ETV Bharat / state

'শীঘ্ৰে কমিব ক'ভিডৰ দ্ৰুত সংক্ৰমণ': GMCH Superintendent - শীঘ্ৰে কমিব ক'ভিডৰ দ্ৰুত সংক্ৰমণ

ৰাজ্যত অব্যাহত আছে ক'ভিডৰ দ্ৰুত সংক্ৰমণ । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক অভিজিৎ শৰ্মাই আশংকা ব্যক্ত কৰি কয় যে এই সংক্ৰমণ অতি শীঘ্ৰে হ্ৰাস হ'ব (Rapid covid infection will reduce soon)। সকলোকে সাৱধান হ'বলৈও আহ্বান জনায় অধীক্ষকগৰাকীয়ে ।

GMCH Superintendent
শীঘ্ৰে কমিব ক'ভিডৰ দ্ৰুত সংক্ৰমণ
author img

By

Published : Jan 22, 2022, 8:28 PM IST

গুৱাহাটী,২২ জানুৱাৰী : ৰাজ্যত সম্প্ৰতি ক'ভিডৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । প্ৰায় প্ৰতিখন জিলাতে ক'ভিডৰ দ্ৰুত সংক্ৰমণে শংকিত কৰি ৰাখিছে ৰাজ্যবাসীক । কিন্তু অতি শীঘ্ৰে ক'ভিডৰ এই দ্ৰুত সংক্ৰমণ হ্ৰাস হ'ব (Rapid covid infection will reduce soon)। এই মন্তব্য গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক অভিজিৎ শৰ্মাৰ ।

শনিবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰাৰ লগতে তেওঁ কয় যে প্ৰতিষেধক লোৱা ব্যক্তিসকলৰ বাবে চিন্তাৰ বিশেষ কাৰণ নাই; কিন্তু নোলোৱাসকলৰ বাবে ক'ভিডৰ এই তৃতীয় ঢৌ কিছু জটিল হোৱাৰ সম্ভাৱনা আছে । ইফালে বজাৰত উপলব্ধ সকলো মাস্কে ক'ভিড প্ৰতিৰোধ কৰিব নোৱাৰে বুলিও মন্তব্য কৰে অধীক্ষকগৰাকীয়ে । সেয়েহে ৬ টা আৱৰণযুক্ত এন-৯৫ (N95) মাস্ক পিন্ধিবলৈ ৰাইজক আহ্বান জনায় অধীক্ষক অভিজিৎ শৰ্মাই । আনহাতে মাস্ক নাকৰ তলত পৰিধান কৰিলে অথবা সামাজিক দূৰত্ব মানি নচলিলে ক'ভিডক ৰোধ কৰা কঠিন হ'ব বুলিও উল্লেখ কৰে অভিজিৎ শৰ্মাই ।

শীঘ্ৰে কমিব ক'ভিডৰ দ্ৰুত সংক্ৰমণ

অধীক্ষকগৰাকীয়ে জনোৱা মতে ক'ভিডৰ তৃতীয় ঢৌত জি এম চি এইচত এই পৰ্যন্ত চিকিৎসাধীন হৈছে ৬৯৩ গৰাকী ৰোগী । ইয়াৰে ৫৩৭ গৰাকী ৰোগীয়ে লৈছে প্ৰতিষেধক । ৫৮ গৰাকীয়ে লৈছে প্ৰতিষেধকৰ প্ৰথম পালি আৰু ৪৯৯ গৰাকীয়ে লৈছে দ্বিতীয় পালি । আনহাতে তেওঁ জনোৱা মতে প্ৰতিষেধক লোৱা নাই ১৫৭ গৰাকী ৰোগীয়ে ।

লক্ষণীয়ভাৱে জি এম চি এইচত ৪০ৰ পৰা ৪৫ গৰাকীকৈ নাৰ্ছ ক'ভিডত আক্ৰান্ত হৈছে (Covid infection in Gmch)। অধীক্ষক গৰাকীৰ মতে নাৰ্ছ আক্ৰান্ত হ'লেও বেছি চিন্তাৰ কাৰণ নাই, কাৰণ জি এম চি এইচত আছে ৮০০ গৰাকীকৈ নাৰ্ছ । আনহাতে হাস্পতালখনত ৩০ৰ পৰা ৩৫ গৰাকী চিকিৎসকো আক্ৰান্ত হৈছে ক'ভিডত, কিন্তু তেওঁলোকে নিজেই যত্ন লৈছে ।

লগতে পঢ়ক :দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ অধীনত এতিয়াৰে পৰা বন্ধ কামৰূপৰ বনভোজস্থলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.