গুৱাহাটী,6 জানুৱাৰী : গ্ৰন্থমেলাৰ বতৰতে অলপতে প্ৰকাশ পালে এখন নতুন গ্ৰন্থ "সাগৰিকা বৰুৱা" । মহানগৰীৰ গুৱাহাটী ক্লাবৰ প্ৰেক্ষাগৃহত প্ৰতিভাসম্পন্ন লেখিকা মৌচুমী ঘোঁৰাচোৱাৰ নৱতম গ্ৰন্থ ‘সাগৰিকা বৰুৱা’ মুকলি কৰে জ্যেষ্ঠ আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তই । ইতিমধ্যে পাঠক সমাজৰ ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে "সাগৰিকা বৰুৱা"ৰ প্ৰকাশক জে এছ পাব্লিকেশ্যনে। মূলতঃ প্ৰেমক মূল বিষয় হিচাপে লৈ যান্ত্ৰিকতাৰ ভীৰত প্ৰেমৰ সংজ্ঞা বিচাৰি ফুৰা এগৰাকী আৰক্ষী বিষয়াৰ পত্নীৰ জীৱন গাঁথাৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা "সাগৰিকা বৰুৱা'‘ মৌচুমী ঘোঁৰাচোৱাৰ প্ৰথমখন উপন্যাস। প্ৰথমখন উপন্যাস পাঠক সমাজলৈ মুকলি কৰি দি আবেগিক হৈ পৰা মৌচুমী ঘোঁৰাচোৱাই তেওঁৰ গ্ৰন্থখনি ৰাইজে আকোঁৱালি ল’লে তেওঁৰ সৃষ্টিয়ে সাৰ্থকতা লাভ কৰিব বুলিও দোঁহাৰে ।
আনহাতে, গ্ৰন্থখনিৰ উন্মোচক পাৰ্থ সাৰথি মহন্তই "সাগৰিকা বৰুৱা"ৰ ৰচক মৌচুমী ঘোঁৰাচোৱাক শুভেচ্ছা জ্ঞাপন কৰি কয় যে, নতুন নতুন লেখক-লেখিকা সৃষ্টিৰ পৰিপ্ৰেক্ষিতত অসমীয়া পাঠকসমাজে নিতৌ নতুন ৰুচিৰ গ্ৰন্থ উপহাৰ হিচাপে লাভ কৰিছে। প্ৰথমতে ফেচবুকত প্ৰকাশ পাই বৰ্তমান ছপা গ্ৰন্থ আকাৰত "সাগৰিকা বৰুৱা"ক পাঠকৰ হাতত তুলি ধৰা কাৰ্যক ভূয়সী প্ৰশংসা কৰে জ্যেষ্ঠ আৰক্ষী বিষয়াগৰাকীয়ে ।
লগতে পঢ়কঃ বিলাসীপাৰাত চিকিৎসাৰ অভাৱত কিশোৰীৰ আত্মহত্যা