ETV Bharat / state

ৰবীন্দ্ৰ ভৱনত উপলব্ধ হ’ব ‘মাংস’ - গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন

হঠাৎ গুৱাহাটীৰ ৰাজপথত আৰ্বিভাৱ এটা আদিম মানৱ (Primitive human being in Guwahati) ৷ ইফালৰ পৰা সিফাললৈ কেৱল ঘূৰিছে আৰু ঘূৰিছে ৷ অদ্ভূত ধৰণে আচৰণো কৰিছে ৷ পিছে আধুনিকতাৰ এই যুগত হঠাৎ ক’ৰ পৰা আহিল এই আদিম মানুহটো ৷ সবিশেষ এই বাতৰিত...

ৰবীন্দ্ৰ ভৱনত উপলব্ধ হ’ব ‘মাংস’
ৰবীন্দ্ৰ ভৱনত উপলব্ধ হ’ব ‘মাংস’
author img

By

Published : May 31, 2022, 5:13 PM IST

গুৱাহাটী, ৩১ মে’ : গুৱাহাটীৰ ৰাজপথত এটা আদিম মানৱ (Primitive human being in Guwahati) ৷ পিন্ধনত গছৰ লতা ৷ ৰাস্তাৰে যোৱা মানুহক আদিম মানুহটোৱে অদ্ভূত ধৰণে চাইছে ৷ কিবা যেন অদ্ভূত ভাষাত কিবা-কিবি কৈছেও ৷ পুৱাৰে পৰা সকলোৰে চৰ্চাৰ বিষয় মাত্ৰ এটাই ৷ ক’ৰ পৰা মহানগৰীলৈ আহিল এই আদিম মানুহটো ?

প্ৰকৃততে এয়া কোনো আদিম মানুহ নহয় ৷ এয়া অপু ভৰদ্বাজৰ ‘মাংস’ নামৰ গল্পটোৰ এটা অংশহে (Apu Bhardwaj's story Mangkho) ৷ যদি হঠাৎ এজন আদিম মানৱ সেই যুগৰ পৰা আহি বর্তমান যুগত উপস্থিত হয়, তেতিয়া কি অৱস্থা হ’ব ? কি কৰিব আদিম মানৱে ? এনেকুৱা এটা অবাস্তৱ কল্পনাৰে আৰম্ভ হোৱা অপু ভৰদ্বাজৰ ‘মাংস’ নামৰ গল্পটোৱে কিন্তু বর্তমান সময়ৰ অতি বাস্তৱ কথা কিছুমান উন্মোচন কৰে ৷

ৰবীন্দ্ৰ ভৱনত উপলব্ধ হ’ব ‘মাংস’

এই গল্পটোক এইবাৰ নাটকৰ ৰূপ দিবলৈ ওলাইছে পৰিচালক হিমাংশু প্ৰসাদ দাসে ।

৮ জুনত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন(Rabindra Bhawan in Guwahati)ত মঞ্চস্থ হ’বলগীয়া এই নাটকখনৰ প্ৰযোজনা গুৱেৰ্ণিকা ক্ৰিয়েটোভিষ্টাৰ । মঙলবাৰে মহানগৰীৰ চানমাৰিত নাটকখনৰ কিছু অংশ প্ৰদৰ্শন কৰা হয় । ২০০৭ চনত চিটিবাছত নাটক প্ৰদৰ্শন কৰি অসমৰ নাট্য জগতত নতুন উদাহৰণ সৃষ্টি কৰা ‘গুৱেৰ্ণিকা’ই নিৰৱচ্ছিন্নভাৱে নাট্যক্ষেত্ৰখনত বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি আহিছে ।

লগতে পঢ়ক : পৰম্পৰাগত সাজেৰে বৰহোলাত ফেশ্বন শ্ব’
‘মই শ্বাহৰুখ খান হ’ব খোজোঁ’, ‘এখন গাঁৱত এটা টিভি আছিল’, ‘চাকিৰা আহিব বকুলতলৰ বিহুলৈ’, ‘দ্যা ৰেড শ্বেম্পু’, ‘মণিমুগ্ধ’আদি নাটকেৰে দৰ্শকক প্ৰায় ডেৰটা দশক মনোৰঞ্জন তথা চিন্তাৰ খোৰাক দি অহা গুৱেৰ্ণিকাৰ শেহতীয়া প্ৰযোজনা ‘মাংস’ক লৈয়ো নাট্যৰসিক ৰাইজৰ মাজত আৰম্ভ হৈছে ব্যাপক চর্চা ।

৮ জনুৰ বিয়লি ৪.৩০ আৰু সন্ধিয়া ৬.৪৫ বজাত প্ৰদৰ্শন হ'বলগীয়া এই নাটকখনিৰ মঞ্চ উপস্থাপন পৰিকল্পনা প্ৰণামী বৰাৰ, পোহৰ পৰিকল্পনা মিণ্টু চানৰ । নাটকখনত অভিনয় কৰা শিল্পীসকল হ’ল - অপূৰ্ব বর্মন, ৰূপমজ্যোতি দাস, ৰুজী মুদৈ, গৌৰৱজ্যোতি দাস, নাৰায়ন বৈশ্য, মমতা দাস, জিতু, প্ৰণৱ, নৱনীতা, প্ৰাণ, অংকুৰ আৰু ইন্দ্ৰ ।

লগতে পঢ়ক : 26 তম বিবাহ বাৰ্ষিকীত পত্নী তানিয়াৰ সৈতে অন্তৰংগ মূহুৰ্তৰ ফটো শ্বেয়াৰ কৰিলে ববী দেউলে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.