ETV Bharat / state

পূজাৰ বতৰত ৰাজহ সংগ্ৰহত এক ডাঙৰ অৰিহণা সুৰাপায়ীৰ ! - মূল্যবৃদ্ধি

ৰাজ্যজুৰি শাৰদীয় দুৰ্গোৎসৱৰ সময়ত প্ৰায় ৩৫০ কোটি টকাৰ সুৰা বিক্ৰী হয় । পূজাৰ পাঁচদিনত ৰাজ্যত ১২০ কোটি টকাৰ সুৰা বিক্ৰী হোৱাৰ বিপৰীতে গুৱাহাটীতেই প্ৰায় ৬০ কোটি টকাৰ সুৰা বিক্ৰী হোৱা পৰিলক্ষিত হয় । ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত চৰকাৰক সুৰাপায়ীসকলৰ দ্বাৰা ই এক ডাঙৰ অৰিহণা !

Highest ammount of Revenue collection during puja in assam
পূজাৰ বতৰত অভিলেখ সংখ্যক আবকাৰী ৰাজহ সংগ্রহ
author img

By

Published : Oct 21, 2021, 6:32 PM IST

গুৱাহাটী, ২১ অক্টোবৰ : ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা এতিয়াও সুস্থিৰ হোৱা নাই । সেইদৰে ৰাজ্যবাসীয়েও ক'ভিড পৰিস্থিতিয়ে জুৰুলা কৰা অৱস্থাৰ পৰা মূৰ দাঙি উঠিব পৰা নাই । ৰাজ্য চৰকাৰৰ এই মুহূৰ্তত ৰাজহ সংগ্ৰহৰ হাৰ সন্তোষজনক নহয় ।

ক'ভিড পৰিস্থিতি, লকডাউন আদি বিভিন্ন কাৰণত ৰাজহ সংগ্ৰহৰ হাৰ উদ্বেগজনক ভাৱে হ্ৰাস পাইছে । ৰাজহ ঘাটিৰ জোৰা মাৰিবলৈ ৰাজ্য চৰকাৰে ইটোৰ পাচত সিটো প্ৰতিষ্ঠানৰ পৰা ঋণ ল'বলগীয়া হৈছে । আনকি মুকলি বজাৰৰ পৰাও অধিক সুদত ৰাজ্য চৰকাৰে ঋণ লৈছে ।

কিন্তু ইয়াৰ মাজতে এটা সুখবৰ যে, ৰাজ্যত আবকাৰী ৰাজহ বাঢ়িছে ।

ক'ভিড পৰিস্থিতিৰ অৰ্থ সংকট আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ মাজতে পূজাৰ বতৰত এক অভিলেখ সংখ্যক আবকাৰী ৰাজহ সংগ্ৰহ হৈছে । এই ৰাজহ সংগ্ৰহত এক ডাঙৰ অৰিহণা যোগালে সুৰাপায়ীসকলে !

লগতে পঢ়ক : বৰাকৰ ঘটনাত জড়িত আছে তৃতীয় পক্ষ : সাংসদ কুইন ওজা

কাৰণ মাথো অক্টোবৰৰ প্ৰথম বিশ দিনতে ৰাজ্যত সুৰাৰ পৰা ১০০ কোটিতকৈও অধিক ৰাজহ সংগ্ৰহ কৰিছে ৰাজ্য চৰকাৰে । ৰাজ্যজুৰি শাৰদীয় দুৰ্গোৎসৱৰ সময়ত প্ৰায় ৩৫০ কোটি টকাৰ সুৰা বিক্ৰী হৈছে । পূজাৰ পাঁচদিনত ৰাজ্যত ১২০ টকাৰ সুৰা বিক্ৰী হোৱাৰ বিপৰীতে গুৱাহাটীতেই প্ৰায় ৬০ কোটি টকাৰ সুৰা বিক্ৰী হৈছে ।

বৰ্তমান পৰিস্থিতিত এই সংখ্যাক নিশ্চয় এক অভিলেখ বুলিয়েই ক'ব পাৰি । লক্ষণীয় বিষয় যে, এইবাৰ পূজাৰ কাপোৰ আদিৰ বজাৰ যথেষ্ট ঠাণ্ডা আছিল । কিন্তু ইয়াৰ পাচতো সুৰাৰ বজাৰখন গৰম হোৱাটো তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে ।

চৰকাৰী সূত্ৰই জনোৱা মতে, পূজাৰ সময়ত ৰাজ্যত বিক্ৰী হোৱা ৩৫০ কোটি টকাৰ সুৰাৰ পৰা প্ৰায় ১৭৫ কোটি টকাৰ ৰাজহ পোনে পোন ৰাজ্যৰ ৰাজকোষলৈ আহিছে । কিয়নো সুৰাৰ ওপৰত ৫০ শতাংশতকৈ অধিক বিক্ৰীকৰ, উপকৰ আৰু উৎপাদন শুল্ক বলৱং হৈ আছে । তেনে স্থলত সুৰাৰ যোগেদি চৰকাৰে এক ভাল অংকৰ ৰাজহ লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : উপ-নিৰ্বাচন : বতাহত মিলি গ’ল শত্ৰু-মিত্ৰৰ পৰিচয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.