গুৱাহাটী, ১৩ মাৰ্চ: "বিজেপি হৈছে এক ধৰণৰ কৰ'ণা ভাইৰাছ । সমাজখন ধ্বংস কৰিছে বিজেপিয়ে ।" এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ । ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী অজিত কুমাৰ ভূঞাৰ মনোনয়ন দাখিলৰ সময়ত ভূঞাক সংগ দিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে শুকুৰবাৰে সাংবাদিকৰ আগত বিজেপি সন্দৰ্ভত এইদৰে তীৰ্যক মন্তব্য কৰে ।
বিজেপিয়ে সমাজখন ভাগ ভাগ কৰি ধ্বংস কৰিছে বুলি মন্তব্য কৰি গগৈয়ে কয় যে অজিত ভূঞা কোনো দলৰ নহয়, সকলোৰে প্ৰাৰ্থী । সৌ সিদিনালৈকে "হু ইজ বদৰুদ্দিন" বুলি বুঢ়া আঙুলি দেখুওৱা তৰুণ গগৈয়ে আজি পুনৰ এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে আজমলৰ সৈতে তেওঁৰ কোনো শত্ৰুতা নাই । এয়া হেনো বিজেপিৰহে অপপ্ৰচাৰ । আনহাতে, এ আই ইউ ডি এফৰ কংগ্ৰেছৰ সৈতে এই বন্ধুত্ব ২০২১ তো অটুট থাকিব বুলি মন্তব্য কৰে বজৰুদ্দিন আজমলে ।
লগতে পঢ়ক :