ETV Bharat / state

বৰষুণ আহিব ! দুৰ্গোৎসৱৰ আনন্দ ম্লান পৰাৰ সম্ভাৱনা - আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ বৰঝাৰ

আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱ ৷ কিন্তু এইবেলি বতৰে কিছু প্ৰভাৱ পেলাব পাৰে দুৰ্গাপূজাৰ আনন্দত ৷ পূজাৰ সময়চোৱাতে কোনো কোনো জিলাত বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷

rain likely to disrupt durga puja celebration
বৰুণ দেৱতাই প্ৰভাৱ পোলাৱৰ সম্ভাৱনা ৰাজ্যৰ দুৰ্গোৎসৱৰ আনন্দত
author img

By

Published : Oct 11, 2021, 1:13 PM IST

Updated : Oct 11, 2021, 1:19 PM IST

নিউজ ডেস্ক, 11 অক্টোবৰ : সোমবাৰৰ ষষ্ঠীৰ বেদীত স্থাপন কৰা হ’ব দেৱী দুৰ্গাৰ প্ৰতিমা ৷ সোমবাৰৰ পৰা অহা পাঁচটা দিন ৰাজ্যৰ আকাশ-বতাহ মুখৰিত হৈ থাকিব দেৱী বন্দনাৰে ৷ কিন্তু এইবেলি শাৰদীয় দুৰ্গোৎসৱৰ আনন্দত ক’ভিডৰ লগতে আন এটা কাৰকে প্ৰভাৱ পেলোৱাৰ ধাৰণা কৰা হৈছে ৷ এইবাৰ পূজাৰ বতৰত হয়তো বিধি-পথালি দিব পাৰে বৰুণ দেৱতাই ৷

সোমবাৰৰ পৰা 13 অক্টোবৰলৈ অসমৰ কিছু কিছু ঠাইত বৰষুণৰ আগজাননীৰ কথা সদৰী কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷ সাগৰ পৃষ্ঠত 5.8 কিল’মিটাৰ গতিবেগত উৎপন্ন হোৱা সাগৰীয় বতাহৰ প্ৰভাৱ পৰিব কামৰূপকে ধৰি কেইবাখনো জিলাত ৷

পৰৱৰ্তী 24 ঘণ্টাৰ ভিতৰত ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কিছু কিছু ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ঠিক তেনেদৰে ১২ অক্টোবৰত কামৰূপ, ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কিছু কিছু ঠাইত বৰষুণ থাকিব পাৰে ।

আনহাতে, ১৩ অক্টোবৰতো কামৰূপ(ম), ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, হোজাই, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন স্থানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে যদিও কামৰূপ, দক্ষিণ শালমাৰা, বৰপেটা, গোৱালপাৰা, দৰং, মৰিগাঁও, নগাঁও, গোলাঘাট আৰু নলবাৰী জিলাৰ কিছু কিছু ঠাইত হ'ব পাৰে পাতলীয়া বৰষুণ ।

লগতে পঢ়ক : অসমীয়া পৰম্পৰাগত সাজ-পাৰত মা-দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ

Last Updated : Oct 11, 2021, 1:19 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.