গুৱাহাটী,১ নবেম্বৰ: সকলোৰে বাবে এটা ভাল খবৰ । পেট্ৰ’লৰ লগতে হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য (price low of LPG and petrol diesel )। মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক অৰ্থিকভাবে জুৰুলা কৰি ৰখাৰ মাজতেই নৱেম্বৰৰ পহিলা দিনটোতেই দেশজুৰি হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য (Commercial LPG cylinder price cut) ৷
লগতে পঢ়ক: Gujarat Morbi Tragedy: ২ নৱেম্বৰত গুজৰাটে পালন কৰিব শোক দিৱস
মংগলবাৰ অৰ্থাৎ আজিৰে পৰা দেশজুৰি হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৷ কেন্দ্ৰীয় চৰকাৰে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১১৫.৫০ টকাকৈ হ্ৰাস কৰিছে (Commercial LPG cylinder price cut from November 1)। আৰু লগতে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৪০ পইচা হ্ৰাস কৰা হৈছে । বিগত ৭ মাহৰ ভিতৰত খাৰুৱা তেলত এয়া প্ৰথম মূল্য হ্ৰাস কৰা হৈছে । ইয়াৰ পূৰ্বে 7 এপ্ৰিলৰ দিনা হ্ৰাস কৰা হৈছিল পেট্ৰ’ল-ডিজেলৰ মূল্য ।

পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস হোৱাৰ পাছতে ৰাজধানী দিল্লীত পেট্ৰ’ল-ডিজেলৰ মূল্য 96.72 আৰু 89.62 টকা হৈছে ৷ মুম্বাইত পেট্ৰ’ল-ডিজেলৰ মূল্য 106.31 আৰু 94.27 টকা ৷ একে ধৰণে কলিকতাত পেট্ৰ’ল-ডিজেলৰ মূল্য 106.03 আৰু 92.76 টকা আৰু চেন্নাইত পেট্ৰ’ল-ডিজেলৰ মূল্য ক্ৰমে 102.63 আৰু 94.24 টকা হৈছেগৈ ৷ মংগলবাৰে পুৱাৰে পৰা কাৰ্যকৰী হৈছে এই নতুন নিৰিখ ৷

উল্লেখ্য যে, প্ৰতিবিধ অত্যাৱশকীয় সামগ্ৰীৰ লগতে পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছৰ বৰ্ধিত মূল্যবৃদ্ধিয়ে ত্ৰাহিমধূসূধন সোধাইছিল সৰ্বসাধাৰণৰ মূৰত (Essential commodities price hike) ৷ অত্যাৱশকীয় সামগ্ৰীৰ লগতে পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছৰ মূল্য হ্ৰাসৰ বাবে বিভিন্ন দল-সংগঠনৰ লগতে সৰ্বসাধাৰণেও দাবী জনায় অহা পৰিলক্ষিত হৈছে বিগত সময়ছোৱাত (demands for reduction in petrol, diesel and cooking gas prices)৷