ETV Bharat / state

দীপৰ বিলত ৰাইজিং ছান ৱাটাৰ ফেষ্ট-ৰিভিজিটিং শৰাইঘাট শীর্ষক জলক্রীড়া মহোৎসৱ - বীৰ সেনানী লাচিত বৰফুকন

দীপৰ বিলত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ৰাইজিং ছান ৱাটাৰ ফেষ্ট-ৰিভিজিটিং শৰাইঘাট 2023 ৷ দীপৰ বিলত অনুষ্ঠিত নৌকা চালনা ৰয়িং, মটৰ বটিং আদিকে ধৰি বিভিন্ন জলক্ৰীড়া । লগতে আছে সংগীত আৰু নৃত্যানুষ্ঠান, নাট পৰিৱেশন ৷

Rising Sun Water Festival
দীপৰ বিলত ৰাইজিং ছান ৱাটাৰ ফেষ্ট
author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 4:36 PM IST

গুৱাহাটী, ১৮ নৱেম্বৰ : ঐতিহাসিক শৰাইঘাটৰ যুদ্ধৰ স্মৃতি যুগমীয়া কৰাৰ লগতে আৰু বীৰ সেনানী লাচিত বৰফুকনৰ সাহসিকতাৰ প্ৰচাৰৰ উদ্দেশ্যে আৰম্ভ হৈছে ক্ৰীড়া মহোৎসৱ ৷ ভাৰতীয় সেনাৰ ইষ্টার্ণ কমাণ্ডৰ অধীনৰ ৰেড হৰ্নছ ডিভিজন আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত দীপৰ বিলত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে "ৰাইজিং ছান ৱাটাৰ ফেষ্ট-ৰিভিজিটিং শৰাইঘাট 2023'' শীর্ষক জলক্ৰীড়া মহোৎসৱ ।

শুকুৰবাৰে দীপৰ বিলৰ পাৰত আয়োজিত এক অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া আৰু ভাৰতীয় সেনাৰ চতুৰ্থ ক্ৰপছৰ জেনেৰেল অফিচাৰ কমাণ্ডিং লেফটেনেন্ট জেনেৰেল মনীষ এৰীয়ে এই জলক্ৰীড়া মহোৎসৱৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । ৰাজ্য চৰকাৰ আৰু ভাৰতীয় সেনা বাহিনীৰ ইষ্টাৰ্ন কমাণ্ডৰ উদ্যোগত ২০ নৱেম্বৰলৈ চলিবলগীয়া উক্ত অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে অসমৰ লগতে উত্তৰ-পূবত পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে গৌৰৱপূৰ্ণ ১৬৭১ চনৰ শৰাইঘাট যুদ্ধৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা ।

মন্ত্ৰী বিমল বড়াই আশা প্ৰকাশ কৰে যে উক্ত মহোৎসৱে সমগ্ৰ অঞ্চলটোৰ আৰ্থ-সামাজিক বিকাশ, আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰিবলৈ সক্ষম হোৱাৰ লগতে অনাগত দিনত উত্তৰ-পূৰ্বাঞ্চলত জলক্ৰীড়াৰ জনপ্ৰিয়তা আৰু প্ৰচাৰৰ ক্ষেত্ৰত এক নতুন আৰম্ভণিৰ সূচনা কৰিব ৷ উল্লেখ্য যে মহোৎসৱৰ লগত সংগতি ৰাখি দীপৰ বিলত নৌকা চালনা ৰয়িং, মটৰ বটিং আদিকে ধৰি বিভিন্ন জলক্ৰীড়া অনুষ্ঠিত হ'ব ।

শুকুৰবাৰে উদ্বোধনী অনুষ্ঠানত ভাৰতীয় সেনাৰ তিনিখন হেলিকপ্টাৰে দীপৰ বিলৰ চৌদিশে কেবাবাৰো দৃষ্টিনন্দন উৰণ সম্পন্ন কৰে । জলক্ৰীড়া মহোৎসৱ উপভোগ কৰিবলৈ দীপৰ বিলৰ দাঁতিকাষৰীয়া কেবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীকে ধৰি স্থানীয় ৰাইজ উপস্থিত হোৱা পৰিলক্ষিত হয় । তদুপৰি মহোৎসৱৰ লগত সংগতি ৰাখি কেবাটাও আত্মসহায়ক গোটৰ সহযোগিতাত এখন আকৰ্ষণীয় প্ৰদৰ্শনীও অনুষ্ঠিত হৈছে ।

ইপিনে মহোৎসৱৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানত কেবাগৰাকী শিল্পীয়ে সংগীত আৰু নৃত্যানুষ্ঠান, নাট পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে । মহোৎসৱস্থলীত মহাবীৰ লাচিত বৰফুকনকে ধৰি কেবাগৰাকী সেনাপতিৰ প্ৰতিমূৰ্তি একেলগে সুন্দৰকৈ প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে । দীপৰ বিলত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত মহোৎসৱখনৰ প্ৰতি দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজৰ মাজত যথেষ্ট উৎসুকতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : ষঠ পূজা উপলক্ষে গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নির্দেশনা মহানগৰ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.