ETV Bharat / state

জীৱিত অৱস্থাতেই দেহদান কৰিছিল পূৰবী বৰমুদৈয়ে - assam news

কবিতা ৰচনাৰে সাহিত্য জীৱনৰ পাতনি মেলা পূৰবী বৰমুদৈৰ প্ৰথম উপন্যাস "গজৰাজ প্ৰেম আৰু বন্দীত্ব" ১৯৯৯ চনত প্ৰকাশ পাইছিল। ইয়াৰ পাছতে সাহিত্যিক গৰাকীৰ কলমেৰে নিগৰি ওলাইছিল "ৰূপোৱালী নৈ সোণোৱালী ঘাট","শান্তনুকুলনন্দন","বাঘশাল","বাঘজাল" আৰু মানুহ নামৰ কেইবাখনো কালজয়ী উপন্যাস

জীৱিত অৱস্থাতেই দেহদান কৰিছিল পূৰবী বৰমুদৈয়ে
author img

By

Published : Jul 15, 2019, 9:33 PM IST

গুৱাহাটী,15 জুলাইঃ শান্তনুকুলনন্দনৰ স্ৰষ্টা পূৰবী বৰমুদৈ আৰু নাই । অসমীয়া সাহিত্য জগতক তেওঁৰ সৃষ্টি ৰাজীৰে চহকী কৰি অজান দেশলৈ গুচি গ'ল সাহিত্যিক গৰাকী। 1950 চনৰ 8 মে'ত তেজপুৰৰ দেউৰী গাঁৱত জন্মলাভ কৰা পূৰবী বৰমুদৈয়ে মূলতঃ বুৰঞ্জীমূলক উপন্যাস ৰচনাৰে সাহিত্যৰ জগতলৈ অৱদান আগবঢ়াইছিল। এই গৰাকী সাহিত্য জগতৰ উজ্জ্বল নক্ষত্ৰৰ সোমবাৰে জিএমচিএইচত দেহাৱসান ঘটে। দীৰ্ঘদিনৰ পৰা চিকিৎসাধীন হৈ অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে বৰমুদৈয়ে । কবিতা ৰচনাৰে সাহিত্য জীৱনৰ পাতনি মেলা পূৰবী বৰমুদৈৰ প্ৰথম উপন্যাস "গজৰাজ প্ৰেম আৰু বন্দীত্ব" ১৯৯৯ চনত প্ৰকাশ পাইছিল। ইয়াৰ পাছতে সাহিত্যিক গৰাকীৰ কলমেৰে নিগৰি ওলাইছিল "ৰূপোৱালী নৈ সোণোৱালী ঘাট","শান্তনুকুলনন্দন","বাঘশাল","বাঘজাল" আৰু মানুহ নামৰ কেইবাখনো কালজয়ী উপন্যাস ।

জীৱিত অৱস্থাতেই দেহদান কৰিছিল পূৰবী বৰমুদৈয়ে

আনহাতে,এই গৰাকী সাহিত্যকে জীৱিত অৱস্থাতেই দেহদান কৰিছিল ইলোৰা বিজ্ঞান মঞ্চক ৷ যাৰ বাবে সোমবাৰে মৃত্যুৰ পাছতে শৱদেহ চমজি লয় বিজ্ঞান মঞ্চই। মৃত্যুৰ সময়ত বৰমুদৈয়ে সংসাৰত স্বামী আৰু পুত্ৰক এৰি থৈ যায়।

বৰমুদৈয়ে শান্তনুকুলনন্দন উপন্যাসৰ বাবে লাভ কৰিছিল সাহিত্য অকাডেমি বঁটা। ইয়াৰ উপৰিও অসম উপত্যকাৰ সাহিত্য বঁটাৰ দ্বাৰা সন্মানিত হৈছিল পূৰবী বৰমুদৈ। তাৰোপৰি সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে বৰমুদৈয়ে লাভ কৰিছিল ছগনাল জৈন বঁটা,লেখিকা বঁটা,প্ৰবীণ শইকীয়া বঁটা লাভ কৰিছিল। সাহিত্যকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰা বৰমুদৈয়ে শিক্ষকতাৰ চাকৰি এৰি দিছিল। জীৱনৰ বেছিভাগ সময় তেজপুৰত কটোৱা বৰমুদৈৰ মৃত্যুত শোকাহত হৈ পৰিছে তেওঁৰ গুণমুগ্ধসকল। এই গৰাকী সাহিত্যিকৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে হাস্পতালত উপস্থিত হয় বিধায়ক নোমল মমিন।

আনহাতে,পূৰৱী বৰমুদৈৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। "শান্তনুকুলনন্দন"ৰ লগতে বহু সৃষ্টিকৰ্মেৰে তেখেতে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি থৈ গৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ ফেচবুকৰ পেজত পষ্টযোগে জ্ঞাপন কৰিলে সমবেদনা । লগতে আত্মাৰ সদ্গতি কামনাৰে শোকসন্তপ্ত পৰিয়াল আৰু শুভাকাংক্ষীসকললৈ গভীৰ সমবেদনা জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ।

Intro:Anchor..সাহিত্যৰ অমিয়া ৰস বিলাই সকলোৰে পৰা বিদায় মাগিলে বিশিষ্ট সাহিত্যক পূৰবী বৰমুদৈৰ । সোমবাৰে পুৱা Gmch ত শেষ নিশ্বাস ত্যাগ সাহিত্যিক গৰাকীৰ ।দীৰ্ঘদিন ধৰি অসুস্থ হৈ অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে শান্তনুকুলনন্দনৰ স্ৰষ্টা গৰাকীয়ে

Body:VO...শান্তনুকুলনন্দনৰ স্ৰষ্টা পূৰবী বৰমুদৈ আৰু নাই ।অসমীয়া সাহিত্য জগতক তেওঁৰ সৃষ্টি ৰাজীৰে চহকী কৰি অজান দেশলৈ গুচি গল এই গৰাকী সাহিত্যিক ।১৯৫০ চনৰ ৮ মেত তেজপুৰৰ দেউৰীগাৱত জন্মলাভ কৰা পূৰবী বৰমুদৈয়ে মূলতঃ বুৰঞ্জী মূলক উপন্যাস ৰচনাৰে সাহিত্যৰ জগতলৈ অৱদান আগবঢ়াইছিল । এই গৰাকী সাহিত্যৰ উজ্জ্বল নক্ষত্ৰৰ সোমবাৰে Gmch ত দেহাৱসান হয় । দীৰ্ঘদিনৰে পৰা চিকিৎসাধীন হৈ অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে বৰমুদৈয়ে । কবিতা ৰচনাৰে সাহিত্য জীৱনৰ পাতনি মেলা পূৰবী বৰমুদৈৰ প্ৰথম উপন্যাস "গজৰাজ প্ৰেম আৰু বন্দীত্ব" । ১৯৯৯ চনত প্ৰকাশ পাইছিল ।ইয়াৰ পাছতে তেওঁ ৰ কলমেৰে নিগৰি ওলাইছিল "ৰূপোৱালী নৈ সোনোৱালী ঘাট"শান্তনুকুলনন্দন,বাঘশাল,বাঘজাল আৰু মানুহ নামৰ কেইবাখনো কালজয়ী উপন্যাস ।এই গৰাকী সাহিত্যকে জীৱিত অৱস্থাতেই দেহদান কৰিছিল ইলোৰা বিজ্ঞান মঞ্চক । যাৰ বাবে আজি তেওঁৰ মৃত্যুৰ পাছত শৱদেহ চমজি লয় বিজ্ঞান মঞ্চ ই । মৃত্যুৰ সময়ত বৰমুদৈয়ে স্বামী আৰু পুত্ৰক এৰি থৈ যায় সংসাৰত ।

বাইট

বৰমুদৈয়ে শান্তনুকুলনন্দন উপন্যাসৰ বাবে লাভ কৰিছিল সাহিত্য অকাডেমি বটা । ইয়াৰ উপৰিও অসম উপত্যকাৰ সাহিত্য বটাৰ দ্বাৰা সন্মানিত হৈছিল পূৰবী বৰমুদৈ । লগতে ছগনাল জৈন বটা, লেখিকা বটা, প্ৰবীণ শ ইকীয়া বটা লাভ কৰিছিল সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে । সাহিত্যকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰা।বৰমুদৈয়ে শিক্ষকতাৰ চাকৰি এৰি দিছিল । জীৱনৰ সৰহ সময় তেজপুৰত কটোৱা বৰমুদৈৰ মৃত্যুত শোকহত হৈ পৰিছে তেওঁৰ গুণমুগ্ধ ।এই গৰাকী সাহিত্যৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে হাস্পতালত উপস্থিত হয় বিধায়ক নোমল মমিন ।

Conclusion:লিপিকা ডেকা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.