ETV Bharat / state

Loksabha election 2024 : 2024 ৰ নিৰ্বাচনৰ বাবে বিৰোধীয়ে সাজু কৰিছে ওৱান টু ওৱান ফৰ্মুলা - reaction of lurinjyoti gogoi regarding meeting

গণতন্ত্ৰ, সংবিধান ৰক্ষাৰ স্বাৰ্থত প্ৰতিটো বিৰোধী দল একত্ৰিত হোৱাটো অতি প্ৰয়োজনীয় ৷ লোকসভা নিৰ্বাচনত প্ৰতিটো সমষ্টিত প্ৰয়োগ কৰা হ'ব ওৱান টু ওৱান ফৰ্মুলা ৷ বৃহস্পতিবাৰে নিশা 11 টা বিৰোধী ৰাজনৈতিক দলৰে হোৱা বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত এনেদৰে কয় এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে (Lurinjyoti Gogoi reaction on Loksabha election) ৷

Loksabha election 2024
বিৰোধীয়ে সাজু কৰিছে ওৱান টু ওৱান ফৰ্মুলা
author img

By

Published : Apr 28, 2023, 10:27 AM IST

লোকসভা নিৰ্বাচন সন্দৰ্ভত এজেপিৰ লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 28 এপ্ৰিল: প্ৰতিটো ৰাজনৈতিক দলৰ দৃষ্টিভংগী বেলেগ বেলেগ হ'লেও একমাত্র বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত সকলো একত্রিত হৈছে - এই মন্তব্য অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈৰ । বৃহস্পতিবাৰে নিশা কংগ্ৰেছৰ নেতৃত্বত 11 টা বিৰোধী ৰাজনৈতিক দলৰে হোৱা বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত আগন্তক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত এইদৰে কয় এজেপিৰ সভাপতিগৰাকীয়ে (AJP Lurinjyoti Gogoi at opposition party)।

তেওঁ কয় যে আদর্শগত পাৰ্থক্য থাকিলেও বৰ্তমান পৰিস্থিতিত দলীয় মত-পাৰ্থক্যক একাশৰীয়া কৰি বিৰোধী শক্তিয়ে সন্মিলিতভাৱে বিজেপিৰ ফেচীবাদী শাসনৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাটো সময়ৰ আহ্বান । 11 টা দলৰ ঐক্যৱদ্ধ বৈঠকত জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ বক্তব্য আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগত আলোচনা কৰাৰ উপৰি আন বিভিন্ন বিষয়ত আলোচনা কৰা হয় । সত্যপাল মালিকে অভিযোগ কৰা অনুসৰি পুলৱামাৰ ঘটনাৰ বাবে কেন্দ্ৰীয় চৰকাৰ দায়ী আৰু বিজেপিয়ে উক্ত ঘটনাৰ পৰা ৰাজনৈতিক মুনাফা লৈ নিৰ্বাচন খেলিছিল । কিন্তু এই অভিযোগ সন্দৰ্ভত প্ৰধানমন্ত্ৰীকে ধৰি কেন্দ্ৰীয় চৰকাৰখনৰ মৌনতাই প্ৰাক্তন ৰাজ্যপালগৰাকীৰ অভিযোগক সঁচা বুলিয়ে প্ৰতীয়মান কৰিছে (Satya pal Malik pulwama) ৷

সত্যপাল মালিকে উত্থাপন কৰা অভিযোগৰ নিৰপেক্ষ তদন্ত দাবী কৰি এজেপিৰ সভাপতিগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰ্যবেক্ষণত সৰ্বোচ্চ আদালতৰ এগৰাকী ন্যায়াধীশৰ দ্বাৰা পুলৱামাৰ ঘটনাৰ তদন্ত হোৱা উচিত বুলি কয় । একেদৰে সত্যপাল মালিকে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অনা পোনপটীয়া অভিযোগৰো তদন্ত সৰ্বোচ্চ আদালতৰ এগৰাকী ন্যায়াধীশৰ দ্বাৰা কৰাৰ বাবে গগৈয়ে পোষকতা কৰে । গগৈয়ে লগতে কয় যে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিটো সমষ্টিত ওৱান টু ওৱান ফৰ্মুলা প্ৰয়োগ কৰা হ'ব । অৰ্থাৎ বিজেপিৰ প্ৰাৰ্থীৰ বিৰুদ্ধে সন্মিলিত বিৰোধীৰ মাত্ৰ এজন প্ৰাৰ্থীহে অৱতীৰ্ণ কৰোৱা হ'ব বুলি কয় (Loksabha Election 2024)।

ইয়াৰ বাবে প্ৰতিটো দলে এৰা-ধৰা কৰা উচিত । প্ৰয়োজনত তেনে এৰা-ধৰাৰ বাবে অসম জাতীয় পৰিষদ সাজু আছে বুলিও তেওঁ কয় । আনহাতে সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ প্ৰসংগত গগৈয়ে অসম জাতীয় পৰিষদ দলে ইয়াৰ বিৰোধিতা কৰিছে বুলি স্পষ্টকৈ উল্লেখ কৰে । এন আৰ চিৰ কাম সম্পূৰ্ণ নোহোৱাকৈ কি যুক্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব বুলিও প্ৰশ্ন উত্থাপন কৰে লুৰীণজ্যোতি গগৈয়ে । ইয়াৰ বাবে ৰাজ্যিক মুখ্য নিৰ্বাচন আয়ুক্তৰ লগতে ৰাষ্ট্ৰীয় নিৰ্বাচন আয়ুক্তকো সাক্ষাৎ কৰা হ’ব বুলি তেওঁ কয় (Constituency delimitation in Assam) ।

বিজেপিৰ স্বৈৰাচাৰী শাসন ব্যৱস্থাৰ পৰা দেশক মুক্ত কৰিবলৈ হ'লে বিৰোধী শক্তি একত্রিত হ'ব লাগিব বুলি সংবাদমেলখনত উল্লেখ কৰে এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

লগতে পঢ়ক : Drinking Water issue : এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কলিয়াবৰবাসীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.