ETV Bharat / state

বাংলাদেশত ২৩৭ খন পূজা : শ্বেখ হাছিনাই দিলে ৩ কোটি - বাংলাদেশত দুৰ্গা পূজা বাতৰি

কেৱল ভাৰততেই নহয়, শাৰদীয় দুৰ্গা পূজা উদযাপনৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ৷ দেশখনত পূজা উদযাপনৰ বাবে কমিটিসমূহক আৰ্থিক সাহায্য প্ৰদান কৰিলে খোদ প্ৰধানমন্ত্ৰীয়ে ৷

sheikh-hasina-gives-one-time-aid-of-rupees-3-crore-for-durga-puja-committees-of-bangladesh
বাংলাদেশত ২৩৭ খন পূজা : শ্বেখ হাছিনাই দিলে ৩ কোটি
author img

By

Published : Oct 11, 2021, 2:06 PM IST

গুৱাহাটী, 11 অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱক লৈ উখল-মাখল চৌদিশ ৷ কেৱল ভাৰততেই নহয়, চুবুৰীয়া ৰাজ্য বাংলাদেশতো উলহ-মালহেৰে উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে দুৰ্গাপূজাৰ ৷ দেশখনত থকা হিন্দু বাসিন্দাসকলে বিভিন্ন অঞ্চলত সৰ্বমুঠ 237 খন পূজাৰ আয়োজন কৰিছে ৷ ইয়াৰ বাবে পূজা কমিটিসমূহক প্ৰায় 3 কোটি টকাৰ এককালীন সাহায্য আগবঢ়াইছে বাংলাদেশৰ শ্বেখ হাছিনা চৰকাৰে ৷

দুৰ্গা পূজাৰ বাবে বাংলাদেশৰ ৰাজধানী ঢাকাৰ লগতে সজাই-পৰাই তোলা হৈছে বিভিন্ন অঞ্চল ৷ সাধাৰণতে পুৰণি ঢাকা অঞ্চলত পূজাৰ সংখ্যা অধিক হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি, সূত্ৰাপুৰ থানাৰ অধীনত সৰ্বাধিক ২৫ খন পূজাৰ বাবে জাকজমককৈ সজাই তোলা হৈছে মণ্ডপ আৰু প্ৰতিমা ।

ঠিক একেদৰে কোতোয়ালি থানাৰ অধীনত ২১ খন, ওৱাৰীত ১৬ খন, গেণ্ডাৰিয়াত ১৪ খন, হাজাৰীবাগত ১৩ খন, তুৰাগত ১২ খন, বাড্ডায়ত ১০ খন, বনানীত ৯ খন, মোহম্মদপুৰত ৯ খন, দাৰুসসালমত ৮ খন, ডেমৰায়ত ৮ খন আৰু তেজগাৱত ৬ খন পূজা অনুষ্ঠিত হব । ইয়াৰোপৰি সৰু সৰুকৈ আৰু কেইবাখনো পূজা অনুষ্ঠিত হব বাংলাদেশত ৷

লগতে পঢ়ক : আপুনি বাৰু গৈছেনে লাংহেৰাং টগবী আৰঙলৈ...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.