ETV Bharat / state

মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ গৈ ঘোঁৰাত উঠিল আৰ পি শৰ্মা - মূল্যবৃদ্ধিৰ প্ৰতিবাদ আৰ পি শৰ্মা

কমাৰ নামেই লোৱা নাই পেট্ৰ’ল-ডিজেলৰ লগতে আন আন অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম ৷ এই ক্ষেতত চৰকাৰেও দিয়া নাই কোনো স্পষ্ট মন্তব্য ৷ চালে-বেৰে কোবাই দুই এক মন্ত্ৰী-বিধায়কে দিছে দামবৃদ্ধিৰ প্ৰসংগত মন্তব্য ৷ আনহাতে ৰাজ্যৰ চৌদিশে এতিয়া প্ৰতিবাদ, হ্ৰাস কৰিব লাগে সামগ্ৰীৰ দাম ৷ এইবাৰ পেট্ৰ’ল-ডিজেলৰ অস্বাভাৱিক দামৰ বিৰুদ্ধে মাত মাতিবলৈ গৈ ঘোঁৰাৰ পিঠিত উঠিল কংগ্ৰেছী নেতা ৰামপ্ৰসাদ শৰ্মা (RP Sarmah rides horse protesting price rise) ৷ শৰ্মাৰ মতে দুই-তিনি মাহৰ পিছতে দৰিদ্ৰ হৈ যাব গুজৰাট ৷

Price rise in Assam
মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ গৈ ঘোঁৰাত উঠিল আৰ পি শৰ্মা
author img

By

Published : Apr 8, 2022, 7:41 PM IST

গুৱাহাটী, 8 এপ্ৰিল: দৰিদ্ৰ জনতাৰ মূৰত মাধমাৰ সোধাই দৈনিক বৃদ্ধি কৰা হৈছে পেট্ৰ’ল-ডিজেলৰ দাম ৷ খাটিখোৱা জনতাক দহিছে বজাৰৰ জুয়ে ৷ ৰাজ্যবাসীক চৰম বিপদত পেলাই মৌনব্ৰত ধাৰণ কৰিছে চৰকাৰে ৷ ফলত ৰাজ্যৰ চৌদিশে এতিয়া কেৱল প্ৰতিবাদ৷ সামগ্ৰীৰ দাম স্বাভাৱিক কৰি উদ্ধাৰ কৰিব লাগে ৰাজ্যবাসীক (Price rise in Assam)৷

মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ গৈ ঘোঁৰাত উঠিল আৰ পি শৰ্মা

বজাৰৰ জুইকুৰাৰ বিৰুদ্ধে সাধাৰণ জনতাই প্ৰতিবাদ কৰি থকাৰ সময়তে নিৰুপায় হৈ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ অসহায়, নিৰুপায় ৰাজ্য চৰকাৰ৷ দাম কমা-বঢ়াৰ সমস্ত দায়িত্ব ঠেলিলে কেন্দ্ৰীয় চৰকাৰৰলৈ৷ বাকী মন্ত্ৰী বিধায়কেও যুক্তি সহকাৰে আগবঢ়ালে দামবৃদ্ধিৰ প্ৰকৃত কাৰণ৷তাতোতকৈ এখোপ ওপৰলৈ গৈ কিছুদিন পূৰ্বে এই প্ৰসংগত মন্তব্য কৰিলে একালত মূল্যবৃদ্ধিৰ বিৰুদ্ধে সবল প্ৰতিবাদ কৰা বিধায়ক প্ৰশান্ত ফুকনে ৷ বিৰোধী শিবিৰত থাকোতে প্ৰতিবাদ কৰাৰ কাৰণো ক’লে সততে চৰ্চাত থকা বিধায়কগৰাকীয়ে ৷

সাধাৰণ জনতাই মৌলিক প্ৰয়োজনীয় বস্তুসমূহৰ দাম বৃদ্ধিত বিপদত পৰি অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ চৰকাৰত নাই বাবেই বিৰোধী দলসমূহেও খাটিখোৱা ৰাইজৰ দুখ দুৰ্দশা বুজি উঠিছে ৷ প্ৰতিবাদ কৰিছে দামবৃদ্ধিৰ বিৰুদ্ধে ৷ এইবাৰ ঘোঁৰাৰ পিঠিত উঠি দামবৃদ্ধিৰ বিৰুদ্ধে মাত মাতিছে এসময়ৰ বিজেপি নেতা তথা বৰ্তমানৰ কংগ্ৰেছী নেতা ৰাম প্ৰসাদ শৰ্মাই ৷ দীঘলী পুখুৰীৰ পাৰৰ পৰা গুৱাহাটী উচ্চ ন্যায়লয়লৈ ঘোঁৰাত উঠি প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী শিৱিৰৰ নেতাগৰাকীয়ে (RP Sarmah rides horse protesting price rise)।

বিজেপি নেতৃত্বাধীন চৰকাৰক আভুৱা ভৰা কথা ক’বলৈ মানা কৰা আৰ পি শৰ্মাৰ মতে, যিদৰে শ্ৰীলংকা দুখীয়া হৈ গ’ল সেইদৰেই দুই-তিনিমাহৰ পাছত গুজৰাটো দৰিদ্ৰ হৈ যাব ৷ জনতাই শাসন কৰিবলৈহে চৰকাৰক দায়িত্ব দিয়ে, শোষণ কৰিবলৈ নহয় । ৰিৰোধী দলত থাকি এই কথা বুজি উঠিছে আৰ শৰ্মাই ৷

লগতে পঢ়ক: CPA সন্মিলনৰ বাবে সাজু অসম বিধানসভা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.