ETV Bharat / state

দীঘলীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ৰাহুল গান্ধী - Nyay Yatra Assam

Bharat Nyay Yatra : 18 জানুৱাৰীৰ পৰা দীঘলীয়া সময়ৰ বাবে অসমলৈ আহিব ৰাহুল গান্ধী ৷ প্ৰায় আঠ দিন অসমত থাকিবলগীয়া কংগ্ৰেছ নেতাগৰাকীয়ে যাত্ৰা কৰিব প্ৰায়সমূহ জিলাৰ মাজেৰে ৷

Rahul Gandhi
Nyay Yatra Assam
author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 4:31 PM IST

Updated : Jan 2, 2024, 5:44 PM IST

নিউজ ডেস্ক, 2 জানুৱাৰী : প্ৰায় 8 দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিবলৈ সাজু হৈছে ৰাহুল গান্ধী ৷ 18 জানুৱাৰীত কংগ্ৰেছ নেতাগৰাকী প্ৰথমেই উপস্থিত হ’ব শিৱসাগৰৰ আমগুৰিত ৷ আমগুৰিৰ পৰাই ৰাহুল গান্ধীয়ে সমগ্ৰ উজনি অসম ভ্ৰমণ কৰিব ৷

উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড় আদি ভ্ৰমণ কৰাৰ পাচত তেওঁ ৰাওনা হ’ব মাজুলীলৈ ৷ সত্ৰপীঠখনত ভ্ৰমণ কৰাৰ পাছত ৰাহুল গান্ধীয়ে শোণিতপুৰ জিলা ভ্ৰমণ কৰিব ৷ ইয়াৰ পিচত তেওঁ বিশ্বনাথৰ গহপুৰ আদি অঞ্চল ভ্ৰমণ কৰিব ৷

গহপুৰৰ পিচত ৰাহুল গান্ধীয়ে লখিমপুৰ জিলাত প্ৰৱেশ কৰিব ৷ লখিমপুৰৰ আন আন প্ৰান্ত ভ্ৰমণৰ পিচত নাওবৈছাত উপস্থিত হৈ পোনে পোনে ৰাওনা হ’ব অৰুণাচল প্ৰদেশৰ ৰাজধানীলৈ ৷ ইটানগৰত উপস্থিত হৈ পাহাৰীয়া ৰাজ্যখনৰ ভিন্ন প্ৰান্ত ভ্ৰমণ কৰি গুৱাহাটীলৈ যাত্ৰা কৰিব ৰাহুল গান্ধী ৷ গুৱাহাটীৰ পৰাই কংগ্ৰেছ নেতাগৰাকীয়ে নলবাৰী, বৰপেটা আদি জিলা ভ্ৰমণ কৰিব ৷

পৰৱৰ্তী সময়ত নামনি অসমৰ চাপৰ আদি অঞ্চল ভ্ৰমণ কৰি কংগ্ৰেছ নেতাগৰাকী উপস্থিত হ’ব বক্সিৰহাটত ৷ সীমান্তৱৰ্তী বক্সিৰহাটৰ পৰা গৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰৱেশ কৰিব পশ্চিমবংগত ৷ 18 জানুৱাৰীৰ পৰা ৰাহুল গান্ধীৰ সমগ্ৰ অসম ভ্ৰমণকালত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ বহুকেইগৰাকী নেতাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ বহুকেইগৰাকী নেতাই সংগ দিব ৷ কংগ্ৰেছ নেতাগৰাকীৰ এই ভ্ৰমণসূচী ন্যায় যাত্ৰাৰ অংশ ৷ অৱশ্য়ে ৰাহুল গান্ধীৰ এই ভ্ৰমণসূচী এতিয়াও আনুষ্ঠানিকভাবে সদৰী কৰা হোৱা নাই ৷

উল্লেখ্য যে 14 জানুৱাৰীত কংগ্ৰেছে আৰম্ভ কৰিব ভাৰত ন্যায় যাত্ৰা ৷ হিংসা জৰ্জৰিত মণিপুৰত আৰম্ভ কৰিবলগীয়া উক্ত যাত্ৰাৰ অন্ত পৰিব 20 মাৰ্চত মুম্বাইত ৷ ন্যায় যাত্ৰাৰ কালত ৰাহুল গান্ধীসহ কংগ্ৰেছ নেতাসকলে 14 খন ৰাজ্যৰ 85 খন জিলাত প্ৰৱেশ কৰিব ৷ বাছ আৰু খোজকাঢ়ি কৰিবলগীয়া উক্ত ন্যায় যাত্ৰাই সামৰি ল’ব মণিপুৰ, নাগালেণ্ড, অসম, মেঘালয়, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, ছত্তীশগড়, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ৰাজস্থান, গুজৰাট আৰু মহাৰাষ্ট্ৰ ৷ ইয়াৰে 9 খন ৰাজ্যক সামৰি লোৱা নাছিল বিগত ভাৰত জোড়ো যাত্ৰাই ৷

লগতে পঢ়ক: ১০ জানুৱাৰীত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডা

Last Updated : Jan 2, 2024, 5:44 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.