ETV Bharat / state

কেবৰ বিৰুদ্ধে ৰাজপথত জনতা , আকোঁৰগোজ চৰকাৰ

author img

By

Published : Dec 3, 2019, 10:08 PM IST

Updated : Dec 3, 2019, 10:25 PM IST

13 ডিচেম্বৰৰ ভিতৰত সংসদত উত্থাপন হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত সম্পূৰ্ণ কৰিছে সকলো ধৰণৰ প্ৰস্তুতি ৷ এনে সময়ত অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চৰকাৰৰ বিৰুদ্ধে সৰ্বস্তৰৰ জনসাধাৰণৰ প্ৰতিবাদে ক্ৰমান্বয়ে লৈছে তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপ ৷

protest against CAB
কেবৰ বিৰুদ্ধে ৰাজপথত জনতা , আকোৰগোঁজ চৰকাৰ

03 ডিচেম্বৰ, নিউজ ডেক্সঃ যিমানে কেব উত্থাপন হোৱাৰ দিন চমু চাপি আহিছে , সিমানে ৰাজ্যত তীব্ৰৰ পৰা তীব্ৰতৰ হৈছে কেব বিৰোধী আন্দোলন ৷ মঙলবাৰেও ৰাজ্যত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদত উত্তাল হ'ল অসমৰ আকাশ বতাহ ৷ কটন বিশ্ববিদ্যালয় , গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাছত এতিয়া কেবৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে ৰাজ্যৰ অন্যান্য শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী ৷ গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতীকি শ ৰাজপথত উলিয়াই কেবৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ একেদৰে প্ৰাগজ্যোতিষ মহাবিদ্যালয়তো ছাত্ৰ ছাত্ৰী সকলে কেবৰ বিৰুদ্ধে চলালে গণ স্বাক্ষৰ অভিযান ৷

protest against CAB
ক্ৰমান্বয়ে তীব্ৰৰ পৰা তীব্ৰতৰ হৈছে কেব বিৰোধী আন্দোলন

উল্লেখ্য যে, 13 ডিচেম্বৰৰ ভিতৰত সংসদত উত্থাপন হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত সম্পূৰ্ণ কৰিছে সকলো ধৰণৰ প্ৰস্তুতি ৷ তাৰ পূৰ্বে গৃহ মন্ত্ৰী অমিত শ্বাহে উত্তৰ পূবৰ দল সংগঠনৰ লগত আলোচনাত মিলিত হৈছিল ৷ এই আলোচনাত ভাগ লৈছিল বিদেশীৰ বিৰুদ্ধে এসময়ত আন্দোলন কৰা অসম গণ পৰিষদেও ৷ কিন্তু আলোচনাৰ পৰা কাৰ্যত স্পষ্ট হৈছিল যে , যিকোনো মূল্যৰ বিনিময়ত কেব গৃহীত কৰিব কেন্দ্ৰীয় চৰকাৰে ৷

অবৈধ অনুপ্ৰৱেশনৰ সমস্যাই বছৰ বছৰ ধৰি জুৰুলা কৰি পেলোৱা অসমীয়া ৰাইজে মানি নলয় কেব ৷ কেবে ভাঙি পেলাব অসমৰ জনগাঁথনি ৷ শেষ কৰিব খিলঞ্জীয়াৰ ৰাজনৈতিক , অৰ্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰ ৷ লগতে কেবে অমান্য কৰিব ঐতিহাসিক অসম চুক্তিক ৷ কিন্তু ইমানৰ পাছতো বিজেপি চৰকাৰে গৃহীত কৰিব কেব যাৰ বাবে ৰাজপথলৈ এতিয়া ওলাই আহিছে সকলো ৷

লগতে পঢ়ক, এইবাৰ বিলাসীপাৰাত আছুৰ কাৰ্যালয় ভাঙি লণ্ড ভণ্ড কৰিলে দুৰ্বৃত্তই

কেবৰ বিৰুদ্ধে ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত জোৱান হিমাংশু গগৈৰ ব্যতিক্ৰমী প্ৰতিবাদ ৷ কেবৰ বিৰুদ্ধে চাইকেল চলাই তিনিচুকীয়াৰ পৰা নতুন দিল্লীত উপস্থিত হ'ব জোৱান জন ৷ উদ্দেশ্যে অসমৰ ৰাইজক কেবৰ বিৰুদ্ধে সজাগ কৰা ৷ গুৰুত্বপূৰ্ণ যে, জোৱান জনে ২০১৬ চনতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত অংশ ল'বলৈ স্বেচ্ছাই অৱসৰ লৈছিল ৷

আনহাতে জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ নিশ্চুপতাক লৈ সৰব সদৌ অসম ছাত্ৰ সন্থা ৷ ডিব্ৰুগড়ৰ পাছত নলবাৰীতো জাতীয় নায়কৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিলে আছুৱে ৷ আনহাতে কেব বাতিল কৰাৰ দাবীত বৰপেটা , নলবাৰী , নগাঁও আৰু সৰুপথাৰত সংগঠনটোৱে অব্যাহত ৰাখে তীব্ৰ প্ৰতিবাদ ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসৰ সমষ্টি সৰভোগতো প্ৰতিবাদ ৷ 90 % ছাত্ৰ ছাত্ৰীয়ে কেব সমৰ্থন কৰা বুলি কোৱা ৰঞ্জিত দাসৰ বক্তব্য কাৰ্যত ভুল প্ৰমাণিত ৷

একে সময়তে বিধেয়ক খনৰ সমৰ্থনত থকা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু সাংসদ বিশ্বজিৎ দৈমাৰীৰ প্ৰতিকৃতি জ্বলিল বাক্সাত ৷ চিকিৎসালয় উদ্ধোধন কৰিবলৈ অহাৰ সময়তে আছু কৰ্মীয়ে হাগ্ৰামাক দেখুৱালে কলা পতাকা ৷

একেদৰে বিলাসীপাৰা , বিশ্বনাথ , হাইলাকান্দি , বঢ়মপুৰতো কৃষক মুক্তি সংগ্ৰাম সমিতিকে আদি কৰি বিভিন্ন জাতীয় সংগঠনে জ্বলালে গৃহমন্ত্ৰী , প্ৰধানমন্ত্ৰী , মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি ৷ মুঠৰ ওপৰত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চৰকাৰৰ বিৰুদ্ধে এতিয়া সৰ্বস্তৰৰ জনসাধাৰণৰ প্ৰতিবাদে ক্ৰমান্বয়ে লৈছে তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপ ৷ এনে প্ৰক্ষাপটত ৰাজ্যৰ পৰৰ্বতী পৰিস্থিতিক শাসনাধিস্থ চৰকাৰ তথা কেব সমৰ্থন কাৰী দলে কেনেদৰে মোকাবিলা কৰিব সেয়া হ'ব নিশ্চিতভাৱে লক্ষণীয় ৷

Intro:কেবৰ বিৰুদ্ধে দিল্লীলৈ চাইকেল যাত্ৰা ভাৰতীয় বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত জোৱানৰ। চাইকেল চলাই নগাঁৱত উপস্থিত হৈ সকলোকে কেবৰ বিৰুদ্ধে ওলাই আহিবলৈ আহ্বান বায়ু সেনাৰ জোৱানজনৰ। Body:নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ভাৰতীয় বায়ুসেনা অৱসৰপ্ৰাপ্ত জোৱান। শিৱসাগৰৰ হিমাংশু গগৈ নামৰ জোৱান জনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীৰ পৰা আৰম্ভ কৰিছে চাইকেল যাত্ৰা। প্ৰথমে গুৱাহাটীৰ তিনিচুকীয়ালৈ যাত্ৰা আৰম্ভ কৰা বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত জোৱানজনে তিনিচুকীয়াৰ পৰা কেবৰ বিৰুদ্ধে নতুন দিল্লীত উপস্থিত হব চাইকেল চলাই । ২০১৬চনতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত অংশ ল'বলৈ বায়ু সেনা বাহিনীৰ পৰা স্বেচ্ছাই অৱসৰ লৈছিল হিমাংশু গগৈ নামৰ জোৱানজনে । গুৱাহাটীৰ পৰা চাইকেল চলাই প্ৰতিবাদ সাব্যস্ত কৰা অৱসৰপ্ৰাপ্ত জোৱানজনক নগাঁৱত আদৰণি জনায় বিভিন্ন দল সংগঠনে। নগাঁৱত উপস্থিত হৈ অসমবাসীলৈ জোৱানজনৰ আহ্বান। কেবৰ বিৰুদ্ধে ওলাই আহক সকলো। ঘৰৰ পদূলি পদূলিয়ে আঁৰি দিয়ক কেব বিৰোধী পোষ্টাৰ। তিনি আলি চাৰি আলিত প্ৰতিবাদ সাব্যস্ত কৰি অসমবাসীৰ কেব বিৰোধী স্থিতি অৱগত কৰক দিল্লীক।
Bite Conclusion:উল্লেখযোগ্য যে কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ চাকৰিৰ পৰা অব্যাহতি লৈছিল হিমাংশু গগৈয়ে।
----------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
3-12-19
Last Updated : Dec 3, 2019, 10:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.