গুৱাহাটী, 17 জুন: সমগ্ৰ ৰাজ্যত 12 টাকৈ Covid-19 পৰীক্ষাগাৰ মুকলি কৰাৰ পিছত বুধবাৰে পুনৰ মুকলি কৰা হৈছে অন্য এক পৰীক্ষাগাৰ ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পৰীক্ষাগাৰটো উদ্বোধন কৰি বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাৰ কথা প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মন্ত্ৰী শৰ্মাই মাইক্ৰ’বায়’লজী বিভাগৰ অন্তৰ্গত পৰীক্ষাগাৰটো উদ্বোধন কৰি পৰৱৰ্তী দহদিনৰ ভিতৰত এমএমচিএইচত অন্য এক পৰীক্ষাগাৰ স্থাপনৰ কথা উল্লেখ কৰে ।
স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি,বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত 40,756 টা কৰ’ণা ভাইৰাছ সংক্ৰান্তীয় পৰীক্ষা সম্পন্ন কৰাৰ তথ্য প্ৰকাশ কৰে ৷ ইয়াৰ লগতে 3ডি প্ৰযুক্তি সম্পন্ন ডিজিটেল মেম'গ্ৰাফী যন্ত্ৰও মুকলি কৰে যাৰ দ্বাৰা মহিলাৰ স্তন কেন্সাৰৰ পৰীক্ষা কৰিব পৰা যাব । উল্লেখ্য যে,মহানগৰীৰ 12টা স্থানত সাধাৰণ ৰাইজৰ বাবে মুকলি কৰা হ’ব কৰ’ণা ভাইৰাছৰ পৰীক্ষা । মহানগৰীৰ প্ৰায় 50,000 লোকৰ স্বাৱ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে ৷ এই ব্যৱস্থা 30 জুন পৰ্যন্ত বাহাল থাকিব ৷ ইফালে কামৰূপ মেট্ৰ’ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ স্বাৱ পৰীক্ষাৰ ফলাফল নিগেটিভ বুলি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে অৱগত কৰে সংবাদমাধ্যমক ।
লগতে চাওকঃ আই আই টি হায়দৰাবাদে কোভিড-১৯ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰিছে AI-powered কিট