ETV Bharat / state

বান-গৰাখহনীয়াৰ বাবে সলনি হ'ব ধৰিছে অসমৰ ভৌগোলিক মানচিত্র - ৰাষ্ট্ৰীয় বান আয়োগ

বছৰি হাজাৰ হাজাৰ বিঘা ভূমি জাহ যায় নদীৰ বুকুত । বিগত ৭২ বছৰত অসমৰ ৪.২৭ লাখ হেক্টৰ ভূমি নদীৰ বুকুত জাহ গৈছে (Erosion in Assam) । ২৫০০খন গাঁও সম্পূৰ্ণৰূপে নৈৰ বুকুত জাহ গৈছে । বছৰি ৩-৪ বাৰকৈ অহা বানপানীৰ বাবে অসমৰ গড় হিচাপত বাৰ্ষিক ২০০ কোটি টকাৰ লোকচান হয় । ইমান ক্ষয়-ক্ষতিৰ পাছতো কিন্তু অসমৰ এই ভয়াৱহ বান আৰু গৰাখহনীয়া সমস্যাৰ সমস্যাৰ স্থায়ী সমাধান নহ'ল ।

Erosion in Assam
বান-গৰাখহনীয়াৰ বাবে সলনি হ'ব ধৰিছে অসমৰ ভৌগোলিক মানচিত্র
author img

By

Published : Mar 1, 2022, 6:24 PM IST

গুৱাহাটী, ১ মাৰ্চ: অসমৰ বাবে অভিশাপস্বৰূপ বান-গৰাখহনীয়াৰ বাবে সলনি হ'বলৈ ধৰিছে অসমৰ ভৌগোলিক মানচিত্ৰ । প্ৰত্যেক বছৰেই বান-খহনীয়াই অসমৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে । গৰাখহনীয়া আৰু নদীৰ গতি সলনি হোৱাৰ বাবে ১৯৫০ চনৰ পৰা বিগত ৭২ বছৰত অসমৰ ৪.২৭ লাখ হেক্টৰ ভূমি নদীৰ বুকুত জাহ গৈছে । বিগত সময়চোৱাত প্রায় ২৫০০খন গাঁও সম্পূৰ্ণৰূপে নৈৰ বুকুত জাহ গৈছে ।

বছৰি ৩-৪ বাৰকৈ অহা বানপানী(Assam flood crisis)ৰ বাবে অসমৰ গড় হিচাপত বাৰ্ষিক ২০০ কোটি টকাৰ লোকচান হয় । ইমান ক্ষয়-ক্ষতিৰ পাছতো কিন্তু অসমৰ এই ভয়াৱহ বান আৰু গৰাখহনীয়া সমস্যাৰ সমস্যাৰ স্থায়ী সমাধান নহ'ল । জলসম্পদ বিভাগৰ তথ্য মতে, ১৯৫৪ চনৰ ভয়াৱহ বানৰ পাছত কেন্দ্ৰীয় চৰকাৰে বানপানী নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ বাবে ৰাষ্ট্ৰীয় বান আয়োগ(National Flood Commission) গঠন কৰিছিল । প্ৰাপ্ত তথ্য অনুসৰি এই পর্যন্ত আয়োগৰ পৰামর্শ অনুসৰি ৪৪৭৪.৪২ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হৈছে, ৬৪২খন ডাঙৰ আৰু মজলীয়া আকাৰৰ শ্লুইচ গেট নির্মাণ কৰা হৈছে, ১৯৪৮খন গৰাখহনীয়া প্ৰতিৰোধমূলক আঁচনি লোৱাৰ উপৰি ৮৭৪.৯৭ কিলোমিটাৰ নলা নির্মাণ কৰা হৈছে । কিন্তু তাৰ পাছতো ৰাজ্যত বানপানী আৰু গৰাখহনীয়াৰ প্ৰকোপ কমা নাই (Erosion in Assam)। জলসম্পদ বিভাগৰ তথ্য অনুসৰি অসমৰ ৩১.৬০ লাখ হেক্টৰ ভূমি বানপানীৰ ক্ষেত্ৰত স্পর্শকাতৰ ।

উল্লেখ যে, অসমৰ মাটিকালিৰ ৪০ শতাংশ অঞ্চলেই বানপানী প্ৰভাৱিত । শেহতীয়া তথ্য মতে, ধেমাজি, যোৰহাট, নলবাৰী, নগাঁৱৰ ৪০-৫০ শতাংশ অঞ্চল, লখিমপুৰৰ ৫০-৬০ শতাংশ অঞ্চল, বৰপেটাৰ ৬০-৭০ শতাংশ অঞ্চল, দৰং আৰুমৰিগাঁৱৰ ৭০-৮০ শতাংশ অঞ্চলেই বান প্ৰৱণ (Flood affected districts in Assam)। জলসম্পদ বিভাগৰ পৰা তথ্য মতে বছৰি গড় হিচাপতঅসমৰ ৯.৩১ লাখ হেক্টৰ ভূমি বানৰ কৱলত পৰে । স্বাধীনতাৰ পাছত ১৯৫৪, ১৯৬২, ১৯৭২, ১৯৭৭, ১৯৮৪, ১৯৮৮, ১৯৯৮, ২০০২, ২০০৪, ২০০৮, ২০১৪ চনত অসমত প্ৰৱল বানপানী হৈছে । গড়ে বছৰি ২০০ কোটি টকাৰ ক্ষতি হিচাপত বিভাগৰ তথ্য মতে ১৯৯৮ চনত ৫০০ কোটি, ২০১৪ চনত ৭৭১ কোটি টকাৰ ক্ষতি হৈছিল ।

উল্লেখ্য যে, ২০১৬ চনত ৩ বাৰ, ২০১৭ চনত ৪ বাৰ, ২০১৮ চনত ২ বাৰ, ২০১৯ চনত ৪ বাৰ, ২০২০ চনত ৩ বাৰ বানপানী হৈছে । লক্ষণীয় বিষয় যে, প্ৰতি বছৰে বানপানীত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে আৰু বানপানীৰ চৰিত্ৰও সলনি হ'বলৈ ধৰিছে । তথ্য মতে অসমত গড়ে বাৰ্ষিক ৮০০০ হেক্টৰ মাটি খহনীয়াত জাহ যায় । অসমৰ গৰাখহনীয়াৰ ক্ষেত্ৰত ২৫ টা স্পর্শকাতৰ আৰু অতি বেছি খহনীয়া হোৱা অঞ্চল চিনাক্ত কৰা হৈছে । তাৰ ভিতৰত অতি বেছি খহনীয়া হোৱা অঞ্চলৰ তালিকাত ঠাই পাইছে ডিব্ৰুগড়ৰ ৰহমৰীয়া আৰু পলাশবাৰী অঞ্চলে । অসমৰ বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে বৰ্তমানৰ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও বাস্তৱ ক্ষেত্ৰত কিমান দূৰ ফলপ্ৰসু হ'ব সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক: Commercial LPG Cylinder prices increased : সাধাৰণ ৰাইজক মাধমাৰ শোধাই পুনৰ বৃদ্ধি চিলিণ্ডাৰৰ মূল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.