ETV Bharat / state

Process of regularization of school teachers: গুণোৎসৱত এ প্লাছ লাভ কৰা বিদ্যালয়ৰ শিক্ষকৰ নিয়মীয়াকৰণ প্ৰক্ৰিয়া আৰম্ভ - Gunotsav 2023

'এ' প্লাছ প্রাপ্ত স্কুলৰ ঠিকাভিত্তিক, ষ্টেটপুল শিক্ষকৰ তালিকা পৰীক্ষণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়কলৈ নিৰ্দেশ সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালকৰ (Process of regularization of school teachers) । গুণোৎসৱ ২০২২ আৰু ২০২৩ত এ প্লাছ লাভ কৰা সময়ত শিক্ষকজন সংশ্লিষ্ট বিদ্যালয়ত কৰ্মৰত হৈ থকাৰ তথ্য জিলা মিছন সমন্বয়কে দাখিল কৰিব লাগিব ।

Process of regularization of school teachers
গুণোৎসৱত এ প্লাছ লাভ কৰা বিদ্যালয়ৰ শিক্ষকৰ নিয়মীয়াকৰণ প্ৰক্ৰিয়া আৰম্ভ
author img

By

Published : May 17, 2023, 4:58 PM IST

গুৱাহাটী,১৭ মে’: গুণোৎসৱত এ প্লাছ লাভ কৰা বিদ্যালয়ৰ ঠিকাভিত্তিক আৰু ষ্টেটপুল শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে । এনে প্ৰক্ৰিয়াৰ অংশ হিচাপে এ প্লাছপ্রাপ্ত স্কুলৰ ঠিকাভিত্তিক, ষ্টেটপুল শিক্ষকৰ তালিকা পৰীক্ষণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়কলৈ নিৰ্দেশ জাৰি কৰিছে সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালকে । নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি গুণোৎসৱ ২০২২ আৰু ২০২৩ত এ প্লাছ লাভ কৰা সময়ত শিক্ষকজন সংশ্লিষ্ট বিদ্যালয়ত কৰ্মৰত হৈ আছিল নে নাই, সেই তথ্য জিলা মিছন সমন্বয়কে দাখিল কৰিব লাগিব (Gunotsav 2022) ।

এনে তথ্য দাখিলত যাতে ভুল থাকি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি স্কুল পর্যায়ত দৰমহা ডাটাবেজ, ইউ ডাইচ ৰিপ'ৰ্ট আৰু অন্যান্য উৎসসমূহ পৰীক্ষা কৰিবলৈ কোৱা হৈছে (Process of regularization of school teachers) । যিহেতু ঠিকাভিত্তিক আৰু ষ্টেটপুল শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে চৰকাৰৰ ওচৰত তালিকা দাখিল কৰা হ'ব সেয়ে তথ্য দাখিল প্রক্রিয়াত অত্যাধিক সতর্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশনাত উল্লেখ কৰা হৈছে । লগতে গুণোৎসৱত এ প্লাছ লাভ কৰা বিদ্যালয়ৰ কোনো ঠিকাভিত্তিক, ষ্টেটপুল শিক্ষকৰ নাম যাতে বাদ পৰি নাযায় সেয়াও নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালকে ।

উল্লেখ্য যে অলপতে ঘোষণা কৰা গুণোৎসৱ ২০২৩ ৰ ফলাফলত এ প্লাছ পোৱা বিদ্যালয়ৰ সংখ্যা হৈছে ১১,৮৮৬ খন (Gunotsav 2023) । যিটো মুঠ বিদ্যালয়ৰ ৩০ শতাংশ । আনহাতে এ গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা হৈছে ১৯,১৭২ খন । সেইদৰে বি গ্ৰেড লাভ কৰিছে ৰাজ্যৰ মুঠ সাত হাজাৰখন বিদ্যালয় । চি গ্ৰেড লাভ কৰিছে ৭৬৭ খন বিদ্যালয়ে । লক্ষণীয়ভাৱে চৰকাৰে ঘোষণা কৰা অনুসৰি গুণোৎসৱত এ প্লাছ গ্ৰেড লাভ কৰা বিদ্যালয়ৰ ঠিকাভিত্তিক আৰু ষ্টেটপুল শিক্ষকৰ চাকৰি নিয়মীয়া হ'ব(Regularisation of jobs of contractual teachers) ।

আনহাতে এ প্লাছ গ্ৰেড লাভ কৰা বিদ্যালয়সমূহলৈ চৰকাৰে ২৫,০০০ টকাকৈ আগবঢ়াব । উল্লেখ্য যে ২০১৭ চনৰ পৰা অসমত শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়সমূহৰ মাজত গুণোৎসৱ আৰম্ভ কৰি আহিছে । এইবাৰৰ গুণোৎসৱ ১৮ জানুৱাৰীৰ পৰা এমাহজোৰা কাৰ্যসূচীৰে ৩ টা পৰ্যায়ত অনুষ্ঠিত হৈছিল । এইবাৰৰ গুণোৎসৱত মুঠ ৪৪,৫৩১ খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছিল । আনহাতে গুণোৎসৱত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ৪১,৩৫,১৪৩ গৰাকী ।

লগতে পঢ়ক: Tinsukia district BJP office: মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে তিনিচুকীয়া জিলা বিজেপিৰ কাৰ্যালয়

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.