ETV Bharat / state

তোষামোদকাৰীৰে ভৰিছে বিজেপি দল: প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

বুধবাৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তেওঁৰ চৰকাৰী বাসগৃহত এখন সংবাদ মেল সম্বোধন কৰি ক'লে,মংগলবাৰে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক উদ্দেশ্যি যি ভাষণ দিলে তাত নাই কোনো নতুনত্ব । তেওঁৰ মুখেৰে চীনৰ প্ৰসংগত এটা শব্দও উল্লেখ নোহোৱাটো এই মূহুৰ্তত সঁচাকৈয়ে দুৰ্ভাগ্যজনক । ইয়াৰ বিপৰীতে দেশৰ জনতাক পাঁচ কিলোগ্ৰামকৈ চাউল আৰু এক কিলোগ্ৰামকৈ ডাইল দিয়াৰ কথাহে উল্লেখ কৰিলে । প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মতে নৰেন্দ্ৰ মোদী সকলো দিশৰে পৰা এজন ব্যৰ্থ প্ৰধানমন্ত্ৰী ৷

author img

By

Published : Jul 1, 2020, 9:12 PM IST

tarun-gogoi-reaction on-pm speech and bjp-govt
তোষামোদকাৰীৰে ভৰিছে বিজেপি দল: প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

গুৱাহাটী, ১ জুলাই: বিজেপি দল ভৰি আছে "তোষামোদকাৰী"ৰে । বিজেপিলৈ এনে তীৰ্যক মন্তব্য ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ । বুধবাৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তেওঁৰ চৰকাৰী বাসগৃহত এখন সংবাদ মেল সম্বোধন কৰি কয় যে, মংগলবাৰে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক উদ্দেশ্যি যি ভাষণ দিলে তাত নাই কোনো নতুনত্ব । 'প্ৰধানমন্ত্ৰীয়ে নিশ্চয় চীনৰ প্ৰসংগত কৰিব গুৰুত্বপূৰ্ণ ঘোষণা' , এনে আগ্ৰহেৰে দেশবাসীয়ে আগ্ৰহেৰে ৰৈ আছিল প্ৰধানমন্ত্ৰীৰ ভাষণলৈ । কিয়নো এই সময়ত ইয়াতকৈ অধিক স্পৰ্শকাতৰ আন কোনো গুৰুত্বপূৰ্ণ বিষয় থাকিব নোৱাৰে । কিন্তু দুৰ্ভাগ্যজনক ভাৱে তেওঁৰ মুখেৰে চীনৰ প্ৰসংগত এটা শব্দও উল্লেখ নহ'ল । বৰং দেশৰ জনতাক পাঁচ কিলোগ্ৰামকৈ চাউল আৰু এক কিলোগ্ৰামকৈ ডাইল দিয়াৰ কথাহে উল্লেখ কৰিলে ।

কোনো পৰিকল্পনা নোহোৱাকৈ লক ডাউন ঘোষণা কৰাৰ পাছত মাহটোত পাঁচ কিলোগ্ৰাম চাউল আৰু এক কিলোগ্ৰাম ডাইলে কোনো দৰিদ্ৰৰ উপকাৰ সাধিব নোৱাৰে । ইফালে প্ৰধানমন্ত্ৰীৰ এই ঘোষণাক লৈ তেওঁৰ "তোষামোদকাৰী " সকলে যথেষ্ট প্ৰশংসা কৰিছে । বিজেপিত "তোষামোদকাৰী"ৰ সংখ্যা এনেও বেছি । সংবাদ মেলখনত এইদৰে তীৰ্যক মন্তব্যৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ।

বুধবাৰৰ সংবাদমেল খনত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে নৰেন্দ্ৰ মোদীক সকলো দিশৰে পৰা এজন ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ আখ্যা দি কলে, তেওঁ কেৱল প্ৰচাৰমুখী আৰু বাঃ বাঃ লৈ ফুৰা এজন প্ৰধানমন্ত্ৰী । প্ৰধানমন্ত্ৰীৰ ভুলৰ বাবেই অপৰিকল্পিত ভাবে ঘোষণা কৰা লক ডাউনৰ ফলত দেশৰ অৰ্থনীতি ধ্বংস হ'ল । বহু লোকে সাৱটিবলগীয়া হ'ল মৃত্যুক ।

আনহাতে, ৰাজ্যৰ শাসনাধিষ্ঠ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ সমালোচনাতো মুখৰ হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী । মই অসমত এজনো মন্ত্ৰী দেখা নাই, যাৰ দপ্তৰ চম্ভালিব পৰা দক্ষতা আছে । কিছু পৰিমাণে হিমন্ত বিশ্ব শৰ্মা সক্ৰিয় হ'লেও তেওঁৰ ভালতকৈ বেয়া কামৰ সংখ্যাহে অধিক । এইদৰে কলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ।

গুৱাহাটীত পুনৰ কঠোৰ লক ডাউন ঘোষণা কৰি জনসাধাৰণক আৰু বিপদৰ মাজলৈহে ঠেলিহে দিলে বুলি এক গুৰুত্বপূৰ্ণ অভিযোগ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ । তৰুণ গগৈৰ মতে, এনে ধৰণৰ সিদ্ধান্ত সাধাৰণতে কেবিনেটে গ্ৰহণ কৰিব লাগে । কিন্তু তেনে কৰা নহ'ল ।

আনহাতে, ৰাজ্যিক কেবিনেটে বিজেপি কাৰ্যালয়, আৰএছএছৰ কৃপাধন্য সংগঠন আদিক চৰকাৰী ভূমি গতাই দিবলৈ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি এনে সিদ্ধান্তৰো গৰিহণা দিলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে । একেদৰে শ্ৰেণী পৰিবৰ্তন নকৰাকৈয়ে বৃহৎ ভূখণ্ড উদ্যোগ স্থাপনৰ বাবে হস্তান্তৰ কৰিবলৈ কেবিনেটে লোৱা সিদ্ধান্তই জাতিটোক অধিক ক্ষতি কৰাৰ লগতে শ শ বিঘা কৃষিভূমি বহিৰাগত বণিয়াৰ হাতলৈ যোৱাৰো আশংকা ব্যক্ত কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : স্বাস্থ্যমন্ত্ৰীৰ ঘোষণা: শীঘ্ৰেই অসমত আৰম্ভ হ'ব প্লাজমা থেৰাপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.