ETV Bharat / state

কৰ'ণাৰে যুজিবলৈ চৰকাৰক অৰ্থ সাহাস্য প্ৰদান বিভিন্নজনৰ ! - corona virus

কৰ'ণাৰে যুজিবলৈ চৰকাৰক আৰ্থিক সাহাৰ্য প্ৰদান কৰিছে বিভিন্ন জনে ৷ অসম আৰোগ্য নিধিলৈ মুক্ত হস্তে বৰঙণি আগবঢ়াইছে লোকসকলে ৷

author img

By

Published : Mar 30, 2020, 10:48 PM IST

গুৱাহাটী, 30 মাৰ্চ : সমগ্র বিশ্বজুৰি বিভীষিকাৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ আৰু ৰোগ ধৰা পৰিলেই ততালিকে ৰোগীৰ উন্নত চিকিৎসাৰ বাবে অসম চৰকাৰে জৰুৰীভাৱে গঠন কৰা 'অসম আৰোগ্য নিধি'ৰ পুঁজিলৈ বিভিন্নজনৰ সঁহাৰি । সোমবাৰে আৰোগ্য নিধিলৈ সাহায্য আগবঢ়াই মহানগৰীৰ লংকেশ্বৰস্থিত অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ে। চেকযোগে ৫০হাজাৰ টকাৰ সাহায্য আগবঢ়াই মহাবিদ্যালয়খনৰ সম্পাদক আব্দুল আজিজ আলীয়ে।

helping hand to assam arogya nidhi
লংকেশ্বৰৰ অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ আৰ্থিক সাহায্য

ইফালে গুৱাহাটীৰ আমবাৰীস্থিত বুঢ়া জামে মছজিদ কমিটিৰ পৰা এক লাখ টকা চেক যোগে আগবঢ়োৱা হয় অসম চৰকাৰৰ আৰোগ্য নিধিলৈ। মছজিদ কমিটিৰ সভাপতি তথা ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, সাধাৰণ সম্পাদক নিজামুল হক, কাৰ্যকৰী কমিটিৰ সদস্য ক্ৰমে চাজিদ আহমেদ, মজিবুৰ ৰহমান আৰু ফাইজুল হকক লৈ গঠিত পাঁচজনীয়া প্ৰতিনিধি দলে গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ এন এইছ এমৰ কাৰ্যালয়ত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি আৰোগ্য নিধিৰ পুঁজিলৈ এক লাখ টকাৰ চেক প্ৰদান কৰে।

helping hand to assam arogya nidhi
আমবাৰীৰ বুঢ়া জামে মছজিদ কমিটিৰ এক লাখ টকাৰ সাহাৰ্য

ইয়াৰোপৰি চৰকাৰলৈ ৰয়েল গ্ৰুপে আগবঢ়াই ১ কোটি টকাৰ সাহায্য। ইয়াৰে পি এম কেয়াৰ পুঁজিলৈ ২৫ লাখ টকা, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৪০ লাখ টকা, অসম আৰোগ্য নিধিলৈ ২৫ লাখ টকা আৰু লক্ ডাউনৰ পৰিপ্ৰেক্ষিতত আৰ্তজনক খাদ্যবস্তু আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ বাবে ১০ লাখ টকা আগবঢ়াই ৰয়েল গ্ৰুপে। জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত ১কোটিৰ চেক প্ৰদান কৰে ৰ'য়েল গ্ৰুপৰ অধ্যক্ষ শ্ৰী এ কে পানছাৰীয়ে। এনেদৰেই কৰ'ণাৰে যুজিবলৈ চৰকাৰক বিভিন্নজনে আগবঢ়াইছে অৰ্থ সাহায্য।

helping hand to assam arogya nidhi
১কোটিৰ চেক প্ৰদান ৰয়েল গ্ৰুপৰ

লগতে পঢ়ক : কৰ'ণা ভাইৰাছঃ ডিফু জেলৰ পৰা 28 কাৰাবন্দীক মুক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.