ETV Bharat / state

গণ আক্ৰমণত জড়িত লোকসকলক শাস্তি প্ৰদানৰ বাবে কঠোৰ আইনৰ দাবী ৰিপুন বৰাৰ - ঝংকাৰ শইকীয়া

ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে গণ আক্ৰমণৰ ঘটনা। ঝংকাৰ শইকীয়াৰ পৰা সনাতন, দেৱাশীষ,ঋতুপৰ্ণলৈকে ৰাজ্যত বহু লোক বলি হৈছে এই গণ আক্ৰমণত ৷ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ ৷

Ripun Bora's calls for stricter laws to punish people involved in mass attacks
গণ আক্ৰমণ জড়িত লোকসকলক শাস্তি প্ৰদানৰ বাবে কঠোৰ আইনৰ দাবী ৰিপুন বৰাৰ
author img

By

Published : Jun 15, 2020, 6:29 PM IST

গুৱাহাটী,15জুনঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে গণ আক্ৰমণৰ দ্বাৰা হত্যাকাণ্ড সংঘটিত হোৱা ঘটনা। ঝংকাৰ শইকীয়াৰ পৰা সনাতন, দেৱাশীষ, ঋতুপৰ্ণলৈকে ৰাজ্যত বহু লোক বলি হৈছে এই গণ আক্ৰমণত ৷ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ ৷ সোমবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত সভাপতি ৰিপুন বৰাই এনে অমানৱীয় ঘটনাৰ লগত জড়িত লোক সকলক ফাঁচীৰ নিচিনা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে বুলি দাবী কৰে ৷ ইয়াৰ উপৰিও চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰিব লাগে বুলিও মন্তব্য কৰে ৰিপুন বৰাই ৷ ইয়াৰ লগতে ৰাজ্যসভা আৰু লোকসভাত গণ আক্ৰমণ বিৰোধী বিল পাছ হোৱাৰ পিছতো আজি পৰ্যন্ত ৰাষ্ট্ৰপতিয়ে ইয়াক অনুমোদন নকৰাত অসন্তুষ্টি প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীয়ে।

গণ আক্ৰমণ জড়িত লোকসকলক শাস্তি প্ৰদানৰ বাবে কঠোৰ আইনৰ দাবী ৰিপুন বৰাৰ

সংবাদমেলত সভাপতি ৰিপুন বৰাই লক ডাউনৰ বাবে বন্ধ হৈ থকা বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰী সকলৰ মাচুল এপ্ৰিল মাহত ৫০ শতাংশ ৰেহাই দিয়া সন্দৰ্ভত কয় যে, চৰকাৰে বিদ্যালয় সমূহ পুনৰ মুকলি নোহোৱা পৰ্যন্ত ৫০ শতাংশ মাচুল ৰেহাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। আনহাতে,অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পিছতো ভাৰতত খাৰুৱা তেলৰ মূল্য প্ৰতিদিনে বৃদ্ধি পোৱা সন্দৰ্ভত মন্তব্য কৰি কয় যে, চৰকাৰে অধিক হাৰত এক্সিজ টেক্স লগাই দিয়াৰ বাবেই খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাইছে। বিজেপি চৰকাৰখন দুখীয়া ৰাইজৰ চৰকাৰ নহয়, এইখন কেৱল পুঁজিপতিৰ চৰকাৰ বুলিও বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে সভাপতি ৰিপুন বৰাই ৷

লগতে পঢ়কঃমৰণোত্তৰ পৰীক্ষাত আত্মহত্যাৰ তথ্য স্পষ্ট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.