গুৱাহাটী, ১৩ নৱেম্বৰ : মধুমেহ ৰোগ বা ডায়েবেটিচ সম্পূৰ্ণৰূপে আৰোগ্য হোৱা ৰোগ নহয় । ৰোগীয়ে ওৰে জীৱন এই ৰোগৰ লগত সহৱস্থান কৰিবলগীয়া হয় । সেয়েহে এই ৰোগৰ কাৰণ, লক্ষণসমূহ, ৰোগ নিৰ্ণয়ৰ উপায়সমূহ ৰোগীৰ সম্যক জ্ঞান থকাটো বাঞ্চনীয় । মধুমেহ ৰোগ হ’লে বা মধুমেহ ৰোগ নহ’বলৈ কিধৰণে সজাগতা হ’ব লাগে বা কেনেধৰণৰ জীৱনশৈলী আৰু খাদ্যপ্ৰণালী হোৱা উচিত সেই সম্পৰ্কে North eastern diabetes society ৰ কেন্দ্ৰীয় কাৰ্যবাহী সদস্য ডাঃ ৰূপম দাসে ই টি ভি ভাৰতৰ এক সাক্ষাৎকাৰত এই কথা সদৰি কৰে ৷
ডাঃ ৰূপম দাসে সাক্ষাৎকাৰটোত মধুমেহ ৰোগৰ বিষয়ে কয় যে, বিভিন্ন কাৰণত মধুমেহ ৰোগ হয় । বংশগত কাৰণৰ লগতে চেনী মিঠাই বেছি খালে বা পৰিশ্ৰম বেছিকৈ নকৰিলে মধুমেহ ৰোগত আক্ৰান্ত হ’ব পাৰে । মধুমেহ ৰোগত ডায়েট আৰু শৰীৰ চৰ্চা অতি গুৰুত্বপূৰ্ণ । যাৰ জৰিয়তে মধুমেহ ৰোগ নিয়ন্ত্ৰণত ৰাখিব পাৰি । নিয়মীয়াকৈ শৰীৰ চৰ্চা কৰিব লাগে । সপ্তাহত ৫ দিন কৰিব লাগে । চিকিৎসকৰ পৰামৰ্শলৈ শৰীৰ চৰ্চা কৰিব লাগে বুলিও মন্তব্য কৰে ।
তেওঁ লগতে কয় যে মধুমেহ ৰোগ সম্পূৰ্ণভাৱে নিৰাময় নহয় । তাক নিয়ন্ত্ৰণত ৰাখিব পাৰি । ভাৰতবৰ্ষত ৭৭ মিলিয়ন মধুমেহ ৰোগত আক্ৰান্ত ৰোগী আছে । তাৰ দুগুণ প্ৰি-ডাইবেটিক স্তৰত আছে । তেওঁলোকে কিছুদিন বা কিছু বছৰ পিছত মধুমেহ ৰোগত আক্ৰান্ত হ’ব । ইয়াৰ বিপৰীতে সমগ্ৰ বিশ্বতে ৫৩৭ মিলিয়ন মধুমেহ আক্ৰান্ত ৰোগী আছে । মধুমেহ নিয়ন্ত্ৰণ কৰিবলৈ কাৰ্বহাইড্ৰেট, প্ৰ’টিন, চৰ্বি নিৰ্দিষ্ট পৰিমাণে খাব লাগে । অধিক পৰিশ্ৰম কৰা মানুহে দৈনিক ২ হাজাৰ কেলৰি’ বা ততোধিক খাদ্য খাব লাগে । যিসকল লোকৰ পৰিশ্ৰম কম তেওঁলোকে ১৬-১৭ শ পৰিমাণৰ কেলৰি খাদ্য খাব লাগে বা তাতকৈ কম খাবলৈও পৰামৰ্শ দিয়া হয় । ৰিফাইন বস্তু খাব নালাগে বুলিও তেওঁ মন্তব্য কৰে ।
লগতে পঢ়ক : Covid 19 Update : ক'ভিড প্ৰতিষেধকৰ ক্ষেত্ৰত অসমৰ আন এক সফলতা