ETV Bharat / state

কন্যাৰ মৃতদেহ উলিওৱাৰ অনুমতিৰ বাবে আদালতৰ চৌহদত এহাল দম্পত্তি.... - ৰঙিয়া দম্পত্তিৰ কন্যাৰ মৃত্যুৰ অভিযোগ হিতেন্দ্ৰ কলিতাৰ ওপৰত

নিজ কন্যাক হেৰুৱাৰ বেদনা বুকুত লৈ বিগত দুদিন ধৰি আদালতৰ চৌহদে চৌহদে ঘূৰি ফুৰিছিল দম্পত্তিহাল ৷ অৱশেষত শনিবাৰে খান্দি উলিওৱা হ'ব সমাধিস্থ শিশুটিৰ মৃতদেহ ।

4 ফেব্ৰুৱাৰীত মৃত্যু হয় নৱজাতকটিৰ
4 ফেব্ৰুৱাৰীত মৃত্যু হয় নৱজাতকটিৰ
author img

By

Published : Feb 7, 2020, 9:46 PM IST

Updated : Feb 8, 2020, 5:16 PM IST

গুৱাহাটী,7 ফেব্ৰুৱাৰীঃ অৱশেষত তিনিদিনৰ অন্তত দণ্ডাধীশৰ অনুমতিয়ে কিছু সকাহ দিছে এহাল দম্পত্তিক ৷ নিজ কন্যাক হেৰুৱাৰ বেদনা বুকুত লৈ বিগত দুদিন ধৰি আদালতৰ চৌহদে চৌহদে ঘূৰি ফুৰিছিল এহাল স্বামী-স্ত্ৰীয়ে । উদ্দেশ্য মাথো মৃত কন্যা সন্তানটিক ন্যায় দিয়া। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, ৰঙিয়া স্বস্তি হাস্পাতালৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ড0 হিতেন্দ্ৰ কলিতাৰ তত্বাৱধানত 9 জানুৱাৰীত অস্ত্ৰোপচাৰৰ জৰিয়তে মহিলাগৰাকীয়ে জন্ম দিছিল এটি কন্যা সন্তানক ।

কিন্তু জন্মৰ পাছতে ক্ৰমাৎ অসুস্থ হৈ পৰিছিল শিশুটি । স্বস্তি হাস্পাতালত সদ্যজাত শিশুটিৰ চিকিৎসা অব্যাহত আছিল যদিও সুস্থ হোৱা নাছিল শিশুটি। পৰৱৰ্তী সময়ত কন্যা শিশুটিক মহানগৰস্থিত প্ৰতীক্ষা হাস্পতালত ভৰ্তি কৰে পিতৃ-মাতৃয়ে। প্ৰতীক্ষা হাস্পতালৰ তত্ত্বাৱধানত শিশুটিক চিকিৎসা কৰা হয় যদিও 4 ফেব্ৰুৱাৰীত মৃত্যু হয় নৱজাতকটিৰ। একমাত্ৰ ভুল চিকিৎসা আৰু চিকিৎসকৰ গাফিলতিৰ বাবে সন্তানটিৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰি নৱজাতকটোৰ পিতৃ মাতৃয়ে ৰঙিয়া থানাত গোচৰ ৰুজু কৰে ৷

আদালতৰ চৌহদত এক দম্পত্তি....

সমাধিস্থ শিশুটিৰ মৃতদেহটো উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ অনুমতিৰ বাবে বিগত দুদিন ধৰি আদালতৰ চৌহদে চৌহদে দণ্ডাধীশ বিচাৰি হাহাকাৰ কৰিছিল দুৰ্ভগীয়া পিতৃ মাতৃয়ে । অৱশেষত শনিবাৰে খান্দি উলিওৱা হ'ব সমাধিস্থ শিশুটিৰ মৃতদেহ । মৰোণোত্তৰ পৰীক্ষাৰ পাছতে পোহৰলৈ আহিব সদ্যজাত শিশুটিৰ মৃত্যুৰ সকলো কাৰণ ৷

Intro:এহাল দুৰ্ভগীয়া পিতৃ মাতৃ । আদালতৰ চৌহদে চৌহদে এতিয়া এজন মেজিষ্ট্ৰেট বিচাৰি হাহাকাৰ কৰিছে। নিজ কন্যাক হেৰুৱাৰ বেদনা শেষ নোহোৱাকৈয়ে এতিয়া এনেদৰে আদালতলৈ প্ৰতিদিনে ঢাপলি মেলিছে দুয়ো। উদ্দেশ্য মাথোঁ এটাই মৃত কন্যা সন্তান টিয়ে ন্যায় পাব লাগে। নিজ কন্যাৰ মৃত দেহ খান্দি উলিয়াবৰ বাবে এতিয়া এনেকৈ আদালতৰ কাষ চাপিছে।

Body:ঘটনা এনেধৰণৰ বহু প্ৰত্যাশাৰ অন্তত দুয়োৰে জীৱনলৈ আহিছিল এটি কন্যা সন্তান । ৰঙিয়া স্বস্তি হস্পিতেলৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ হিতেন্দ্ৰ কলিতাৰ তত্বাৱধানত মাতৃ গৰাকীক চোৱা চিতা চলি আছিল। 9 জানুৱাৰীত চিকিৎসকৰ তত্বাৱধানতেই অস্ত্ৰোপচাৰৰ জৰিয়তে ভূমিষ্ঠ কৰোৱা হৈছিল শিশুটিক । কিন্তু পিতৃ মাতৃৰ অভিযোগ ভুল চিকিৎসাৰ বাবে অসুস্থ হৈ পৰিছিল শিশুটি। কেইদিনমান স্বস্তি হস্পিতালত চিকিৎসা কৰি থাকা হৈছিল শিশুটিক। কিন্তু শিশুটিৰ স্বাস্থ্য উন্নত নোহোৱাৰ বাবে মহানগৰীৰৰ প্ৰতীক্ষা হস্পিতেললৈ লৈ অহা হয়। তাৰ পিছতে প্ৰতীক্ষা হস্পিতেলৰ তত্ত্বাৱধানত শিশুটিক চিকিৎসা কৰা হয় যদি 4 ফেব্ৰুৱাৰীত মৃত্যু হয় নৱজাতকৰ। ভুল চিকিৎসাৰ পৰিণতি আৰু চিকিৎসকৰ গাফিলটিৰ বাবে মৃত্যু মুখত পৰিল নৱজাতকৰ এই অভিযোগেৰে আৰক্ষীৰ ওচৰ চাপিছিল পিতৃ মাতৃ।
Bite-পিতৃ।

Conclusion:কিন্তু তাৰ পিছতে ৰঙিয়া থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত কাইলৈ খান্দি উলিওৱা হব সমাধিস্থ কৰা শিশু টিক। লগতে চিকিৎসক হিতেন্দ্ৰ কলিতাই দুৰ্ভাগ্যবশত শিশু টি মৃত্যু হোৱা বুলি গা এৰা মন্তব্যৰে ঘটনাটো লুকুৱাব বিচাৰিছে যদিও এতিয়া মৰোণোত্তৰ পৰীক্ষা পিছতে পোহৰলৈ আহিব সমগ্ৰ ঘটনা।
Last Updated : Feb 8, 2020, 5:16 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.