ETV Bharat / state

মহানগৰীত পিতৃয়ে হত্যা কৰিলে পুত্ৰক: ভাড়াঘৰৰ পৰা উদ্ধাৰ আন এটা মৃতদেহ

পিতৃৰ হাতত প্ৰাণ গ'ল পুত্ৰৰ । চানমৰি আৰক্ষী থানাৰ অন্তৰ্গত গান্ধীবস্তিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা । নিজৰ পিতৃয়ে হত্যা কৰিলে টিংকল শৰ্মা (২৫) নামৰ যুৱকজনক (Son killed by Father in Guwahati)। সোমবাৰে আবেলি চানমাৰিত বস্তাৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হৈছিল টিকল শৰ্মাৰ মৃতদেহ ।

author img

By

Published : Jul 11, 2022, 8:15 PM IST

a
a

গুৱাহাটী, ১১ জুলাই : পিতৃৰ হাতত প্ৰাণ গ'ল পুত্ৰৰ । গুৱাহাটীৰ চানমৰি আৰক্ষী থানাৰ অন্তৰ্গত গান্ধীবস্তিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা । নিজৰ পিতৃয়ে হত্যা কৰিলে টিংকল শৰ্মা (২৫) নামৰ যুৱকজনক (Son killed by Father in Guwahati)। সোমবাৰে আবেলি চানমাৰিত বস্তাৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হৈছিল টিংকল শৰ্মাৰ মৃতদেহ ।

মহানগৰীত পিতৃয়ে হত্যা কৰিলে পুত্ৰক

আৰক্ষীয়ে জনোৱা মতে, পাৰিবাৰিক কন্দলৰ বাবেই পিতৃয়ে টিংকলক হত্যা কৰে । দেওবাৰে নিশা প্ৰায় ১১.৩০ বজাত পিতা-পুত্ৰৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল । ইয়াৰ পিছতে পিতৃক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ অহাত পিতৃয়ে বাঁহেৰে প্ৰহাৰ কৰাত টিংকলৰ মৃত্যু হয় । ঘৰত কোনো নথকাৰ সময়ত সংঘটিত হৈছিল এই ঘটনা । ইয়াৰ পিছতে পিতৃয়ে প্লাষ্টিকৰ বস্তাত বান্ধি চানমাৰিত পেলাই থৈ গৈছিল পুত্ৰৰ মৃতদেহ । সোমবাৰে মৃতদেহটো উদ্ধৰ হোৱাৰ পিছতে পিতৃ অম্বিকা শৰ্মাই আত্মসমৰ্পণ কৰে (Dead body recovered at Chandmari) । পুত্ৰক তেওঁ হত্যা কৰা বুলিও আৰক্ষীৰ ওচৰত স্বীকাৰ কৰে । তাৰ পিছতে চানমাৰি আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে নিচাসক্ত টিংকলে পূৰ্বেও পিতৃক তিনি-চাৰিবাৰ প্ৰহাৰ কৰিছিল বুলি জানিব পৰা গৈছে ।

আনহাতে, মহানগৰীৰ দিছপুৰ থানাৰ অন্তৰ্গত হেঙেৰাবাৰীত সোমবাৰে আন এটা মৃতদেহ উদ্ধাৰ হৈছে । হেঙেৰাবাৰীৰ সাৰথি পথত দীপাংকৰ শইকীয়া নামৰ ২৮ বছৰীয়া এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে । ভাড়াঘৰৰ বন্ধ কোঠাৰ ভিতৰত গলিত অৱস্থাত উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহ (Youth dead body recovered from Guwahati rented house) । সৰুতে পিতৃ-মাতৃৰ মৃত্যুৰ পিছত অনাথ আশ্ৰমত ডাঙৰ হৈ লখিমপুৰৰ যুৱকজন কৰ্মসংস্থাপনৰ বাবে গুৱাহাটীলৈ আহিছিল ।

গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ VLCC পাৰ্লাৰত কাম কৰিছিল যুৱকজনে । বিগত ৪ দিনৰ পৰা কৰ্মস্থলীলৈ যোৱা নাছিল যুৱকজন । সোমবাৰে ভাড়াঘৰটোৰ তেওঁৰ কোঠাৰ পৰা দুৰ্গন্ধ ওলোৱাত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে । ভাড়াঘৰত অকলে থকা দীপাংকৰৰ ভাড়াঘৰৰ কোঠাটো ভিতৰৰ পৰা বন্ধ আছিলে । বিছনাত পৰি থকা অৱস্থাত যুৱকজনৰ মৃতদেহটো উদ্ধাৰ হয় । যুৱকজনে বিগত ডেৰ বছৰ ধৰি ঘৰটোত ভাড়াতীয়া হিচাপে আছিল । প্ৰাথমিক তদন্ত আৰক্ষীয়ে আত্মহত্যাৰ ঘটনা বুলি সন্দেহ প্ৰকাশ কৰিছে যদিও এয়া হত্যা নে আত্মহত্যা সেয়া তদন্ততহে পোহৰলৈ আহিব । কিয়নো মৃতদেহটোত লাগি আছিল বিদ্যুতৰ তাঁৰ ।

লগতে পঢ়ক :Tense in Tezpur: বোৱাৰীৰ আত্মহত্যাক কেন্দ্ৰ কৰি উত্তপ্ত তেজপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.