ETV Bharat / state

পাণ্ডুৰ এজন লোকক লৈ উত্তপ্ত পৰিস্থিতি, কিন্তু কিয় ? - দীৰ্ঘদিনৰ পৰা অত্যাচাৰ চলাই আহিছিল

পাণ্ডু লোককলনীত দেওবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । অভিযোগ অনুসৰি গাঁওবুঢ়া চডমা বাছফৰে নিশাৰ ভাগত ৰাইজৰ ওপৰত দীৰ্ঘদিনৰ পৰা অত্যাচাৰ চলাই আহিছে ৷

public fight again a man at pandu guwahati
পাণ্ডুৰ এজন যুৱকক লৈ উত্তপ্ত পৰিস্থিতি,
author img

By

Published : Dec 13, 2020, 6:56 PM IST

গুৱাহাটী, 13 ডিচেম্বৰ: গুৱাহাটীৰ পাণ্ডু লোককলনীত দেওবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । অঞ্চলটোৰ গাঁওবুঢ়া চডমা বাছফৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে গাঁওখনৰ একাংশ লোকে ।

পাণ্ডুৰ এজন লোকক লৈ উত্তপ্ত পৰিস্থিতি, কিন্তু কিয় ?

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি গাঁওবুঢ়া চডমা বাছফৰে নিশাৰ ভাগত ৰাইজৰ ওপৰত দীৰ্ঘদিনৰ পৰা অত্যাচাৰ চলাই আহিছিল ৷ লোকজনে মদ্যপান কৰি প্ৰথমে অঞ্চলৰ ৰাইজৰ লগত কাজিয়া সৃষ্টি কৰে ৷ ইয়াৰ পিচতে দা, ত্ৰিশূল আদিৰে শাৰীৰিক আক্ৰমণৰ চেষ্টা চলায় বুলিও অভিযোগ তুলিছে স্থানীয় লোকে ৷

অৱেশেষত ৰে'ল বিভাগৰ কৰ্মচাৰী চডমা বাছফৰৰ এনে কাণ্ডত উপায়হীন হৈ ৰাজপথলৈ ওলাই আহি ক্ষোভ প্ৰকাশ কৰে অঞ্চলটোৰ ৰাইজে ৷ তাৰ পাচতে এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী ৰাইজে জালুকবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ উল্লেখ্য যে, চডমা বাছফৰে মন্দিৰৰ মাটি বেদখল কৰি অবৈধ সুৰাৰ বেহা চলাই অহাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক:প্ৰমোদ বড়ো জিন্দাবাদ ধ্বনিৰে মুখৰিত বাক্সা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.