গুৱাহাটী,12 মে’: এগৰাকী ব্যৱসায়ীক ফোনযোগে ৫০ লাখ টকা দাবী কৰি গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰিছে এজন সন্দেহজনক আলফা কেডাৰ । পাঞ্জাবাৰীৰ ভিআইপি ৰোডৰ নামঘৰ পথৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সন্দেহজনক আলফা কেডাৰজনক ৷ গ্ৰেপ্তাৰ হোৱা সন্দেহজনক কেডাৰজন কংকনজ্যোতি ভূঞা বুলি জানিব পৰা গৈছে ।
১২ এপ্ৰিলত আঠগাঁৱৰ আগৰৱালা নামৰ এজন ব্যৱসায়ীক আলফা(স্বা) ৰ নামত ৫০ লাখ টকা ফোনযোগে দাবী কৰিছিল ধৃত কংকনজ্যোতিয়ে ৷ পিছত সেই ফোনকলৰ ভিত্তিত তদন্ত কৰোতেই গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰে কংকনজ্যোতি ভূঞা । ক্ৰাইম ব্ৰাঞ্চৰ উপ আৰক্ষী আয়ুক্ত বৰুণ পুৰকায়স্থৰ নেতৃত্বত এটা বৃহৎ দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে কংকনজ্যোতিক ।
উল্লেখ্য যে, ধৃত সন্দেহযুক্ত আলফা কেডাৰজন পাঞ্জাবাৰীত ভাড়াতীয়া হিচাপে বসবাস কৰি আছিল । ধৃত যুৱকজনৰ ঘৰ কলিয়াবৰত বুলি জানিব পৰা গৈছে । সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে যুৱকজনক জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: ক'ভিড নিয়ন্ত্ৰণ: মাজুলীৰ দায়িত্ব ল’লে হিমন্তই, কোন মন্ত্ৰীৰ ভাগত কোন জিলা