ETV Bharat / state

বিশিষ্ট সমাজ সেৱক প্ৰসন্ন কুমাৰ পিঞ্চাৰ দেহাৱসান

author img

By

Published : Jul 26, 2020, 9:59 PM IST

অসম সন্তান তথা ভাৰত চৰকাৰৰ ডিছেবিলিটি কমিছনৰ মুখ্য আয়ুক্তৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত কাৰ্যনিৰ্বাহ কৰা দেশৰ প্ৰথম গৰাকী বিশেষভাবে সক্ষম ব্যক্তি সন্তান প্ৰসন্ন কুমাৰ পিঞ্চাৰ দেহাৱসান । দেওবাৰে পুৱা দিল্লীৰ মেক্স হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে পিঞ্চাই ।

প্ৰসন্ন কুমাৰ পিঞ্চা
প্ৰসন্ন কুমাৰ পিঞ্চা

গুৱাহাটী, 26 জুলাইঃ দেশৰ এগৰাকী আগশাৰীৰ সমাজ কৰ্মী তথা অসম সন্তান প্ৰসন্ন কুমাৰ পিঞ্চাৰ দেহাৱসান । দেওবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে প্ৰসন্ন কুমাৰ পিঞ্চাই । ভাৰত চৰকাৰৰ ডিছেবিলিটি কমিছনৰ মুখ্য আয়ুক্তৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত কাৰ্যনিৰ্বাহ কৰা দেশৰ প্ৰথম গৰাকী বিশেষভাবে সক্ষম ব্যক্তি আছিল যোৰহাটৰ সন্তান পিঞ্চা । নিজেই এগৰাকী দৃষ্টিহীন ব্যক্তি হোৱাৰ পাচতো এক আকৰ্ষণীয় ব্যক্তিত্বৰ গৰাকী পিঞ্চা আছিল যোৰহাট অন্ধ বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ । পিছলৈ তেওঁ অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ যুটীয়া সচিবৰ দায়িত্ব লোৱাৰ উপৰি আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠন একছন এইড্ এচ'ছিয়েছনৰ কামকাজ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনলৈ সম্প্ৰসাৰিত কৰাত বিশেষ ভূমিকা লৈছিল। তেওঁ আছিল একছন এইড্ এচ'ছিয়েছনৰ উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক প্ৰবন্ধক।

তাৰ পিছত পিঞ্চাই ৰাষ্ট্ৰীয় মানবাধিকাৰ আয়োগৰ 'স্পেছিয়েল ৰেপ'ৰ্টাৰ' হিচাপে দেশৰ বিশেষভাবে সক্ষম ব্যক্তি সকলৰ অধিকাৰৰ বাবে ন্যায় যুদ্ধত অৱতীৰ্ণ হৈ সফলতা লাভ কৰে । এনে দায়বদ্ধতাৰ বাবেই তেওঁক ভাৰত চৰকাৰে নেশ্যনেল ডিছেবিলিটি কমিছনৰ মুখ্য আয়ুক্তৰ দায়িত্ব অৰ্পণ কৰিছিল। দিল্লীৰ মেক্স হাস্পতালত চিকিৎসাধীন হৈ থকা সময়তে মৃত্যু হয় পিঞ্চাৰৰ । আনহাতে, পিঞ্চাৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে তেওঁৰ ব্যক্তিত্বৰ সান্নিধ্য পোৱা প্ৰতিগৰাকী লোক ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.