গুৱাহাটী, 1 মাৰ্চঃ আজি কংগ্ৰেছত যোগদান কৰিলে বিজেপিৰ প্ৰাক্তন সাংসদ আৰ.পি শৰ্মাই ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে যোগদান কৰিলে বিজেপিৰ প্ৰাক্তন সাংসদ গৰাকীয়ে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, মন্ত্ৰী অকন বৰা, ৰকিবুল হুছেইনৰ লগতে কংগ্ৰেছ দলৰ শতাধিক নেতাৰ উপস্থিতিত বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগ দিয়ে আৰ.পি শৰ্মাই । ৰাজনীতি কৰিবলগীয়া থাকিলে ৰাষ্ট্ৰীয় দলত কৰিব লাগে সেয়েহে কংগ্ৰেছ দলত যোগদান কৰিলে বুলি উল্লেখ কৰে নেতাগৰাকীয়ে ৷ লগতে বিজেপি বৰ্তমান বিজেপি হৈ থকা নাই ৷ বিজেপি খিচিৰি চৰকাৰ হৈ যোৱা বুলিও কয় কংগ্ৰেছৰ নতুন ৰাজনৈতিক নেতা আৰ.পি শৰ্মাই ৷
লগতে পঢ়কঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত নাগৰিকলৈ আহিল ডি ভোটাৰৰ জাননী