘‘শনিবাৰে মই বিজেপিৰ দলীয় কাৰ্যালয়ত আছিলো ৷ তেনে সময়তে মোৰ এগৰাকী সতীৰ্থই ফোন কৰি জনালে যে ঘৰত এজন ল’ৰাক চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে ৷ এই খবৰ পায়ে মই ঘৰত উপস্থিত হ’লো ৷ তাৰ পাচতে আৰক্ষীক খবৰ দিয়া হ’ল ৷ পৰৱৰ্তী সময়ত মোৰ বাসগৃহত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু শিলচৰ মেডিকেল কলেজ হাস্পতালৈ লৈ যোৱা হয় ৷ হাস্পতালৰ চিকিৎসকে কিশোৰটি মৃত বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে’’ ৷

লগতে সাংসদ ৰাজদ্বীপ ৰয়ে কয় যে, বহু বছৰ ধৰি তেওঁৰ বাসগৃত এটা সৰু পৰিয়ালে বাস কৰি আছিল ৷ পৰিয়ালটোত আছিল দুই সন্তানসহ মাতৃ ৷ তিনিজনীয়া এই পৰিয়ালটোৰ 10 বছৰীয়া কিশোৰটোৱে 5ম শ্ৰেণীত আৰু কিশোৰীগৰাকীয়ে অষ্টম শ্ৰেণীত পঢ়ি আছে ৷

তেওঁ আৰু কয়, ‘‘অইন দিনাৰ দৰে সকলো ঠিকেই আছিল ৷ শনিবাৰে দুপৰীয়াৰ আহাৰ তিনিও একেলগে গ্ৰহণ কৰিছিল ৷ তাৰ পাচত ছোৱালীজনীৰ সৈতে মাকে ঘৰৰ বজাৰ কৰিবলৈ বাহিৰলৈ গৈছিল ৷ তেনে সময়ত ল’ৰাজন ঘৰতে আছিল ৷ বজাৰৰ পৰা আহি বহু মাত দিয়া পাচতো ভিতৰৰ পৰা দৰ্জা খুলি নিদিয়াত চিন্তিত হৈ মাকে চিঞয়-বাখৰ কৰে ৷ পৰৱৰ্তী সময়ত দৰ্জাখন ভাঙি দিয়াত ছীপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয় 10 বছৰীয়া কিশোৰটিৰ মৃতদেহ ৷

সাংসদ ৰয়ে কয়, ‘‘মই ইতিমধ্যে ঘটনা সংক্ৰান্তত শিলচৰৰ আৰক্ষী অধীক্ষকৰ সৈতে কথা পাতি ঘটনা সন্দৰ্ভত অৱগত কৰিছো ৷ আৰক্ষীৰ প্ৰট’কল আৰু গাইডলাইন অনুসৰি তেওঁলোকে তদন্ত চলাব । ইতিমধ্যে ঘটনাৰ তদন্ত প্ৰতিক্ৰিয়া আৰক্ষীয়ে আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে’’ ।

লগতে পঢ়ক : Bulandshahr Accident News:বিষাক্ত গেছ নিৰ্গত হৈ কুঁৱাৰ মটৰ ঠিক কৰিবলৈ যোৱা 3 কৃষকৰ মৃত্যু

Last Updated : Aug 27, 2023, 10:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.