ETV Bharat / state

সোণোৱাল চৰকাৰৰ অন্তিমখন বাজেটক আদৰণি ৰাজ্যৰ চাহ সংগঠনৰ

author img

By

Published : Mar 6, 2020, 10:30 PM IST

বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা বাজেটত ন ন আঁচনি অন্তৰ্ভূক্ত কৰা হৈছে ৷ চৰকাৰে বিশেষকৈ 2021 ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উক্ত বাজেট প্ৰস্তুত কৰা বুলি কব পৰা যায় ৷ সোণোৱাল চৰকাৰে দাখিল কৰা অন্তিমখন বাজেটক আদৰণি জনাইছে ৰাজ্যৰ চাহ উদ্যোগৰ লগত জড়িত সংগঠনসমূহে ৷

Reaction of tea realated party after assam budget 2020 Assam etv bharat news
বাজেটক আদৰণি ৰাজ্যৰ চাহ সংগঠনৰ

নিউজ ডেস্ক,6 মাৰ্চঃ পৰৱৰ্তী বিধানসভা নিৰ্বাচনক লক্ষ্য ৰাখি বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে ঘোষণা কৰা বাজেটত ন ন আঁচনি অন্তৰ্ভূক্ত কৰা হৈছে ৷ বিশেষকৈ চাহ বাগিচা অধ্যুষিত এলেকাৰ জনসাধাৰণক বিশেষভাৱে সামৰি সুকীয়া আঁচনি গ্ৰহণ কৰা হৈছে বাজেটত ৷ বাজেটত উত্থাপন কৰা অনুসৰি চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলে মাতৃত্ব লাভৰ সময়ত বিশেষ সুবিধা লাভ কৰিব ৷ বাগিচাৰ অৱসৰ গ্ৰহণ কৰা ৰাজ্যৰ শ্ৰমিকসকললৈ বিশেষ সুবিধা প্ৰদান কৰা হ’ব ৷

উল্লেখ্য যে, বিত্ত মন্ত্ৰীৰ বাজেট ঘোষণাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চাহ বাগিচাৰ সৈতে জড়িত বিভিন্ন সংগঠনসমূহে ৷ অসম চাহ বাগিচা যৌথ সংগঠন, উত্তৰ-পূৱৰ চাহ সংগঠন আৰু ভাৰতীয় চাহ পৰিষদে বিত্তমন্ত্ৰী গৰাকীৰ এই ঘোষণাত সন্তোষ প্ৰকাশ কৰিছে ৷ লগতে মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী আৰু উদ্যোগমন্ত্ৰীক চাহৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিশেষ আঁচনিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ বিশেষ চাহ আঁচনিৰ জৰিয়তে চৰকাৰে ৰাজ্যৰ চাহ বাগিচাসমূহত উৎপাদন হোৱা অৰ্থড’ক্স চাহৰ প্ৰতি কেজিত 7 টকাক ৰেহাই দিয়াৰ লগতে কৃষিখণ্ডত তিনিবছৰলৈ উৎপাদন কৰ ৰেহাই দিয়া হৈছে ৷ চাহ উদ্যোগবোৰলৈ ঋণৰ ক্ষেত্ৰত 3 শতাংশ হাৰে সুদ তথা মূলধনৰ সাহায্য আগবঢ়োৱা হ’ব ৷ সংকটৰ কবলত পৰা চাহ উদ্যোগসমূহৰ ক্ষেত্ৰত চৰকাৰৰ এই পদক্ষেপে বিশেষ সহায় কৰিব বুলি চাহ সংগঠনসমূহে ব্যক্ত কৰে ৷

গুৱাহাটীস্থিত অসমৰ একমাত্ৰ চাহ নিলাম কেন্দ্ৰৰ 50 বছৰীয়া বৰ্ষপুৰ্তিৰ লগত সংগতি ৰাখি ঘোষণা কৰা চাহ সংগ্ৰহালয় স্থাপনৰ খবৰে সুখৰ বতৰা কঢ়িয়াই আনিছে উদ্যোগটোৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ ৷ উত্তৰ-পূৱ চাহ সংগঠন চমুকৈ নেতাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে চৰকাৰক পূৰ্বতে গ্ৰীণ টি, হোৱাইট টী, পাৰপল টী, য়েল্ল’ টী, অ’লংগ টী আৰু প্ৰতিবিধ বিশেষ গুণাগুণেৰে ভৰপূৰ চাহৰ উৎপাদনৰ ক্ষেত্ৰত প্ৰতি কেজিত 7 টকাকৈ চৰকাৰে ৰেহাই ঘোষণাৰ পিছত ক্ষুদ্ৰ চাহ খেতিয়কসকলে উৎপাদনৰ বাবে উৎসাহ লাভ কৰিব বুলি প্ৰকাশ কৰে ৷ সম্প্ৰতি সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰা বিশেষ গুণাগুণেৰে ভৰপূৰ চাহ বছৰেকত প্ৰায় 70 মিলিয়ন কেজিকৈ উৎপাদন কৰি আহিছে চাহ খেতিয়কসকলে ৷ যি ৰাজ্যৰ মুঠ উৎপাদন হোৱা চাহৰ পৰিমাণৰ প্ৰায় 10 শতাংশ ৷ এই পদক্ষেপে গুণগত মান বঢ়োৱাৰ ক্ষেত্ৰতো সহায়ক হ’ব বুলি বৰকাকতীয়ে উল্লেখ কৰে ৷

বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা বাজেটত চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলে লাভ কৰা অনুদান 12,000 টকাৰ পৰা 18,000 টকালৈ বৃদ্ধি কৰিছে ৷ চাহ শ্ৰমিকসকললৈ 4 কেজিকৈ বিনামূলীয়া চেনি যোগান ধৰিব চৰকাৰে ইত্যাদি বিভিন্ন আঁচনিৰে সমৃদ্ধ সোণোৱাল চৰকাৰৰ অন্তিমখন বাজেটক আদৰণি জনাইছে ৰাজ্যৰ চাহ উদ্যোগৰ লগত জড়িত ভিন্ন সংগঠনসমূহে ৷

লগতে চাওকঃবাজেটক লৈ মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অতুল বৰাৰ প্ৰতিক্ৰিয়া

For All Latest Updates

TAGGED:

Reaction
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.