গুৱাহাটী, 25 অক্টোবৰ : ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিবলৈ যি যি প্ৰয়োজন হয়, সেই প্ৰয়োজনীয়তাৰ প্ৰায় প্ৰতিটো দিশতে উজলি উঠিছে অসম ৷ নৃত্য-গীত, খাদ্যাভ্যাস, সাজপাৰ, অভিনয়, শিক্ষা, চাকৰি, ব্যৱসায় এই আটাইবোৰ দিশতে আজি অসমীয়াই নাম অৰ্জন কৰিছে নিজৰ ভূমিৰ লগতে স্বদেশ তথা পৃথিৱীৰ প্ৰতিটো কোণতে ৷ ফেশ্বন ডিজাইনাৰ তথা মডেলিং বুলি শুনিলেই মনলৈ আহে সংযুক্তা দত্তৰ নাম ৷ পুনৰ এবাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চৰ্চালৈ অহা সংযুক্তা দত্তই গৌৰাৱান্বিত কৰিলে অসমবাসীক ৷

পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ ৰেচম শিল্প । পুনৰ এবাৰ অসমৰ হস্ততাঁত শিল্পক বিশ্ববাসীৰ সন্মুখত চিনাকি কৰাই দিলে ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই । ৰোমান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত উপনীত হৈছে বিখ্যাত ভাৰতীয় ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ পোছাক । আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ডিজাইনাৰ সংযুক্তা দত্তৰ ডিজাইনাৰ পোছাক পৰিধান কৰি ৰেড কাৰ্পেটত খোজ কাঢ়ে চুপাৰমডেল মিৰ্কা ওক্টাভিয়া হেন্দ্ৰোৱে । অসমীয়া পাটৰ কাপোৰেৰে ডিজাইন কৰা পোছাক পৰিধান কৰি ৰেড কাৰ্পেটত খোজ কাঢ়ে চুপাৰ মডেল গৰাকীয়ে ৷

উল্লেখ্য যে, ডিজাইনাৰ সংযুক্তা দত্তই পূৰ্বৰে পৰা ভাৰতৰ গ্ৰাম্য শিপিনীসকলক শক্তিশালী কৰাৰ লগতে অসমৰ হস্ততাঁতৰ পুৰণি কলাক বিশ্ব মঞ্চত প্ৰতিষ্ঠা কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।পূৰ্বেও কাঁ চলচ্চিত্ৰ মহোৎসৱ আদিকে ধৰি বহুকেইখন আন্তঃ ৰাষ্ট্ৰীয় মঞ্চত জিলিকিছিল সংযুক্তা দত্তই ডিজাইন কৰা ডিজাইনাৰ সাজ । কাঁ চলচ্চিত্ৰ মহোৎসৱত আন্তঃৰাষ্ট্ৰীয় মডেল ইংৰিডা ইলগিন আৰু মিৰ্কা হাৱাৰ্ডে সংযুক্তা দত্তই ডিজাইন কৰা অসমীয়া ৰেচম বস্ত্ৰ পৰিধান কৰি ৰেড কাৰ্পেটত খোজ কাঢ়িছিল ।

ইয়াৰোপৰি, ভাৰতৰ বিখ্যাত ফেশ্বন শ্ব’ সমূহৰ লগতে FDCI, লেকমে ফেশ্বন উইক, লণ্ডন ফেশ্বন শ্ব’ আদিৰ দৰে বিশ্বৰ আগশাৰীৰ ফেশ্বন শ্ব’ সমূহতো অংশগ্ৰহণ কৰি নিজৰ সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই ৷ শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত হোৱা লেকমে’ ফেশ্বন উইকৰ শ্ব’জ টপাৰ বলীউডৰ অভিনেত্ৰী দিব্যা খোচলা কুমাৰে সংযুক্তা দত্তৰ শেহতীয়া কালেকছন চিকি-মিকিৰ সাজ পৰিধান কৰি ৰেম্পত খোজ কৰিছিল । দত্তই প্ৰস্তুত কৰা মেখেলা-চাদৰ পৰিধান কৰি ৰেম্পত খোজ দিছিল অভিনেত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক : বিখ্যাত আলোচনী LOfficiel আৰু Harper’s Bazar Vietnam লৈ নিৰ্বাচিত সংযুক্তা দত্তৰ ডিজাইন