গুৱাহাটী, ৮ ছেপ্টেম্বৰ: গুৱাহাটীত থকা উত্তৰ পূবৰ কম্প্ৰিহেনছিভ ক্লেফ্ট কেয়াৰ চেণ্টাৰলৈ (Guwahati Comprehensive Cleft Care Centre)ভাৰতীয় ৰে’লৱে বিত্ত নিগমে (Railway Finance Corporation of India) শেহতীয়াকৈ আৰ্থিক সাহায্য আগবঢ়াইছে ৷ সোমবাৰে ক্লেফ্ট কেয়াৰ চেণ্টাৰত উপস্থিত হৈ ভাৰতীয় ৰে’লৱে বিত্ত নিগমৰ চি এম ডি অমিতাভ বেনাৰ্জীয়ে এই কথা সদৰী কৰে ৷ ভাৰতীয় ৰে’লৱে বিত্ত নিগমে চি আৰ এছ আচনিৰ অধীনত ২ শতাধিক ওঁঠ আৰু তালু ফটা শিশুৰ চিকিৎসা বিনামূলীয়াকৈ কৰাৰ বাবে মিছন স্মাইলক ৯০ লাখ টকাৰ অনুদান আগবঢ়াইছে (RFC India donates to Comprehensive Cleft Care Centre in North East)।
ইয়াৰে ৫০ টি ওঁঠ আৰু তালু ফটা শিশুৰ চিকিৎসা বিনামূলীয়াকৈ গুৱাহাটীত থকা উত্তৰ পূবৰ কম্প্ৰিহেনচিভ ক্লেফ্ট কেয়াৰ চেণ্টাৰত কৰাৰ ব্যৱস্থা কৰা হৈছে। বেনাৰ্জীয়ে কয়, "কম্প্ৰিহেনছিভ ক্লেফ্ট কেয়াৰ চেন্টাৰে ওঁঠ আৰু তালু ফটা শিশুৰ চিকিৎসাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ৷ আমি ক্লেফ্ট কেয়াৰ চেন্টাৰৰ কামকলৈ সন্তুষ্ট। যোৱা বছৰতো আমি আৰ্থিক সহায় আগবঢ়াইছো । এইবাৰ যোৱা বছৰতকৈ বেছি সহায় ক্লেফ্ট কেয়াৰ চেন্টাৰলৈ আগবঢ়োৱা হৈছে ৷"
চিকিৎসা চেন্টাৰৰ কম্প্ৰিহেনছিভ ক্লেফ্ট কেয়াৰ চেন্টাৰৰ সহকাৰী মহাপ্ৰবন্ধক দীপুল মালাকৰে কয় যে যোৱা ৫ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ কম্প্ৰিহেনছিভ ক্লেফ্ট কেয়াৰ চেন্টাৰৰ ওঁঠ আৰু তালু ফটা শিশুৰ চিকিৎসাৰ সপ্তাহ পালন কৰা হৈছে ৷ এই চিকিৎসাৰ সপ্তাহৰ ওঁঠ আৰু তালু ফটা শিশুৰ চিকিৎসা কৰাৰ বাবে ক্লেফ্ট কেয়াৰ চেন্টাৰলৈ সূদূৰ ৰাছিয়াৰ পৰা এগৰাকী চিকিৎসক আহিছে ৷ ৰাছিয়াৰ মস্কো চহৰৰ বাসিন্দা চিকিৎসক ডাঃ য়ুৰী পেট্ৰ’ৱস্কীয়ে কয় যে তেওঁ কিছুমাহ পূৰ্বে কেয়াৰ চেন্টাৰলৈ আহি ওঁঠ আৰু তালু ফটা চিকিৎসাৰ প্ৰশিক্ষণ লৈছিল ৷
এতিয়া তেওঁ কম্প্ৰিহেনছিভ ক্লেফ্ট কেয়াৰ চেন্টাৰত চলি থকা ওঁঠ আৰু তালু ফটা শিশুৰ চিকিৎসাৰ সপ্তাহত অংশগ্ৰহণ কৰিবলৈ আহিছে। চিকিৎসক য়ুৰীয়ে কয়, "ভাৰতকৈ ৰাছিয়াত ওঁঠ আৰু তালু ফটা শিশুৰ সংখ্যা কম। ক্লেফ্ট কেয়াৰ চেন্টাৰত ওঁঠ আৰু তালু ফটা শিশুৰ চিকিৎসা উন্নতধৰণে হয়।"
উল্লেখ্য ২০০৯ চনতে অসম চৰকাৰ আৰু ‘স্মাইল ইণ্ডিয়াৰ’ সৈতে সম্পাদিত হোৱা এক চুক্তিৰ ভিত্তিত ওঁঠ ফটা চিকিৎসাৰ বাবে এই কম্প্ৰিহেনছিভ ক্লেফ্ট কেয়াৰ চেন্টাৰ গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত স্থাপন কৰা হৈছিল । উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এইখনেই একমাত্ৰ চিকিৎসা কেন্দ্ৰ য’ত এইধৰণৰ চিকিৎসা বিনামূলীয়াকৈ কৰা হয়।
পৰৱৰ্তী সময়ত ২০২০-২১ চনত এই চিকিৎসা কেন্দ্ৰটো মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ পৰা স্থানান্তৰিত কৰি পানবজাৰৰ ওচৰৰ বাগ্ৰী শিশু কেন্দ্ৰলৈ অনা হয় । এই চিকিৎসা কেন্দ্ৰটোত এতিয়ালৈ অৰ্থাৎ ২০০৯ চনৰ পৰা ২০২২ চনৰ জুলাই পৰ্য্যন্ত ২১,৯৮২ জন ওঁঠ ফটা আৰু তালু ফটাৰ চিকিৎসা সম্পন্ন কৰা হৈছে ৷
লগতে পঢ়ক: আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যিক সমাৰোহ উদ্বোধন মন্ত্ৰী কেশৱ মহন্তৰ