গুৱাহাটী, 21 নৱেম্বৰ: স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত পূৰ্বোত্তৰ স্বাভিমান উৎসৱৰ আয়োজন কৰা হয়(Purvottar Swabhiman Utsav 2022) ৷ সোমবাৰে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Assam CM Himanta Biswa Sarma) । উল্লেখ্য যে, ৰাষ্ট্ৰ নিৰ্মাণত ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ অৱদানক উদযাপন কৰাৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই কাৰ্যসূচীৰ ।
ভাৰতীয় ৰাষ্ট্ৰবাদ বৃদ্ধিৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ভূমিকা আৰু বিশ্বব্যাপী সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰেক্ষাপটত ভাৰতৰ উত্থানৰ চালিকা শক্তি হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ কেনেদৰে বিকাশ ঘটিছে সেই সন্দৰ্ভত আলোকপাত কৰাৰ উদ্দেশ্যৰেও আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ । অনুষ্ঠানটোত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই বিদেশী আধিপত্যৰ পৰা দেশখনক মুক্ত কৰাৰ বাবে স্বাধীনতা সংগ্রামত সবল ভূমিকা পালন কৰা প্ৰতিগৰাকী স্বাধীনতা সেনানীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (Purvottar Swabhiman Utsav celebrated in Sarusajai stadium)।
![Purvottar Swabhiman Utsav celebrated in Sarusajai stadium](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-cmprogramatsarusojaisatidum-7210645_21112022214038_2111f_1669047038_103.jpg)
সার্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ লগতে ৰাষ্ট্ৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত সদা জাগ্ৰত প্ৰহৰীৰ ভূমিকা গ্ৰহণ কৰা উত্তৰ-পূৰ্বাঞ্চলৰ সকলো জোৱান আৰু বীৰ নাৰীসকলকো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সশ্রদ্ধ স্মৰণ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এনেধৰণৰ কাৰ্যসূচীয়ে সামৰিক তথা অসামৰিক ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ অৰিহণা প্ৰদৰ্শনতো সহায় কৰে । এই উল্লেখনীয় পদক্ষেপৰ বাবে তেওঁ ভাৰতীয় সেনাৰ ইষ্টার্ণ কমাণ্ডগৰাকীৰ প্ৰতি অভিনন্দন জ্ঞাপন কৰে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ ভেটি শক্তিশালীকৰণৰ দিশত প্রধান ভূমিকা পালন কৰি যোৱা মহাবীৰ লাচিত বৰফুকনলৈও ভাষণযোগে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে । লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে অহা ২৪ নৱেম্বৰত ৰাজ্যবাসীক মহান বীৰৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধাঞ্জলিৰ চিনস্বৰূপে এগছিকৈ মাটিৰ চাকি জ্বলাবলৈ ৰাজ্যবাসীলৈ আহ্বান জনায় (Lachit borphukan 400 years birth anniversary)।
অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ জি অ’ চি লেফটেনেণ্ট জেনেৰেল ৰাণা প্রতাপ কলিতায়ো ভাষণ প্রদান কৰে । এই অনুষ্ঠানত ত্ৰিপুৰাৰ সাংস্কৃতিক আৰু তথ্য বিভাগৰ মন্ত্ৰী সুশান্ত চৌধুৰী, সাংসদ কামাখ্যা প্রসাদ তাছা প্ৰমুখ্যে বহুলোক উপস্থিত থাকে । দুদিনীয়াকৈ আয়োজন কৰা এই অনুষ্ঠানৰ আজি সামৰণি পৰিব
লগতে পঢ়ক: Controversy: মহাৰাষ্ট্ৰৰ ৰাজ্যপালক ৰাজ্যৰ পৰা বহিষ্কাৰৰ দাবী শিৱসেনাৰ বিধায়কৰ