ETV Bharat / state

কেৱল কৰ, কৰ আৰু কৰ...বেঁকা হৈছে ৰাইজৰ কঁকাল - জগদীশ ভূঞা

চৰকাৰে কেৱল কৰ আৰোপ কৰিয়েই ৰাজকোষ টনকিয়াল কৰিব খুজিছে ৷ এইবাৰ ৰাজ্য চৰকাৰক কটাক্ষ কৰি গৰজি উঠিল অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা ৷

pressure of taxe
চৰকাৰৰ ওপৰত ক্ষুভিত জগদীশ ভূঞা
author img

By

Published : Oct 18, 2021, 8:31 PM IST

Updated : Oct 19, 2021, 7:30 AM IST

গুৱাহাটী, 18 অক্টোবৰ : কেৱল কৰ, কৰ আৰু কৰ । মাত্ৰাধিক কৰৰ বোজাই লাহে লাহে কঁকাল বেঁকা কৰি আনিছে সাধাৰণ জনতাৰ । বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত প্ৰতিটো খোজতেই এনেভাৱে সৰ্বসাধাৰণৰ ওপৰত কৰৰ বোজা জাপি দিয়া হৈছে যে, জীৱন হৈ পৰিছে দুৰ্বিষহ ।

পেট্ৰ'লৰ মূল্যই ইতিমধ্যে শতকৰ ঘৰ পাৰ কৰিছে । অথচ প্ৰতি লিটাৰ পেট্ৰ'লৰ আন্তৰ্জাতিক মূল্য ৪০ টকা । বাকী সকলো খিনিয়েই হৈছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আৰোপ কৰা কৰ ।

চৰকাৰৰ ওপৰত ক্ষোভিত জগদীশ ভূঞা

একেদৰে বিগত বৰ্ষত নৱেম্বৰ মাহত প্ৰতিটো LPG চিলিণ্ডাৰৰ মূল্য আছিল ৬৪৩ টকা । কিন্তু অত্যাধিক কৰ আৰোপৰ ফলত আজিৰ তাৰিখত একোটা চিলিণ্ডাৰৰ মূল্য হৈছেগৈ ১,০৫৮ টকা । কেৱল পেট্ৰ'ল বা গেছৰ চিলিণ্ডাৰেই নহয়, প্ৰতিটো খোজতেই এতিয়া কৰৰ বোজা ।

একোখন নতুন গাড়ী ক্ৰয় কৰিলে কৰ দিব লাগে ২৮ শতাংশ । তাৰোপৰি দিব লাগে একেলগে পোন্ধৰ বছৰৰ বাবে পথ কৰ । সম্পত্তি কৰ, পৌৰ কৰ, আমোদ কৰ, স্বচ্ছ ভাৰতৰ উপ কৰ, গাড়ী পাৰ্কিঙৰ নামত কৰ আদি এশ এবুৰি কৰৰ উপৰিও ভূতৰ ওপৰত দানহ পৰা দি আছে জি এছ টি ।

লগতে পঢ়ক : আমাৰ প্ৰাৰ্থীসকল মাটিৰ দালাল নহয় : ভূপেন বৰা

হোটেল-ৰেষ্টুৰেন্টত এসাঁজ খোৱাৰ পৰা আৰম্ভ কৰি ঘৰ সাজিবলৈ ৰড, চিমেন্ট আদি কিনালৈকৈ পৰিশোধ কৰিব লাগে ১৮ শতাংশ পৰ্যন্ত জি এছ টি । শেহতীয়াকৈ ষ্টাম্প পেপাৰৰ মূল্যও প্ৰায় এহেজাৰ গুণ বৃদ্ধি কৰিছে চৰকাৰে ৷ চৰকাৰে কেৱল কৰ আৰোপ কৰিয়েই ৰাজকোষ টনকিয়াল কৰিব খোজা কাৰ্যক তীব্ৰ ধিক্কাৰ দিছে অসম জাতীয় পৰিষদে ।

অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই চৰকাৰৰ এনে কাৰ্যক অতি ভয়ানক আখ্যা দি কয় যে, পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে কেইদিনমানৰ পিছত প্ৰতিজন লোকে কিমান পৰিমাণৰ অক্সিজেন সেৱন কৰিছে, তাৰ ওপৰতো চৰকাৰে কৰ আৰোপ কৰিব ! কৰৰ ওপৰত কৰ জাপি দি এখন ৰাজ্যৰ বিকাশ সাধিব নোৱাৰি বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক : চৰকাৰৰ বিশেষ ভাষা প্ৰীতিয়েই অশনি সংকেত আনিছে নেকি অসমীয়া ভাষালৈ ?

Last Updated : Oct 19, 2021, 7:30 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.