ETV Bharat / state

GMC Property Tax : মহানগৰীৰ ৭০ হাজাৰ হ'ল্ডিং নম্বৰ গৰাকীয়ে আদায় দিব লাগিব চাৰি গুণ সম্পত্তি কৰ - GMC declared new property tax

মহানগৰবাসীক পুনৰ মাধমাৰ শোধাবলৈ ওলাইছে গুৱাহাটী পৌৰ নিগম (property tax increased by GMC) । কেইবাগুণো বৃদ্ধি পালে সম্পত্তি কৰ । যাৰ ফলত ৭০ হাজাৰ হ'ল্ডিং নম্বৰৰ গৰাকীয়ে আদায় দিব লাগিব চাৰি গুণ সম্পত্তিৰ কৰ ।

GMC Property Tax
GMC Property Tax
author img

By

Published : May 16, 2023, 9:33 PM IST

মহানগৰীৰ ৭০ হাজাৰ হ'ল্ডিং নম্বৰ গৰাকীয়ে আদায় দিব লাগিব চাৰি গুণ সম্পত্তি কৰ

গুৱাহাটী, ১৬ মে : বিদ্যুতৰ মাচুল, পৌৰ কৰৰ পিচত এইবাৰ মহানগৰবাসীৰ মূৰৰ ওপৰত অতিৰিক্ত সম্পত্তি কৰৰ বোজা (Guwahati Municipal Corporation raises taxes) । সম্পত্তি কৰ কেইবাগুণে বৃদ্ধি কৰি গুৱাহাটী মহানগৰবাসীৰ মূৰত মাধমাৰ শোধাবলৈ পুনৰ সাজু হৈছে গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষ (property tax increased by GMC) ।

গুৱাহাটী পৌৰ নিগমৰ শেহতীয়া জাননীত এই কথা প্ৰকাশ পাইছে । এই সংশোধিত কৰ অনুযায়ী গুৱাহাটী পৌৰ নিগমৰ অধীনৰ ৭০ হাজাৰ হ'ল্ডিং নম্বৰগৰাকীয়ে আদায় দিব লাগিব চাৰি গুণ সম্পত্তিৰ কৰ (GMC declared new property tax) । গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই হঠাৎ পৌৰ কৰ বৃদ্ধি কৰা সন্দৰ্ভত মেয়ৰ মৃগেন শৰণীয়াই কয় যে, গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ অঞ্চলত ২০০৮-০৯ বৰ্ষৰ ভূমি সম্পত্তিৰ মূল্য নতুনকৈ নিৰ্ধাৰিত হৈছে (GMC Mayor Mrigen Sarania on property tax) ।

কিন্তু ২০০৮-০৯ চনৰ পূৰ্বৰ পৰা যিসকলে ঘৰ সাজি গুৱাহাটীত বাস কৰি আছে, সেইসকলে সংশোধিত হাৰত ইমান দিনে কৰ পৰিশোধ কৰা নাছিল । প্ৰায় ৭০ হাজাৰ হ'ল্ডিং নম্বৰৰ গৰাকীয়ে ২০০৮ চনৰ পূৰ্বে নিৰ্ধাৰিত হাৰতে কৰ আদায় দি আছিল । সেইসকলে এতিয়াৰে পৰা ২০০৮-০৯ বৰ্ষত নতুনকৈ মূল্য নিৰ্ধাৰিত হাৰত ভূমি সম্পত্তিৰ কৰ আদায় দিব লাগিব । যাৰ ফলত পূৰ্বতে বছৰত ২ হাজাৰ টকা সম্পত্তিৰ কৰ আদায় দিয়া পৰিয়ালৰ বৰ্তমান ৮ হাজাৰলৈকে সম্পত্তিৰ কৰ বৃদ্ধি পাইছে ।

আনহাতে, সম্পত্তিৰ কৰ আদায় দিবলৈ বাকী থকাসকলে ৩১ মে'ৰ পূৰ্বে সম্পত্তিৰ কৰ আদায় দিলে ১০ শতাংশ ৰেহাই দিছে গুৱাহাটী পৌৰ নিগমে । ইয়াৰ উপৰি বৰ্তমানো ১০০ কোটিতকৈ অধিক সম্পত্তিৰ কৰ পাবলৈ বাকী থকা বুলি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰগৰাকীয়ে প্ৰকাশ কৰে ।

আনহাতে, সম্পত্তিৰ কৰ বৃদ্ধি হোৱাৰ তথ্য প্ৰকাশ পোৱাৰ পিচতে মহানগৰবাসীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কোভিডে কোঙা কৰাৰ পিচতে মূল্যবৃদ্ধিৰ লগতে বিদ্যুতৰ মাচুল বৃদ্ধিয়ে ৰাজ্যবাসীক মাধমাৰ শোধোৱাৰ সময়তে পুনৰ গুৱাহাটী পৌৰ নিগমে পৌৰ কৰ বৃদ্ধি কৰাত ক্ষোভিত হৈ পৰিছে মহানগৰবাসী ।

লগতে পঢ়ক :Assam Police VRS : অসম আৰক্ষীৰ সকলোৱে দিব লাগিব শাৰীৰিক সক্ষমতাৰ পৰীক্ষা, অনুত্তীৰ্ণক দিব স্বেচ্ছামূলক অৱসৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.