গুৱাহাটী,2 জুন: ক'ভিডৰ এই ভয়াৱহতাৰ মাজত নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ জীৱন দুৰ্বিসহ কৰি তুলিছে । নিত্য প্ৰয়োজনীয় প্ৰায় প্ৰতিবিধ খাদ্য সামগ্ৰীৰে আকাশলংঘী মূল্যবৃদ্ধি হৈছে । সাম্প্ৰতিক ক'ভিড পৰিস্থিতিত লাখ লাখ লোক কৰ্মহীন হৈ পৰাৰ লগতে বহুতৰে উপাৰ্জন সীমিত হৈ পৰিছে । দুবেলা দুমুঠিৰ বাবে অগণন লোকে সংগ্ৰাম কৰিবলগীয়া হৈছে । তেনে সময়তে অত্যৱশ্যকীয় খাদ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক দিশহাৰা কৰি তুলিছে । এই সংকটৰ সময়ত চৰকাৰৰ উচিত আছিল যে জনসাধাৰণৰ প্ৰতি সহায়ৰ হাত আগবঢ়াই ৰাইজক সকাহ দিয়া । কিন্তু এফালে ক’ভিড নিয়ন্ত্ৰণ কৰিব নোৱাৰি চৰকাৰে জনসাধাৰণক সংকটৰ মুখলৈ ঠেলি দিছে আৰু আনহাতে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত ৰহস্যজনকভাৱে মৌন সমৰ্থন আগবঢ়াই জনসাধাৰণক সংকটৰ দিশে ঠেলি দিছে ।
২০১৬ চনত বিজেপি দলৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাটো অন্যতম প্ৰধান প্ৰতিশ্ৰুতি আছিল । দলৰ নিৰ্বাচনী ইস্তাহাৰতো এই কথা উল্লেখ কৰা হৈছিল ৷ কিন্তু ২০১৬ৰ নিৰ্বাচনত বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা দ্ৰব্য মূল্যৰ ঊৰ্ধমুখী গতি নিয়ন্ত্ৰণ হোৱা নাই । তাৰ বিপৰীতে দ্ৰব্য মূল্য ক্ৰমশঃ বাঢ়িয়ে আছে । ২০১৬ চনৰ তুলনাত বৰ্তমান পাইকাৰী বজাৰত নিত্য প্ৰয়োজনীয় খাদ্য দ্ৰব্যৰ মূল্য প্ৰায় এশ শতাংশ অৰ্থাৎ দুগুণ বৃদ্ধি হৈছে । খুচুৰা বজাৰৰ মূল্যসূচীৰ ক্ষেত্ৰতো একে পৰিস্থিতিয়ে বিৰাজ কৰিছে ৷ উল্লেখ্য যে, পাইকাৰী বজাৰতকৈ খুচুৰা বজাৰত বস্তুৰ মূল্য ২০-৩০ শতাংশ অধিক হয় । আনহাতে শেহতীয়া ক’ভিড পৰিস্থিতিত অৰ্থাৎ বিগত এমাহত ৰাজ্যত নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ ২০ শতাংশ মূল্যবৃদ্ধি হৈছে । ক’ভিডকালীন সংকটৰ সুযোগ গ্ৰহণ কৰি ব্যৱসায়ীসকলে মূল্য অস্বাভাৱিক হাৰত বৃদ্ধি কৰা বিষয়টোত চকু মুদা কুলিৰ ভাও জুৰিছে চৰকাৰ তথা বিয়াগোম যোগান বিভাগে ।
উল্লেখ্য যে,অসম সহ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ বজাৰ ব্যৱস্থাটো নিয়ন্ত্ৰণ হয় গুৱাহাটীৰ অন্যতম বাণিজ্যিক কেন্দ্ৰ ফাঁচীবজাৰৰ পৰা । ফাঁচীবজাৰৰ পাইকাৰী বজাৰত এতিয়া প্ৰতিবিধ খাদ্য সামগ্ৰীৰে মূল্য আকাশলংঘী । মূল্যবৃদ্ধিৰ এই প্ৰসংগত ইটিভি ভাৰতৰ তৰফৰ পৰা সাক্ষাৎ গ্ৰহণ কৰা হৈছিল ফাঁচীবজাৰৰ বজাৰ ব্যৱস্থাটোক বিশেষভাৱে পৰ্যালোচনা কৰা অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক চন্দ্ৰ প্ৰকাশ শৰ্মাৰ । তেওঁ জনোৱা মতে মূল্যবৃদ্ধিৰ অন্তৰালত আছে ছিণ্ডিকেট । ফাঁচীবজাৰৰ ২০ জন মান বৃহৎ ব্যৱসায়ীয়ে চলাই আছে এই ছিণ্ডিকেট । তেওঁ জনোৱা মতে ছিণ্ডিকেটৰ অংশ পৰ্যায়ক্ৰমে তলৰ পৰা দিছপুৰলৈ যায় ।
উল্লেখ্য যে, নতুন চৰকাৰখনে এই অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্রত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।
লগতে চাওকঃ ধুমুহাত তচনচ টীয়কৰ মধ্য ইংৰাজী বিদ্যালয়