ETV Bharat / state

গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ ব্যক্তিগতকৰণৰ বিৰোধিতা

ভাৰত চৰকাৰে প্ৰচলিত আইন উলংঘা কৰি গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ আদানী গ্ৰুপক 50 বছৰৰ বাবে লীজত দিছে ৷ ইয়াৰ বিৰোধিতা কৰি লীজ চুক্তি বাতিল কৰাৰ লগতে বিমান বন্দৰটোৰ নাম গোপীনাথ বৰদলৈ স্মৃতিত অক্ষতভাৱে ৰখাৰ বাবে দাবী জনাইছে উদ্যোগ বচাওক, শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতি অসমে ৷

protest-against-privatization-of-gopinath-bordoloi-international-airport
গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ ব্যক্তিগতকৰণৰ বিৰোধিতা
author img

By

Published : Oct 3, 2021, 7:56 PM IST

গুৱাহাটী, 3 অক্টোবৰ : "এইখন চৰকাৰে দেশখনক ধ্বংসৰ মুখলৈ ঠেলি দিছে ৷ ৰাজহুৱা সম্পত্তি এপদ এপদকৈ সকলো ব্যক্তিগত ব্যৱসায়ীক গতাই দিছে ৷ পানীৰ দৰত গতাই দিছে ৰাজহুৱা সম্পত্তিবোৰ ৷ অসমত উদ্যোগ এটা এটাকৈ বন্ধ হৈছে ৷ লাভজনক বিমানবন্দৰ 6-7 টা ব্যক্তিগত ব্যৱসায়ৰ হাতত গতাই দিয়া হৈছে ৷ সময়ত প্ৰতিবাদ কৰিলে এইটো অৱস্থা নহ’লে হেতেন ৷" এই মন্তব্য কৰি অসমখন বচাবলৈ সময়ত প্ৰতিবাদ কৰিবলৈ ৰাইজক আহ্বান জনাইছে সাংসদ অজিত কুমাৰ ভূঞাই ৷

গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ ব্যক্তিগতকৰণৰ বিৰোধিতা

উল্লেখ্য যে, "উদ্যোগ বচাওক, শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতি অসম"ৰ উদ্যোগত দেওবাৰে গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাৱত ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানত উপস্থিত থাকি সাংসদ ভূঞাই সংবাদ মাধ্যমৰ আগত কেতবোৰ বিশেষ মন্তব্য কৰে ৷ উল্লেখ্য যে, গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ মুঠ মাটি 3000 বিঘা ৷ ইয়াৰে 495 একৰ ভূমি অসম চৰকাৰে বিনামূল্যে দিয়া ৷ এতিয়া এই মাটি আদানীৰ দখলত ৷

তাৰোপৰি শ্ৰমিক কৰ্মচাৰীসকলৰ আবাস ভূমিও দখল কৰিছে ৷ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ আদানী গ্ৰুপক হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়া স্থগিত ৰখা তথা ভূমি অধিগ্ৰহণৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত অহা 8 অক্টোবৰত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলজুৰি প্ৰতিবাদ দিৱস পালন কৰা হ'ব ৷

দেওবাৰৰ অভিৱৰ্তনে ভাৰত চৰকাৰে প্ৰচলিত আইন উলংঘা কৰি গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ আদানী গ্ৰুপক 50 বছৰৰ বাবে লীজত দিয়া কাৰ্যৰ সম্পূৰ্ণ বিৰোধিতা কৰে আৰু লীজ চুক্তি বাতিল কৰাৰ লগতে বিমান বন্দৰটোৰ নাম গোপীনাথ বৰদলৈ স্মৃতিত অক্ষতভাৱে ৰখাৰ বাবে দাবী জনায় ৷

ইপিনে সংবাদ মাধ্যমৰ আগত অজিত ভূঞাই বিধায়ক শ্বেৰমান আলী গ্ৰেপ্তাৰ সম্পৰ্কে কয় যে, শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰাটো ভাল হৈছে ৷ তেওঁ সীমা চেৰাই গৈছে ৷ পূৰ্বতে তেওঁ সমাজত বহু অস্থিৰতাৰ সৃষ্টি কৰিছে ৷ এইধৰণৰ মানুহৰ ভূমিকা বৰ ৰহস্য জনক ৷ মেৰু বিভাজনৰ ৰাজনীতি বিজেপিয়ে যি কৰিছে তাত এওঁলোকৰ ভূমিকা জড়িত ৷ তেওঁলোকে কাম কৰি আছে ধৰিবলৈ টান ৷

দেওবাৰৰ অভিৱৰ্তনত মনজিৎ মহন্ত, শিল্পী লোকনাথ গোস্বামী, শ্ৰমিক নেতা বিবেক দাস, সমিতিৰ মুখ্য আহ্বায়ক পংকজ কুমাৰ দাসৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়কঃ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে মুকলি কৰিলে উত্তৰ-পূবৰ প্ৰথমটো পেট-এম আৰ আই শাখা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.