ETV Bharat / state

বাৰে বাৰে বিধানসভাৰ চমু অধিবেশন কিয় !

শেহতীয়াকৈ বিধানসভাৰ অধিবেশনৰ ক্ষেত্ৰত এক নতুন প্ৰৱণতা পৰিলক্ষিত হৈছে ৷ সেয়া হ’ল অসম বিধানসভাৰ অধিবেশন সমূহ তেনেই কম সময়ৰ বাবে অনুষ্ঠিত কৰা । তেনেই কম সময়ৰ বাবে অনুষ্ঠিত কৰা এই অধিবেশন সমূহত গৃহীত কৰা হয় বহু সংখ্যক গুৰুত্বপূৰ্ণ বিধেয়ক । যাৰ ফলত বহু গুৰুত্বপূৰ্ণ বিধেয়কৰ কোনো আলোচনা বা সংশোধনীৰো অৱকাশ নাথাকে বিধানসভাৰ মজিয়াত ।

short term assembly session at assam assembly
বাৰে বাৰে বিধানসভাৰ চমু অধিবেশন কিয় !
author img

By

Published : Jan 2, 2021, 7:09 PM IST

Updated : Jan 2, 2021, 8:00 PM IST

গুৱাহাটী, ২ জানুৱাৰী : মাত্ৰ দুদিন পূৰ্বে অন্ত পৰিল অসম বিধানসভাৰ শীতকালিন অধিবেশন । তিনি দিনৰ বাবে এই অধিবেশন অনুষ্ঠিত হৈছিল । শেহতীয়াকৈ এক নতুন প্ৰৱণতা পৰিলক্ষিত হৈছে । সেয়া হ’ল অসম বিধানসভাৰ অধিবেশন সমূহ অনুষ্ঠিত কৰা হয় তেনেই কম সময়ৰ বাবে । যদিওবা বিধানসভা অধিবেশনৰ সময়সূচী আৰু কাৰ্যক্ৰমণিকা চূড়ান্ত কৰে বিধানসভাৰ কাৰ্য পৰিচালনা সমিতিয়ে । কিন্তু তেনেই কম সময়ৰ বাবে অনুষ্ঠিত কৰা এই অধিবেশন সমূহত গৃহীত কৰা হয় বহু সংখ্যক গুৰুত্বপূৰ্ণ বিধেয়ক । যাৰ ফলত বহু গুৰুত্বপূৰ্ণ বিধেয়কৰ কোনো আলোচনা বা সংশোধনীৰো অৱকাশ নাথাকে বিধানসভাৰ মজিয়াত ।

উদাহৰণ স্বৰূপে সদ্যসমাপ্ত শীতকালিন অধিবেশন অনুষ্ঠিত হৈছিল মাত্ৰ তিনি দিনৰ বাবে । এই তিনি দিনৰ অধিবেশনত গৃহীত কৰা হ'ল ১১ খনকৈ বিধেয়ক । মাদ্ৰাছা বন্ধ, মাইক্ৰ'ফাইনেঞ্চ কোম্পানীক নিয়ন্ত্ৰণ কৰা, বড়ো কছাৰী স্বায়ত্বশাসিত পৰিষদ গঠনকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক এই তিনি দিনত সদনত গৃহীত হ'ল । আশ্চৰ্যজনক কথা যে মাত্ৰ তিনি দিনীয়া অধিবেশনত কোনো বিশেষ আলোচনা বা সংশোধনী নোহোৱাকৈয়ে ১১ খনকৈ বিধেয়ক অনুমোদিত হ'ল ।

বাৰে বাৰে বিধানসভাৰ চমু অধিবেশন কিয় !

একেদৰে ইয়াৰ পূৰ্বে বিধানসভাৰ বৰ্ষাকালিন অধিবেশন অনুষ্ঠিত হৈছিল মাত্ৰ পাঁচ দিনৰ বাবে । সেই পাঁচদিনীয়া অধিবেশনত গৃহীত হৈছিল ২১ খনকৈ বিধেয়ক । চমু সময়ৰ বাবে বিধানসভাৰ অনুষ্ঠিত কৰা বিষয়টোত একমত নহয় বিৰোধী দলসমূহ । কেৱল বিৰোধীয়েই নহয়, মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মায়ো কম সময়ৰ বাবে বিধানসভাৰ অধিবেশন অনুষ্ঠিত হোৱাটো উচিত নহয় বুলি মন্তব্য কৰিছে । এনে কৰাৰ ফলত বিধেয়কসমূহৰ সন্দৰ্ভত অধিক আলোচনাৰ অভাৱ ঘটে । একেদৰে, এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামেও মন্তব্য কৰিছে যে, কম সময়ৰ বাবে বিধানসভাৰ অধিবেশন অনুষ্ঠিত কৰি ১১ খনৰ পৰা ২১ খনলৈকে বিধেয়ক গৃহীত কৰাটো মুঠেও গ্ৰহণযোগ্য হ’ব নোৱাৰে ।

লগতে পঢ়ক : হাগ্ৰামা আউট : 21’ৰ নিৰ্বাচনত বিজেপি-ইউপিপিএলৰ মাজত হ’ব মিত্ৰতা

Last Updated : Jan 2, 2021, 8:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.