ETV Bharat / state

জিলা প্ৰশাসনৰ অনুমতি অবিহনে গুৱাহাটীত খান্দিব নোৱাৰিব ৰাস্তা

author img

By

Published : Jun 8, 2022, 7:38 PM IST

কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন সমিতিৰ সভা ৷ সভাত গ্ৰহণ কৰা হয় কেইবাটাও সিদ্ধান্ত ৷ জিলাখনৰ সকলো বিদ্যালয়তে থাকিব লাগিব খোৱাপানী ৷

জিলা প্ৰশাসনৰ অনুমতি অবিহনে গুৱাহাটীত খান্দিব নোৱাৰিব ৰাস্তা
জিলা প্ৰশাসনৰ অনুমতি অবিহনে গুৱাহাটীত খান্দিব নোৱাৰিব ৰাস্তা

গুৱাহাটী, 8 জুন: এতিয়াৰে পৰা কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ অনুমতি অবিহনে কোনো কাৰণতে কোনো বিভাগ বা সংস্থাই জিলাখনত ৰাস্তা খান্দিব নোৱাৰিব ৷ জনসাধাৰণৰ যাতায়ত সুচল কৰি ৰখাৰ বাবে প্ৰশাসনে এই স্থিতি গ্ৰহণ কৰিছে । আজি কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত জিলা উন্নয়ন সমিতিৰ এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় (Various decisions have taken in review meeting by DC Kamrup metro) ।

অতিৰিক্ত উপায়ুক্ত সুকন্যা বৰা, সহকাৰী আয়ুক্ত অনুৰাগ ৰুদ্ৰৰ উপস্থিতিত আৰু জিলাখনৰ সকলো মূৰব্বী বিষয়াই অংশগ্ৰহণ কৰা সভাত প্ৰত্যেকটো বিভাগতে চলি থকা কাম-কাজৰ বিতং পৰ্যালোচনা কৰে উপায়ুক্তগৰাকীয়ে । জিলাখনৰ সকলো বিদ্যালয়তে খোৱাপানী থাকিব লাগিব বুলি মন্তব্য কৰি উপায়ুক্তগৰাকীয়ে সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু বিদ্যালয় উপ-পৰিদৰ্শকক উক্ত বিষয়ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে (Every schools must have drinking water facility) ।

নীল নিৰ্মল যোজনা, জলজীৱন আঁচনিৰ উপৰি অংগনবাড়ী কেন্দ্ৰসমূহত পানী যোগান নিশ্চিত কৰাৰ বিষয়তো সভাত আলোচনা কৰা হয় । সেইদৰে কৃষকৰ আধাৰ কাৰ্ড প্ৰস্তুতৰ উপৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, শ্ৰম, ভূমি সংৰক্ষণ আদি বিভাগসমূহৰ কাম-কাজৰ অগ্ৰগতি ত্বৰান্বিত কৰাৰ সম্বন্ধে সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় পৰামৰ্শ দিয়া হয় । চাৰাবভাটি উৰণীয়া সেঁতু, মালিগাওঁ উৰণীয়া সেঁতু আৰু আজাৰা ৰেলৱে ষ্টেচনৰ উৰণীয়া সেঁতু নিৰ্মাণৰ যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণৰ বাবে উপায়ুক্তগৰাকীয়ে সভাত সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক: নতুন মন্ত্ৰী: কাইলৈ শপত ল'ব জয়ন্তমল্ল বৰুৱা-নন্দিতা গাৰ্লোচাই

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.