গুৱাহাটী,18 অক্টোবৰ: বিগত বৰ্ষৰ 3 নৱেম্বৰত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ নিৰুদ্দেশৰ ঘটনা । অতি ৰহস্যজনকভাৱে শৰাইঘাট দলঙৰ পৰা নিৰুদ্দেশ হৈছিল ডাঃ ৰবিন শইকীয়াৰ ক্লিনিকৰ কৰ্মচাৰী ৰঠিন দাস। শৰাইঘাটৰ ওপৰত উদ্ধাৰ হৈছিল ৰঠিন দাসে লৈ যোৱা চাৰিচকীয়া বাহনখন। এই ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী চকীত 1768/18 নম্বৰত ৰুজু কৰা হৈছিল গোচৰ ৷ কিন্তু আজিলৈকে কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷
ইফালে পৰিয়ালৰ সন্দেহ ডাঃ ৰবিন শইকীয়া আৰু নিপু আলীয়ে মিলি হত্যা কৰিছে ৰঠিন দাসক। কিয়নো ন্যায়ালয়ত চলি থকা গোচৰ নিষ্পত্তি নৌহওতেই জব্দকৃত চাৰিচকীয়া বাহন আৰক্ষীৰ জিম্মাৰ পৰা লৈ যায় ডাঃ ৰবিন শইকীয়াই। যাৰে বাবে ক্ষোভিত হৈ পৰিছে ৰঠিন দাসৰ পৰিয়াল । ঘটনাৰ তদন্তৰ বাবে শুকুৰবাৰে জালুকবাৰী আৰক্ষীয়ে তলব কৰে নিপু আলীক । শীৰ্ষ আৰক্ষী বিষয়াই জেৰা অব্যাহত ৰাখিছে নিপু আলীক ।