ETV Bharat / state

ক'ভিড আক্ৰান্তৰ কাষত "ক'ভিড সাৰথি"

author img

By

Published : Jun 1, 2021, 5:38 PM IST

প্ৰবাসী অসমীয়া চিকিৎসকৰ উদ্যোগত অসম বাসীৰ কাষত দেশৰ ২৫ গৰাকী বিশেষজ্ঞ চিকিৎসক । অসমৰ যিকোনো প্ৰান্তৰ লোকে "ক'ভিড সাৰথি"ৰ চিকিৎসকসকলক যি কোনো সময়তে টোল ফ্ৰী নম্বৰ ১৮০০৮৩৩০০৬২ত ফোন কৰি নাইবা www.covidsarathi.comৰ জৰিয়তে চিকিৎসা সম্বন্ধীয় প্ৰয়োজনীয় পৰামৰ্শ আৰু চিকিৎসা গ্ৰহণ কৰিব পাৰিব ।

Special Initiative for Covid Patients by Hrishikesh Chakraborty
ক'ভিড আক্ৰান্তৰ কাষত ক'ভিড সাৰথি

গুৱাহাটী, ১ জুন: ক'ভিডত আক্ৰান্ত হৈ হোম কোৱাৰেণ্টাইনত থকা নাইবা আৰোগ্য হোৱাৰ পিছত জটিলতাৰ সন্মুখীন হোৱা লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে এগৰাকী প্ৰবাসী অসমীয়া চিকিৎসক । তেওঁৰ লগত আছে দেশৰ বিশেষজ্ঞ চিকিৎসকৰ এটা দল । বিভিন্ন বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ এই দলটোৰ পৰা প্ৰয়োজন হোৱা লোকসকলে অতি সহজতে যিকোনো সময়ত সকলো প্ৰয়োজনীয় চিকিৎসা আৰু পৰামৰ্শ সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব পাৰিব ।

উল্লেখ্য যে, ক'ভিডে ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে অসমৰ ক'ভিড আক্ৰান্তক এই বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াৱলৈ আগবাঢ়ি আহিছে অসম সন্তান তথা নতুন দিল্লীৰ মেস্ক ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ নিউৰ'চাৰ্জন ডাঃ হৃষিকেশ চক্ৰৱৰ্তীৰ নেতৃত্বত ২৫ গৰাকী অভিজ্ঞ বিশেষজ্ঞ চিকিৎসকৰ দল । ইয়াৰ বাবে ডাঃ চক্ৰৱৰ্তীৰ একক প্ৰচেষ্টাত আৰম্ভ হৈছে "ক'ভিড সাৰথি" নামৰ এক টেলিমেডিচিন প’ৰ্টেল ।

"ক'ভিড সাৰথি"ৰ জৰিয়তে অসমবাসীক বিশেষজ্ঞ চিকিৎসকৰ দলটোৱে প্ৰয়োজনীয় চিকিৎসা সেৱা আগবঢ়াৱ । অসমবাসীৰ বাবে "ক'ভিড সাৰথি" টেলিমেডিচিন প’ৰ্টেল মুকলি কৰি ইয়াৰ প্ৰতিষ্ঠাপক ডাঃ হৃষিকেশ চক্ৰৱৰ্তী আৰু নয়দাৰ জে পি হাস্পতালৰ হেমাট'অংকলজিষ্ট ডাঃ নিবেদিতা ধিংৰাই এক বিবৃতিযোগে কয়-"অসমৰ যিকোনো প্ৰান্তৰ লোকে "ক'ভিড সাৰথি"ৰ চিকিৎসকসকলক যি কোনো সময়তে টোল ফ্ৰী নম্বৰ ১৮০০৮৩৩০০৬২ত ফোন কৰি নাইবা www.covidsarathi.comৰ জৰিয়তে চিকিৎসা সম্বন্ধীয় প্ৰয়োজনীয় পৰামৰ্শ আৰু চিকিৎসা গ্ৰহণ কৰিব পাৰিব ।

তদুপৰি ভিডিঅ' কল, ৱাটছ এপ আৰু ছ'চিয়েল মিডিয়া লিংকৰ সহায়তো আর্তজনে তাৎক্ষণিকভাৱে চিকিৎসা সেৱা গ্ৰহণ কৰিব পাৰিব । ক'ভিডৰ বাহিৰে অন্য ৰোগত আক্ৰান্ত লোকেও "ক'ভিড সাৰথি"ৰ জৰিয়তে চিকিৎসা সেৱা গ্ৰহণ কৰিব পাৰিব । "ক'ভিড সাৰথি"ৰ বিশেষজ্ঞ চিকিৎসকৰে অনলাইন সংযোগ হোৱাৰ পিছত তেওঁলোকে ৰোগীৰ ৰোগ সন্দৰ্ভত সবিশেষ অৱগত হৈ ঔষধ আৰু গ্ৰহণ কৰিবলগীয়া আন ব্যৱস্থাৰ বিষয়ে অৱগত কৰিব ।

দূৰৱৰ্তী অঞ্চলত চিকিৎসা সেৱা আগবঢ়াই থকা চিকিৎসকসকলেও "ক'ভিড সাৰথি"ৰ বিশেষজ্ঞ চিকিৎসকৰ সৈতে যোগাযোগ কৰি সঠিক পৰামৰ্শ অতি সহজে গ্ৰহণ কৰিব পাৰিব।" ডাঃ চক্ৰৱৰ্তীয়ে লগতে কয়-' আমাৰ বাবে প্ৰতিটো জীৱন মূল্যৱান । বৰ্তমান আমাৰ স্বাস্থ্য সেৱা ব্যৱস্থাৰ ওপৰত অত্যাধিক হেঁচা পৰিছে । এনে সময়ত মহামাৰীত আক্রান্ত লোকসকলক সেৱা আগবঢ়াবলৈ পাই আমি নিজকে বহুত সৌভাগ্যৱান অনুভব কৰিছো ।

আমাৰ এটাই লক্ষ্য আৰু উদ্দেশ্য যে 'ক'ভিড সাৰথি'ৰ জৰিয়তে ৰোগীৰ আৰু চিকিৎসা সেৱাৰ মাজৰ ব্যৱধান দূৰ কৰা" । উল্লেখ্য যে, অসম সন্তান তথা নতুন দিল্লীৰ মেস্ক ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ নিউৰ'চাৰ্জন ডাঃ হৃষিকেশ চক্ৰৱৰ্তীয়ে জনোৱা মতে, "ক'ভিড সাৰথি"ক আগন্তুক সময়ত আৰু অধিক বিশাল পৰিসৰ দিয়াৰ চেষ্টা অব্যাহত থাকিব ।

লগতে পঢ়ক:নিশ্চয়তা: ৰাজ্যত ঘৰে ঘৰে হ'ব ক'ভিড পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.