ETV Bharat / state

Operation Ganga : স্বদেশলৈ আহিল নলবাৰী, নগাঁও, গুৱাহাটীৰ ছয় শিক্ষাৰ্থী

author img

By

Published : Mar 6, 2022, 4:28 PM IST

ৰাছিয়া ইউক্ৰেইনৰ সংঘৰ্ষ (Russia Ukraine War) ম্লান পৰা নাই । ইয়াৰ মাজতে ভাৰত চৰকাৰে আৱদ্ধ ভাৰতীয় নাগৰিকসকলক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । অপাৰেশ্যন গংগাৰ অধীনত ইতিমধ্যে কেইবাহাজাৰ শিক্ষাৰ্থী উভতি আহিবলৈ সক্ষম হৈছে । দেওবাৰে অসমৰ ৬ গৰাকী শিক্ষাৰ্থীও দিল্লীত আহি উপস্থিত হয় । এতিয়ালৈ অসমৰ ৯৫ গৰাকী শিক্ষাৰ্থীক সুকলমে মাতৃভূমিলৈ ঘূৰাই অনা হৈছে ।

Russia Ukraine War
স্বদেশলৈ আহিল শিক্ষাৰ্থী

গুৱাহাটী, ৬ মাৰ্চ : দুঃস্বপ্নই এতিয়াও ভাৰাক্ৰান্ত কৰি ৰখা একোটা মন, কিছুমান ভয়ংকৰ অভিজ্ঞতা আৰু ভাগৰুৱা একোটা শৰীৰ লৈ শেষ নিশা ভাৰতত আহি ভৰি দিলেহি অসমৰ ছয় গৰাকী শিক্ষাৰ্থীয়ে । কেন্দ্ৰীয় চৰকাৰে ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় সকলক উদ্ধাৰৰ বাবে বিৰামহীনভাবে চলাই থকা অপাৰেশ্যন গংগাৰ (Operation Ganga) অধীনত মাতৃভূমিলৈ ঘূৰি আহিবলৈ সক্ষম হ'ল এই ছয় গৰাকী অসমৰ শিক্ষাৰ্থী (Six students from Assam returned from Ukraine)। ভাৰতীয় সময় অনুসৰি পুৱতি নিশা প্ৰায় ৩ বজাত দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰত আহি উপস্থিত হয় গুৱাহাটীৰ ভাস্বতী গোস্বামী, নলবাৰীৰ মৃগাক্ষী কলিতা আৰু নগাঁৱৰ ছাদ্দাম হুছেইন নামৰ শিক্ষাৰ্থী তিনিগৰাকী ।

ইয়াৰ প্ৰায় ডেৰ ঘন্টা পিছত পুৱতি নিশা প্ৰায় ৪.৩০ বজাত দিল্লীৰ বিমান বন্দৰত অৱতৰণ কৰে ভাৰত চৰকাৰৰ আন এখন উদ্ধাৰকাৰী বিমান । সেইখন বিমানত সুকলমে আহি ভাৰতত ভৰি দিয়েহি অসমৰ আন তিনিগৰাকী শিক্ষাৰ্থীয়ে । তেওঁলোক হ'ল ক্ৰমে নগাঁৱৰ মুমশ্বাদ হুজেইফ উদ্দিন আহমেদ আৰু নয়নজ্যোতি দাস আৰু গুৱাহাটীৰ স্নেহা ডেকা ।

এই আটাইকেইগৰাকী শিক্ষাৰ্থীৰ দায়িত্ব ইতিমধ্যে অসম চৰকাৰৰ বিষয়াই দিল্লীত চমজি লৈছে আৰু অসম ভৱনত থকা খোৱাৰ ব্যৱস্থা কৰিছে । ছয়গৰাকী শিক্ষাৰ্থীকে সোনকালে দিল্লীৰ পৰা অসমলৈ পঠিওৱাৰ ব্যৱস্থাও কৰিছে চৰকাৰে । অসম চৰকাৰৰ তথ্য অনুসৰি দেওবাৰে উভতি অহা এই ছয়গৰাকী শিক্ষাৰ্থীকে ধৰি এই পৰ্যন্ত অসমৰ ৯৫ গৰাকী শিক্ষাৰ্থীক সুকলমে আৰু নিৰাপদে মাতৃভূমিলৈ ঘূৰাই অনা হৈছে ।

Russia Ukraine War
ৰাছিয়া ইউক্ৰেইনৰ সংঘৰ্ষ

ইপিনে অপাৰেশ্যন গংগাৰ অধীনত উদ্ধাৰ অভিযান অব্যাহত আছে যদিও যুদ্ধজৰ্জৰ ৰাষ্ট্ৰখনৰ ছুমি অঞ্চলত এতিয়াও আৱদ্ধ হৈ আছে অসমৰ বহুসংখ্যক শিক্ষাৰ্থী । কেৱল অসমৰে নহয়, সমগ্ৰ দেশৰে ভালেসংখ্যক শিক্ষাৰ্থী এতিয়াও আৱদ্ধ হৈ আছে ছুমিত । উদ্ধাৰ অভিযানে এতিয়াও সেই অঞ্চলটো স্পৰ্শ নকৰাত এক অনিশ্চিত ভৱিষ্যতৰ আশংকাত বাংকাৰত লুকাই প্ৰতিটো মুহূৰ্ত পাৰ কৰিবলগীয়া হৈছে সেইসকল ভাৰতীয় শিক্ষাৰ্থীয়ে ।

লগতে পঢ়ক :Russia Ukraine War : ইউক্ৰেইনৰ পৰা মাতৃভূমি পালেহি অসমৰ আৰু 12 গৰাকী শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.